ETV Bharat / politics

চামগুৰিত ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটাবলৈ সাজু বিজেপি - ASSAM BY ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 7:20 AM IST

Samaguri assembly constituency: ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে ৷ পাঁচটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনত আটাইতকৈ চৰ্চিত বিধানসভা সমষ্টিটোৱেই হৈছে সুদীর্ঘ সময় কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি বিধানসভা সমষ্টি ৷ এই চামগুৰি বিধানসভা সমষ্টিটো পুনৰ নিজৰ পৰিয়ালৰ দখলত ৰাখিবলৈ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে তৎপৰতা আৰম্ভ কৰিলেও ৰকিবুলক ৰুধিবলৈ সাজু হৈছে শাসকীয় দল বিজেপি ৷ এ আই ইউ ডি এফৰ ভূমিকাও এইক্ষেত্ৰত হ’ব লক্ষণীয় ৷

BY ELECTION IN ASSAM
উপ নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ-বিজেপি (ETV Bharat Assam)

নগাঁও, 15 আগষ্ট: বিগত লোকসভা নিৰ্বাচনৰ পাছতেই দিছপুৰ এৰি দিল্লীলৈ যাত্ৰা কৰা ৰাজ্যৰ পাঁচগৰাকী সাংসদে পদত্যাগ কৰা পাঁচটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন ৷ সমষ্টিকেইটাত উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগো এখোজ-দুখোজকৈ আগবাঢ়িছে ৷ ইয়াৰ মাজতেই সমষ্টিকেইটাত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ ৷

উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ ভিতৰত সম্প্ৰতি আটাইতকৈ চৰ্চিত বিধানসভা সমষ্টিটোৱেই হৈছে প্ৰাক্তন মন্ত্ৰী তথা বিগত পাঁচটাকৈ বিধানসভা নিৰ্বাচনত ৰকিবুল হুছেইনে একেৰাহে জয়লাভ কৰা নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টি ৷

লগতে পঢ়ক: বিজেপিৰ সৈতে যুঁজিবলৈ হ'লে বিৰোধী দল এক হৈ যুঁজিব লাগিব: লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi on by election

পূৰ্বে ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিত একেৰাহে পাঁচটাকৈ নিৰ্বাচনত জয়লাভ কৰি প্ৰতিনিধিত্ব কৰিছিল বৰ্তমান ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে ৷ বিধানসভা সমষ্টিটোৰ পৰা পঞ্চমবাৰলৈ নিৰ্বাচিত হোৱাৰ পাছত বিধায়ক পদৰ পৰা পদত্যাগ কৰি সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এতিয়া সমষ্টিটো পুনৰ নিজৰ পৰিয়ালৰ দখলতেই ৰাখিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা সাংসদ ৰকিবুল হুছেইনে ৷

সমষ্টিটোৰ উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও সমষ্টিটোত ইতিমধ্যেই কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছৰ সমান্তৰালকৈ শাসকীয় দল বিজেপিৰ লগতে বিৰোধী দল এ আই ইউ ডি এফে ৷ সমষ্টিটোৰ উপ-নিৰ্বাচনৰ বাবে কোনো এটা ৰাজনৈতিক দলেই প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও প্ৰায় চূড়ান্তৰ দিশে কংগ্ৰেছ আৰু বিজেপি দলৰ প্ৰাৰ্থী ৷ চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ পৰা ৰকিবুল হুছেনৰ পুত্ৰ তথা এন এছ ইউ আই নেতা তাঞ্জিল হুছেইনেই কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি দলীয় এক সূত্ৰে জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ৰাজ্যৰ ৫ আসনতে উপ-নিৰ্বাচনত যুঁজিব তৃণমূল কংগ্ৰেছে - Assam By Elections 2024

চামগুৰি সমষ্টিৰ ভোটাৰৰ সংখ্যা:

চৰকাৰী তথ্য অনুসৰি, উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,80,448 গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 91,304 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 89,133 গৰাকী হোৱাৰ সমান্তৰালকৈ চামগুৰি বিধানসভা সমষ্টিত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 11 গৰাকী ৷ মুঠ 1,80,448 গৰাকী ভোটাৰ থকা চামগুৰি বিধানসভা সমষ্টিটোৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ ইতিমধ্যেই ৰণকৌশল প্ৰস্তুত কৰিছে ৰাজনৈতিক দলসমূহে ৷

ৰকিবুল পুত্ৰৰ বিৰুদ্ধে কি ৰণকৌশল বিজেপিৰ ?

চামগুৰি বিধানসভা সমষ্টিৰ ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটাবলৈ কঁকালত টঙালি বান্ধিছে শাসকীয় দল বিজেপিয়ে ৷ এটা দীঘলীয়া সময় কংগ্ৰেছৰ দখলত থকা সমষ্টিটো নিজৰ দখললৈ অনাৰ বাবে শাসকীয় দলে বীৰৰ দৰে যুঁজ দিব বুলি ইতিমধ্যেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছৰ পৰাই অধিক শক্তিশালী ৰূপত আগবাঢ়িছে বিজেপি দলে ৷

ৰকিবুল পুত্ৰ তাঞ্জিল হুছেইনক ৰুধিবলৈ ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপি দলে ৷ সমষ্টিটোৰ পৰা বিজেপি নেতা দিপ্লুৰঞ্জন শৰ্মাক প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও দলীয় এক সূত্ৰে জানিব পৰা গৈছে ৷ বিগত লোকসভা নিৰ্বাচনতো কাজিৰঙা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল দিপ্লুৰঞ্জন শৰ্মাই ৷ এইবাৰ চামগুৰি বিধানসভা সমষ্টিৰ পৰা উপ নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে দিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰি সমষ্টিটো কংগ্ৰেছৰ পৰা নিজৰ দখললৈ অনাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ বিজেপি নেতা দিপ্লুৰঞ্জন শৰ্মাই ইতিমধ্যেই সমষ্টিটোৰ চুকে-কোণে আৰম্ভ কৰিছে সভা-সমিতি ৷ সমষ্টিটোৰ ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টাও অব্যাহত ৰাখিছে বিজেপি নেতা দিপ্লুৰঞ্জন শৰ্মাই ৷

কি হ'ব এ আই ইউ ডি এফৰ ভূমিকা ?

ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনৰ হাতত শোচনীয়ভাৱে পৰাজয়বৰণ কৰা এ আই ইউ ডি এফ নেতা বদৰুদ্দিন আজমলেও পোতক তুলিবলৈ চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে বুলিও দলীয় সূত্ৰে জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে বাতৰি সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ৷

মুঠৰ ওপৰত এইবাৰ চামগুৰি সমষ্টি দখল কৰিবলৈ যেন সৰ্বশক্তি প্ৰয়োগ কৰিবলৈ সাজু হৈছে বিজেপি দল ৷ এতিয়া সমষ্টিটোৰ ভোটাৰ ৰাইজে কাক সমৰ্থন কৰে, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: আগন্তুক নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি সাজু হৈছে প্ৰদেশ কংগ্ৰেছ : চৰাইদেউৰ সাধাৰণ সভাত হ'ব সিদ্ধান্ত - Assam Congress

অগপৰ উপ-নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা: বুথ সন্মিলনৰ লগতে দলীয় কৰ্মশালাৰ আয়োজন - AGP on By election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.