ETV Bharat / politics

গুৱাহাটী লোকসভা সমষ্টি : বিধানসভা সমষ্টি ভিত্তিত কোনে লাভ কৰিলে কিমান ভোট ? - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 9:54 PM IST

Guwahati Lok Sabha Constituency: গুৱাহাটী লোকসভা সমষ্টিত অৱশেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল বিজেপিৰ বিজুলী কলিতা মেধিয়ে । গুৱাহাটী লোকসভা সমষ্টিৰ অধীনত দহটা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে কিমান ভোট লাভ কৰিলে এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Guwahati Lok Sabha Constituency
গুৱাহাটী লোকসভা সমষ্টি (ETV BHARAT ASSAM)

গুৱাহাটী, ৯ জুনঃ অসমৰ ১৪ খন লোকসভা আসনৰ ভিতৰত ১১ খনতে বিজেপি মিত্রজোঁটে বিজয়ী হোৱাৰ বিপৰীতে বহুতো বিধানসভা সমষ্টিত কংগ্ৰেছ দলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় । আনহাতে, বিজেপি দলে নিজাকৈ ৯ খন আসন লাভ কৰে যদিও ভোটাৰৰ সংখ্যাৰ ফালৰ পৰা কংগ্ৰেছতকৈ সামান্য হ'লেও কম ভোট লাভ কৰে । বিজেপিয়ে লাভ কৰা ভোটৰ হাৰ ৩৭.৪৩ শতাংশৰ বিপৰীতে কংগ্ৰেছৰ এই হাৰ ৩৭.৪৮ শতাংশ । কেইবাটাও সমষ্টিত শাসকীয় দলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মূখীন হয় ।

গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধিয়ে নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীক আঢ়ৈ লাখৰো অধিক ভোটৰ ব্যৱধানত পৰাভূত কৰে যদিও কেইবাটাও বিধানসভা সমষ্টিত আশা কৰা ধৰণে ভোট লাভ কৰিবলৈ সক্ষম নহ'ল । মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ দৰে চাৰি-পাঁচ লাখ ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'বলৈ সক্ষম নহ'ল । উল্লেখ্য় যে গুৱাহাটী লোকসভা সমষ্টিৰ অধীনত দহটা বিধানসভা সমষ্টি আছে । এই প্ৰতিবেদনত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটাত কোনে কিমান ভোট পালে তাৰ এক আভাস দাঙি ধৰা হ'ল।

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফল

গুৱাহাটী লোকসভা সমষ্টিৰ পৰা মুঠ আঠগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাৱদ্ধ থাকে । বিজেপিৰ বিজুলী কলিতা মেধিয়ে লাভ কৰে ৮,৯৪,৮৮৭টা ভোট । ইয়াৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে ৬,৪৩,৭৯৭টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে । বিজুলী কলিতা মেধি ২,৫১,০৯০টা ভোটৰ ব্যৱধানত জয়ী হয় আৰু তেওঁ লাভ কৰা ভোটৰ হাৰ ৫৭ শতাংশ । আনহাতে, এই সমষ্টিটোত ন'টাত পৰে ২০২৪৯ টা ভোট । গুৱাহাটী সমষ্টিৰ পৰা অৱতীৰ্ণ হোৱা আন ছয়গৰাকী প্ৰাৰ্থীয়ে ন'টাতকৈ বহু কম ভোট লাভ কৰে ।

আন ছয়গৰাকী প্ৰাৰ্থীৰ ভোটৰ সংখ্যা

১) দীপক কুমাৰ বড়ো: ৮,৫৪৮ টা ভোট
২) গকুল চন্দ্ৰ সিংহ: ৭,৬৭৮ টা ভোট
৩) অমিতাভ শৰ্মা: ৭,৫২৭ টা ভোট
৪) কাজি নেকিব আহমেদ: ৬,৭৬১ টা ভোট
৫) সামাদ চৌধুৰী: ৫,০৯৫ টা ভোট
৬) চেজন গয়াৰী: ৪,৮৪৭ টা ভোট

গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ ভোটৰ সংখ্যা

গোৱালপাৰা বিধানসভা পশ্চিম

গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৮৭.০৪ শতাংশ । সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১,৫৯,০৪৭ গৰাকী আৰু ভোটদান কৰে ১,৩৮,৪৪২ গৰাকী ভোটাৰে । ইয়াৰ ভিতৰত বিজেপিৰ বিজুলী কলিতা মেধিয়ে লাভ কৰে ৮০৮২৫ টা ভোট আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৫২০৫৩ টা ভোট । ভোটৰ ব্যৱধান ২৮৭৭২ টা । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৫৯ শতাংশ ভোট লাভ কৰে ।

দুধনৈ বিধানসভা সমষ্টি

দুধনৈ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৮৫.৯৯ শতাংশ । মুঠ ভোটাৰৰ সংখ্যা ১৭৫৯৪৭ গৰাকী আৰু ইয়াৰে ১৫১২৯৪ গৰাকী ভোটাৰে ভোটদান কৰে । ইয়াৰ ভিতৰত বিজেপিৰ বিজুলী কলিতা মেধিয়ে ৯০৫০২ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৫২০০৮ টা ভোট । ভোটৰ ব্যৱধান ৩৮৪৯৪ টা ভোট । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ হাৰ ৬১ শতাংশ ।

ছমৰীয়া বিধানসভা সমষ্টি

এই বিধানসভা সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে অত্যন্ত কম ভোট লাভ কৰে । কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে ছমৰীয়াত ১,৮১,৯৪৩ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ বিজুলী কলিতা মেধিয়ে লাভ কৰে ২১,৬৭৪ টা ভোট । ভোটৰ ব্যৱধান ১,৬০ ২৬৯ ট‍ । অৰ্থাৎ মীৰা বৰঠাকুৰ আৰু বিজুলী কলিতা মেধিৰ ছমৰীয়া সমষ্টিত ভোটৰ ব্যৱধান ১৬০২৬৯ টা । সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে মাত্র ১০ শতাংশ ভোট লাভ কৰে । ছমৰীয়াত ভোটদানৰ হাৰ ৮৯.৮৯ শতাংশ । মুঠ ২৩৪২১৮ গৰাকী ভোটাৰৰ ভিতৰত ২১০৫৩৮ গৰাকী ভোটাৰে ভোটদান কৰে ।

বকো-ছয়গাঁও বিধানসভা সমষ্টি

বিধানসভা সমষ্টিটোত ভোটদানৰ হাৰ ৮০.৭০ শতাংশ । সমষ্টিটোত বিজুলী কলিতা মেধিয়ে ৯৬৯৩৭ টা ভোট লাভ কৰাৰ বিপৰীতে মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৫৩৫৮৩ টা ভোট । ভোটৰ ব্যৱধান ৪৩৩৫৪ টা । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ হাৰ ৬২ শতাংশ । সমষ্টিটোৰ মুঠ ১৯৬২৯২ গৰাকী ভোটাৰৰ ভিতৰত ১,৫৮,৪০৫ গৰাকীয়ে ভোটদান কৰে ।

পলাশবাৰী বিধানসভা সমষ্টি

সমষ্টিটোত ভোটদানৰ হাৰ হৈছে ৮০.০৯ শতাংশ । আনহাতে, সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধিয়ে ১,০৩,৯৩৩ টা ভোট লাভৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৫৯,৯৯৮ টা ভোট । ভোটৰ ব্যৱধান ৪৩,৯৯৮ টা । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ হাৰ ৬১ শতাংশ । পলাশবাৰী সমষ্টিৰ ২১৫৬৫৪ গৰাকী ভোটাৰৰ ভিতৰত ভোটদান কৰে ১৭২৭১০ গৰাকীয়ে ।

