কোন ৰাজনৈতিক নেতাই ক’ত কৰিলে ভোটাধিকাৰ সাব্যস্ত ? - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
সাধাৰণ ৰাইজৰ লগত শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজ্যৰ চিনাকি ৰাজনীতিকসকলে ৷ কোন নেতাই ক’ত কৰিলে ভোটাধিকাৰ সাব্যস্ত ?


Published : Apr 19, 2024, 7:31 PM IST
আমগুৰি: নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰয়াত অঞ্জন দত্তৰ পৰিয়ালে কৰিলে ভোটদান ৷ অংকিতা দত্ত, ভগ্নী অৰ্পিতা দত্ত আৰু অঞ্জন দত্তৰ পত্নীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে আমগুৰিত ৷ দুই মেৰুত অঞ্জন দত্তৰ দুই দুহিতা ৷ একেলগে ভোটদান কৰিবলৈ অহা অংকিতা আৰু অৰ্পিতাৰ বিপৰীত ভাষ্য ৷ অংকিতাই বি জে পিক সমৰ্থনৰ কথা কোৱাৰ বিপৰীতে অৰ্পিতাৰ মুকলি সমৰ্থন কংগ্ৰেছক । দেউতাকৰ সন্দৰ্ভত সোধা প্ৰশ্নত চকুলো নিগৰিল অংকিতা দত্তৰ ৷
যোৰহাট: পত্নী মঞ্চুৰীয়া বৰদলৈ কুৰ্মীক লগত লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিলে কঠালগুৰি চাহ বাগিচাত ৷ কঠালগুৰি ষ্টাফ ক্লাবৰ ১৫৫ নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি বিধায়কগৰাকীয়ে ক’লে যে মৰিয়নী সমষ্টিত তপন কুমাৰ গগৈ ৪২ হাজাৰোধিক ভোটত আগবাঢ়িব ৷ তৃতীয়বাৰৰ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলিও ক’লে বিধায়কগৰাকীয়ে ৷
হোজাই: হোজাইৰ বৰদংকি চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ৬৬ নং ভোটকেন্দ্ৰত ভোট প্ৰদান কৰিলে বদৰুদ্দিন আজমল আৰু চিৰাজ উদ্দিন আজমলে । দুই ভাতৃয়ে একেলগে ভোটদান কৰা পৰিলক্ষিত হ’ল । ভোটাধিকাৰ সাব্যস্ত কৰিলে বদৰুদ্দিন আজমলে ক’লে, ‘‘চন্দ্ৰলৈ যোৱাটো জৰুৰী নহয়, সূৰ্যক তললৈ নমাই অনাটোও জৰুৰী নহয় ৷ দেশত শান্তি ৰক্ষা কৰা, দামবৃদ্ধি নিয়ন্ত্ৰণ কৰা, যুৱক-যুতীক সংস্থাপন দিয়া আদিহে জৰুৰী ৷’’
গোলাঘাট: গোলাঘাটৰ বৰুৱা গাঁওস্থিত ভোটকেন্দ্ৰত ভোটদান কৰিলে বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগে । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ভোটদান সাব্যস্ত কৰে খুমটাই সমষ্টিৰ অন্তৰ্গত মেলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত ৷ আনহাতে বোকাখাত সমষ্টিৰ অন্তৰ্গত ম'হমাইকী গাঁও পঞ্চায়তৰ জ্যোতি বিদ্যাপীঠত ভোটদান কৰিলে অগপ সভাপতি, মন্ত্ৰী তথা বিধায়ক অতুল বৰাই । পুৱাৰে পৰা ভোটাৰ ৰাইজৰ মাজত যি উথপথপ পৰিস্থিতি সেয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ বুলি বক্তব্য আগবঢ়ায় মন্ত্ৰী অতুল বৰাই ।
লখিমপুৰ: লখিমপুৰ নগৰৰ ৰহঢলা কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাণী নৰহে । ৰাজনীতিত মহিলাসকল যেনেদৰে আগবাঢ়ি যাব লাগে তেনেদৰে আগবাঢ়িব পৰা নাই বুলি মন্তব্য ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহৰ । কংগ্ৰছ দল কেৱল অসমতে নহয়, প্ৰতিখন ৰাজ্যত অধিক শক্তিশালী হ’ব লাগিব মন্তব্য ৰাণী নৰহৰ । তেওঁ টিকটৰ পৰা বঞ্চিত হোৱাৰ প্ৰসংগত ন' কমেন্ট মন্তব্যৰে কৌশলগত উত্তৰ দিয়ে।
লগতে পঢ়ক: চেৰেকাপাৰ প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে মানস ৰবীনে