ETV Bharat / politics

এক লাখ EVM যোগাৰ কৰাটো সহজসাধ্য নহয়; বেলটতে হ’ব পঞ্চায়ত নিৰ্বাচন - ASSAM PANCHAYAT ELECTION

EVM ৰ অভাৱৰ বাবে বেলটতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ অসম ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্তৰ মতে পঞ্চায়ত নিৰ্বাচনৰ বাবে এক লাখ EVM ৰ প্ৰয়োজন ৷

ASSAM PANCHAYAT ELECTION
বেলটতে হ’ব পঞ্চায়ত নিৰ্বাচন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 7:15 AM IST

গুৱাহাটী: উপ-নিবাচনৰ পাছত এতিয়া ৰাজ্যত কুচ-কাৱাজ আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে । ইতিমধ্যে অসম ৰাজ্যিক নির্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছে । লক্ষণীয় যে এইবাৰ অসমত পঞ্চায়ত নিৰ্বাচন EVM ত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছিল ।‌ কিন্তু অৱশেষত অসম ৰাজ্যিক নির্বাচন আয়োগে এই পৰিকল্পনা ত্যাগ কৰিছে । কাৰণ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নাপায় পৰ্যাপ্ত EVM ।

এই সন্দৰ্ভত ইটিভি ভাৰতৰ পৰা সোধা প্ৰশ্নৰ উত্তৰত অসম ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত আলোক কুমাৰে কয়, ‘‘আৰম্ভণিতে পঞ্চায়ত নিৰ্বাচনত EVM ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল । কাৰণ পঞ্চায়ত আইন সংশোধনৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচনত EVM ব্যৱহাৰত অনুমতি দিয়া হৈছিল ৷ নির্বাচন আয়োগেও এই লৈ তৎপৰতা আৰম্ভ কৰিছিল । ভাৰতৰ নিৰ্বাচন আয়োগৰ পৰা পঞ্চায়ত নিৰ্বাচনত প্রয়োজনীয় সংখ্যক EVM পোৱাটো সম্ভৱ নহয় । আনহাতে, ৰাজ্যিক আয়োগে নিজাকৈ EVM ক্ৰয় কৰাটোও যথেষ্ট ব্যয় বহুল ।’’

আলোক কুমাৰে আৰু কয়, ‘‘পঞ্চায়ত নিৰ্বাচন তিনি তৰপীয়া হ'ব । তিনি তৰপীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে লোকসভা বা বিধানসভা নিৰ্বাচনত প্ৰয়োজন হোৱা EVM তকৈ কমেও তিনিগুণ অধিক EVM ৰ প্ৰয়োজন হ'ব । অধিক প্ৰাৰ্থীৰ ক্ষেত্ৰত এটা ৱাৰ্ডত একাধিক EVM ৰ প্ৰয়োজন হ'ব ।’’

‘‘এই ক্ষেত্ৰত এক হিচাপ কৰি দেখা গৈছে যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অতি কমেও এক লাখটা EVM ৰ প্ৰয়োজন হ'ব । সেয়েহে এইবাৰ পঞ্চায়ত নিৰ্বাচন বেলটতে অনুষ্ঠিত কৰা হ'ব । এই সন্দৰ্ভত অসম ৰাজ্যিক নির্বাচন আয়োগে প্ৰস্তুতি আৰম্ভ কৰিছে ।’’

ইপিনে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৱাহাটীত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘৩০ ডিচেম্বৰৰ আগতেই ভোটাৰ তালিকা প্ৰকাশ পাব । জানুৱাৰীৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব । ১০ ফেব্ৰুৱাৰীৰ আগতেই নিৰ্বাচনৰ ফলাফল আৰু নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব ।’’

উল্লেখ্য যে আয়োগৰ তথ্য মতে, পঞ্চায়তৰ নতুনকৈ নিৰ্ধাৰণ কৰা সীমা অনুসৰি গাঁও পঞ্চায়ত ২১৯৩ খনলৈ, আঞ্চলিক পঞ্চায়ত ১৮১ খনলৈ আৰু জিলা পৰিষদৰ সদস্য সংখ্যা ৩৯৭ লৈ হ্ৰাস পাইছে ।

লগতে পঢ়ক: জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.