ETV Bharat / politics

গো-মাংস নিষিদ্ধৰ মূলতে ৰকিবুল হুছেইন: দোষ ঠেলি দায়মুক্ত হোৱাৰ প্ৰয়াস নেকি ভৱেশ কলিতাৰ ? - BHABESH KALITA ON BEEF BAN

গো-মাংসক লৈ কেবিনেটত লোৱা সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ ভৱেশ কলিতাৰ । গো-মাংস নিষিদ্ধৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ।

Bhabesh Kalita on Beef ban
গো-মাংস নিষিদ্ধকৰণ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 5, 2024, 7:09 PM IST

গুৱাহাটী: বুধবাৰে গো-মাংসক লৈ অসম চৰকাৰৰ কেবিনেটত লোৱা সিদ্ধান্তৰ পিচতেই ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ । কোনোবাই যদি এই সিদ্ধান্তক আদৰণি জনাইছে, তাৰ বিপৰীতে কোনোৱে কৰিছে বিৰোধিতা ।

ইয়াৰ মাজতে কেবিনেটৰ এই সিদ্ধান্তক সমৰ্থন কৰি বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই । কেবিনেটত এই গো-মাংস নিষিদ্ধকৰণৰ সিদ্ধান্তক আদৰণি জনাই ভবেশ কলিতাই কয়, "গো-মাংস নিষিদ্ধৰ মূলতে ৰকিবুল হুছেইন । ইয়াৰ বাবে জগৰীয়া ৰকিবুল হুছেইন । উপ-নিৰ্বাচনত গো-মাংস সন্দৰ্ভত কৰিবুল হুছেইনে স্পৰ্শকাতৰ কথা প্ৰকাশ কৰিছিল । চামগুৰিবাসীয়ে দুখ পাইছিল ৰকিবুল হুছেইনৰ মন্তব্যত । মুঠতে যত দোষ নন্দ ঘোষ । এই সকলোবোৰ কথা চিন্তা-চৰ্চা কৰি গো-মাংস খোৱাটো বাৰণ কৰিছে চৰকাৰে ।"

গো-মাংস নিষিদ্ধকৰণ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

আনহাতে, বিৰোধীয়ে গাহৰি মাংসও নিষিদ্ধ কৰাৰ দাবী সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ভবেশ কলিতাই কয়, "গাহৰি মাতা নহয়, গো-মাতাক পূজা কৰা হয় । গো মাতাৰ ইতিহাস আছে, গাহৰিৰ ইতিহাস নাই । বিজেপিৰ বিৰুদ্ধে কৰা অপপ্ৰচাৰ কালিৰ সিদ্ধান্তৰ পিছত সমাপ্ত হ'ল । গো-মাংস বন্ধ কেৱল টেবুলতে থাকিলে নহ'ব, কাৰ্যকৰী হ'ব লাগে । ভৱিষ্যতে নিৰ্বাচনত কোনো দলে গো-মাংস দি ভোট ল'ব নোৱাৰিব । কালিৰ পৰা এইটো ইছ্যু শেষ ।"

মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত মন্তব্য

ইফালে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ কয়, "মোক দলে যি দায়িত্ব দিয়ে পালন কৰিম । বিজেপিত কোনো বস্তু খুজি লোৱা নহয় । যিসকলে মন্ত্ৰীসভাত স্থান পাব তেওঁলোকলৈ শুভেচ্ছা ।" লগতে শুকুৰবাৰে গধুলি মন্ত্ৰীসভাৰ তালিকা ওলাব বুলি মন্তব্য প্ৰকাশ কৰে ভৱেশ কলিতাই ।

ধৰ্মান্তৰকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ভৱেশ কলিতাৰ

ইয়াৰ উপৰি ধৰ্মান্তৰকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভৱেশ কলিতাই কয়, "মিছনেৰীসকলৰ পৰা সকলো সজাগ হোৱা উচিত । সহায় কৰাৰ বিনিময়ত ধৰ্মান্তৰকৰণ মানি ল'ব নোৱাৰি । আধুনিক শিক্ষাৰ নামত ধৰ্মৰ শিক্ষা দিয়া হয় মিছনেৰী স্কুলত । ধৰ্মৰ শিক্ষা দিয়াৰ বাবেই মাদ্ৰাছা বন্ধ কৰা হ'ল ।"

লগতে পঢ়ক :ওম্ফা পূজাতো গো-মাংস নিষিদ্ধ হ'ব নেকি ? প্ৰশ্ন আব্দুল খালেকৰ
লগতে পঢ়ক :গো-মাংস বিতৰ্ক: কংগ্ৰেছৰ লগতে বিৰোধী দলক সনাতনী সংস্কৃতিৰ পাঠদান মন্ত্ৰী জয়ন্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.