ETV Bharat / politics

জম্মু আৰু কাশ্মীৰ-হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা - Assembly elections 2024

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 7:23 PM IST

ECI on Assembly elections : নিৰ্বাচন আয়োগে ঘোষণা কৰিলে জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ৷ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷

ECI on Assembly elections
নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুৰ সৈতে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ ফাইল ফটো (ETV Bharat)

নিউজ ডেস্ক, ১৬ আগষ্ট : ভাৰতৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে ঘোষণা কৰে জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ৷ এক সংবাদমেল সম্বোধন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷

নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ১ অক্টোবৰত অনুষ্ঠিত হ’ব । ভোটগণনা ৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৷ সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে হাৰিয়ানাত ১ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ভোটগণনা হ’ব ৪ অক্টোবৰত ৷

‘‘আমি জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ পৰিস্থিতিৰ বুজ লৈছিলো । তেওঁলোক সকলোৱে যিমান সম্ভৱ সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰাটো বিচাৰিছিল ৷’’- মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এইদৰে কয় । জম্মু-কাশ্মীৰত ২০২৪ চনৰ লোকসভা নিৰ্বাচন কথা উল্লেখ কৰি ৰাজীৱ কুমাৰে কয়,

‘‘ ২০২৪ৰ লোকসভা নিৰ্বাচনত জম্মু-কাশ্মীৰৰ সকলোৱে অংশগ্ৰহণ কৰিব বিচাৰিছিল আৰু এটা কথা প্ৰমাণ কৰিছিল যে বুলেটৰ বিৰুদ্ধে বেলটৰ জয় হৈছিল ৷ কাশ্মীৰে হিংসাক প্ৰত্যাখ্যান কৰিছিল । তাত অধিক ভোটদান হ’ব আৰু আমি এইটোও আশা কৰো যে এইবাৰ অধিক মহিলা ভোটাৰ থাকিব ৷ নিৰ্বাচনী প্ৰচাৰ অভিযানো কোনো ভয় নোহোৱাকৈ হ’ব লাগে ৷’’

তেওঁ কয়, ‘‘ আমি আমাৰ নিৰ্বাচনৰ দূত হিচাপে যুৱসকলৰ ওপৰত গুৰুত্ব দিব বিচাৰো । ১৯ আগষ্টত অমৰনাথ যাত্ৰা সমাপ্ত হ’ব আৰু ২০ আগষ্টত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব ৷’’ তেওঁ লগতে কয়, ‘‘জম্মু-কাশ্মীৰত ৯০ খন আসন আছে, যাৰ ভিতৰত ৭৪ খন সাধাৰণ শ্ৰেণীৰ বাবে সংৰক্ষিত আৰু ৭ আৰু ৯ খন ক্ৰমান্বয়ে অনুসূচীত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত । জম্মু-কাশ্মীৰত ১১, ৮৩৮ টা ভোটকেন্দ্ৰ থাকিব ।’’

মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে এইটোও কয় যে হাৰিয়ানাত ৯০ খন বিধানসভা আসন আছে আৰু ২৭ আগষ্টত ভোটাৰ তালিকা চূড়ান্ত কৰা হ’ব । তেওঁ লগতে কয়, ‘‘হাৰিয়ানাত ২০,৬২৯ টা ভোটকেন্দ্ৰ আছে ৷ ইয়াৰে চহৰাঞ্চলত ৭১৩২ টা ভোটকেন্দ্ৰ আৰু গ্ৰাম্যাঞ্চলত ১৩,৪৯৭ টা ভোটকেন্দ্ৰ আছে ।’’

ৰাজীৱ কুমাৰে জনাই যে সকলো ভোটকেন্দ্ৰত চিচি টিভিৰ ব্যৱস্থা কৰা হ’ব ৷ শুকুৰবাৰৰ সংবাদমেলখনত নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুও উপস্থিত থাকে ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন : ৰাজনৈতিক দলসমূহৰ সৈতে নিৰ্বাচন আয়োগৰ বৈঠক

পাঁচটা সমষ্টিৰ উপ নিৰ্বাচন : সাজু হৈছে নিৰ্বাচন আয়োগ, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.