দিছপুৰ বিধানসভা সমষ্টি

দিছপুৰ সমষ্টিত ভোটদানৰ হাৰ ৬৯.৭৯ শতাংশ । সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধিয়ে ১,০৩,৯৩৩ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৬৯৬৩১ টা ভোট । ভোটৰ ব্যৱধান ৩৪৩০২ টা । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ হাৰ ৬৩ শতাংশ । সমষ্টিটোৰ ২,৪২,০৩১ গৰাকী ভোটাৰৰ বিপৰীতে ভোটদান কৰে ১,৬৮,৯১০ গৰাকীয়ে ।

ডিমৰীয়া বিধানসভা সমষ্টি

ডিমৰীয়াত ভোটদানৰ হাৰ ৭৬.৯৪ শতাংশ । সমষ্টিটোত বিজুলী কলিতা মেধিয়ে ১,০৮,৯৮৩ টা ভোট লাভ কৰে । আনহাতে, কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৫২৪৯৬ টা ভোট । ভোটৰ ব্যৱধান ৫৬৪৮৭ টা । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ হাৰ ৬৬ শতাংশ । সমষ্টিটোৰ ২,১৮,২৪১ গৰাকী ভোটাৰৰ ১,৬৭,৯১৯ গৰাকীয়ে ভোটদান কৰে ।

নিউ গুৱাহাটী বিধানসভা সমষ্টি

নিউ গুৱাহাটী সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধিয়ে ৭৮,৩৮৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৪৯,৬২৯ টা ভোট । ভোটৰ ব্যৱধান ২৮,৭৫৮ টা । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোত ৬০ শতাংশ ভোট লাভ কৰে । আনহাতে, সমষ্টিটোত ভোটদানৰ হাৰ হৈছে ৬৭.৯৩ শতাংশ । নিউ গুৱাহাটী সমষ্টিৰ ১,৯৪,৬৮৩ গৰাকী ভোটাৰৰ ভিতৰত ১,৩২,২৪৩ গৰাকীয়ে ভোটদান সাব্যস্ত কৰে ।

গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি

নতুনকৈ নামকৰণ কৰা এই সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধিয়ে ১,০২,৫৭৮ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৩৩,৬১১ টা ভোট । ভোটৰ ব্যৱধান হৈছে ৬৮,৯৬৭ টা । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ হাৰ ৭৪ শতাংশ । আনহাতে, সমষ্টিটোত ভোটদানৰ হাৰ ৭১.২৪ শতাংশ । সমষ্টিটোৰ মুঠ ১,৯৬,৫৯২ গৰাকী ভোটাৰৰ ভিতৰত ১,৪০,০৪৮ গৰাকীয়ে ভোটদান কৰে ।

জালুকবাৰী বিধানসভা সমষ্টি

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ এই সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধিয়ে ১,০৩,৭৩৫ টা ভোট লাভ কৰাৰ বিপৰীতে মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৪৭,৪০১ টা ভোট । ভোটৰ ব্যৱধান ৫,৬,৩৩৪ টা । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ হাৰ ৬৭ শতাংশ । এই সমষ্টিটোত ভোটদানৰ হাৰ হৈছে ৭৬.৫০ শতাংশ । আনহাতে, সমষ্টিটোৰ মুঠ ২,০৪,১৩৭ গৰাকী ভোটাৰৰ ভিতৰত ১,৫৬,১৫৫ গৰাকীয়ে ভোটদান সাব্যস্ত কৰে ।

উল্লেখ্য যে গুৱাহাটী লোকসভা সমষ্টিত ৪,৫৮০ টা পোষ্টেল বেলেটৰ ভিতৰত ২,৯৮৬ টা বিজেপিৰ বিজুলী কলিতা মেধিয়ে লাভ কৰে । পোষ্টেল বেলেটত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ হাৰ ৬৫ শতাংশ ।

লগতে পঢ়ক:নগাঁৱৰ কোন বিধায়কৰ সমষ্টিত কিমান ভোট পালে কোন প্ৰাৰ্থীয়ে ? - Lok Sabha Election Results 2024

মোদীৰ মন্ত্রীসভাত থাকিব সৰ্বানন্দ সোণোৱাল; চৰ্চাত আছে আন কেইবাজনো - Lok Sabha election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.