ETV Bharat / politics

লোকসভা নিৰ্বাচন আৰু কংগ্ৰেছৰ পাঁচটা গেৰান্টি - 5 guarantees of Congress

Lok Sabha Election 2024: ৰাহুল গান্ধীয়ে দিছে পাঁচটা গেৰাণ্টি । ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ পিচতে পূৰণ কৰা হ'ব খালী হৈ থকা ৩০ লাখ চৰকাৰী চাকৰি । ৰোধ কৰিব প্ৰশ্নকাকত ফাদিল কাণ্ড । প্ৰতিখন জিলাকে পাঁচ বছৰৰ বাবে দিব ৫ হাজাৰ কোটি টকাৰ পুঁজি আবণ্টন ।

5 guarantees of Congress
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 8:16 PM IST

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল

গুৱাহাটী, ৮ মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে আগবঢ়ালে পাঁচটা গেৰাণ্টি । ২০২৪ত ক্ষমতালৈ আহিলেই এই ৫ টা গেৰেণ্টী পূৰণ কৰিব কংগ্ৰেছে । কি এই পাঁচটা গেৰাণ্টি ?

  • " class="align-text-top noRightClick twitterSection" data="">

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে কংগ্ৰেছৰ এই পাঁচটা গেৰাণ্টিৰ কথা । কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰ কথা সদৰী কৰাৰ পূৰ্বে বিৰোধী দলপতি দেৱব্ৰত গোস্বামীয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে বিজেপি শাসনলৈ অহাৰ পিচত বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি কেৱল মাত্ৰ ‘নিৰ্বাচনী জুমলা’ৰূপে প্ৰতিপন্ন হৈ আহিছে ।

বাংলাদেশী বহিস্কাৰ, অসম চুক্তি ৰূপায়ণ, এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদি বিভিন্ন প্ৰতিশ্ৰুতি বিজেপিয়ে দিছিল যদিও কাৰ্যতঃ বাস্তৱায়িত নহ'ল । পুনৰ প্ৰধানমন্ত্ৰী আহিছে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাবলৈ ।

কংগ্ৰেছে প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি আহিছে বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে । ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে বৃহস্পতিবাৰে ৰাজস্থানৰ বনস্বৰাত এক ৰাজহুৱা সভাত ৫ টাকৈ গেৰাণ্টি প্ৰদান কৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ।

এই ৫ গেৰাণ্টী হৈছে: ভাৰতী ভৰোছা, পেহলি নৌকৰি পক্কি, ন’ ম’ৰ পেপাৰ লিকছ, ছ’চিয়েল ছিকিউৰিটি ফ’ৰ গিগ ৱৰ্কাৰ্ছ আৰু য়ুৱা ৰৌচনি । তেওঁ কয় যে ভাৰতী ভৰোছা গেৰাণ্টী অনুযায়ী ২০২৪ চনত ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ পিচতে ৩০ লাখ চাকৰি প্ৰদান কৰা হ’ব ।

ৰাহুল গান্ধীৰ বক্তব্যৰ প্ৰসংগৰে তেওঁ কয় যে মোদী চৰকাৰৰ দিনত সংস্থাপনহীনতাত দুৰ্ভোগ ভুগিবলগীয়া হৈছে দেশৰ যুৱক-যুৱতীসকলে । ভাৰতত ৩০ লাখ চৰকাৰী পদ খালী আছে যদিও প্ৰধানমন্ত্ৰী মোদীয়ে সেয়া পূৰণ কৰিবলৈ আগ্ৰহী নহয় । কংগ্ৰেছ চৰকাৰলৈ অহাৰ পিচত প্ৰথমে এই ৩০ লাখ চৰকাৰী পদত নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব ।

কংগ্ৰেছে চৰকাৰ গঠন কৰিলে নিযুক্তিৰ নিশ্চয়তাৰ লগতে প্ৰথম চাকৰি নিশ্চিত কৰাৰ কাম কৰা হ’ব । প্ৰথম চাকৰি নিশ্চিত কৰাৰ বাবে নতুন প্ৰশিক্ষণ অধিকাৰ আইন অনুসৰি প্ৰতিজন ডিপ্লমাধাৰী বা কলেজৰ স্নাতকক ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ কোম্পানীত এবছৰৰ প্ৰশিক্ষণ দিয়া হ'ব । উক্ত সময়ছোৱাত প্ৰশিক্ষাৰ্থীসকলে ১ লাখ টকাকৈ (মাহে ৮৫০০ টকা) লাভ কৰিব । সেইদৰে 'ইণ্ডিয়া' মিত্ৰজোঁটৰ চৰকাৰে প্ৰশ্নকাকত ফাদিল ৰোধ কৰিব বুলি তেওঁ কয় ।

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডই দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিছে । আনহাতে গিগ অর্থনীতিত সামাজিক সুৰক্ষা নিশ্চিত কৰি কংগ্ৰেছে প্ৰতি বছৰে গিগ অৰ্থনীতিত কর্মসংস্থাপন বিচৰা লাখ লাখ যুৱকৰ বাবে উন্নত কৰ্ম পৰিস্থিতি আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰিবলৈ আইন অনাৰ গেৰাণ্টী প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে ।

পঞ্চমটো গেৰাণ্টী অনুযায়ী কংগ্ৰেছ শাসনলৈ আহিলে দেশৰ সকলো জিলাকে পাঁচ বছৰৰ বাবে আৱণ্টন দিয়াৰ সুবিধাৰে নতুন চৰকাৰে ৫ হাজাৰ কোটি টকাৰ পুঁজি আবণ্টন কৰিব । ইয়াৰ জৰিয়তে ৪০ বছৰৰ তলৰ যুৱক-যুৱতীসকলে যিকোনো ক্ষেত্ৰতে নিজৰ ব্যৱসায়ৰ বাবে ষ্টার্ট-আপ ফাণ্ডিং লাভ কৰিব পাৰিব বুলি তেওঁ কয় ।

লগতে পঢ়ক: ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা-উদ্বোধনৰ বাবে অসমত প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.