ETV Bharat / politics

তুলিৰাম ৰংহাঙলৈ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী মুখ্য নির্বাচনী বিষয়াৰ - Model Code of Conduct Violation

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 10:33 PM IST

নিৰ্বাচনী প্ৰচাৰত চৰকাৰী বাহন ব্যৱহাৰৰ অভিযোগ ৷ তুলিৰাম ৰংহাঙলৈ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী ৷ ৪৮ ঘণ্টাৰ ভিতৰত লিখিত উত্তৰ দিয়াৰ নিৰ্দেশনা ৷

TULIRAM RONGHANG
তুলিৰাম ৰংহাঙলৈ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী

ডিফু, ১২ এপ্ৰিল : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ৷ ৬নং ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিৰ্বাচনী বিধি উলংঘন কৰাৰ অভিযোগৰ ভিত্তিত জাৰি কৰা হৈছে এই জাননী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে লংকিৰি তিমুং নামৰ এগৰাকী ব্যক্তিয়ে তুলিৰাম ৰংহাং আৰু পৰিষদৰ আন কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে চৰকাৰী বাহন, বাসগৃহ আদি নিৰ্বাচনী কার্যত ব্যৱহাৰ কৰাৰ অভিযোগ তথ্যসহ প্ৰদান কৰিছিল ৷ তুলিৰাম ৰংহাঙৰ ৰঙা লাইট আৰু চাইৰেণযুক্ত ছিকিউৰিটি গাড়ী নিৰ্বাচনী সভাসমূহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা আৰু পৰিষদৰ কাৰ্যবাহী সদস্য আৰু বিভিন্ন বৰ্ডৰ অধ্যক্ষসমূহৰ বিৰুদ্ধে চৰকাৰী বাহন ব্যৱহাৰ কৰাৰ অভিযোগ দাখিল কৰা হৈছিল ।

অভিযোগসমূহৰ তথ্যসমূহ প্ৰাথমিক পর্যায়ত নিৰ্বাচনী বিধি উলংঘা কৰা বুলি জাননীত উল্লেখ কৰি ৪৮ ঘণ্টাৰ ভিতৰত লিখিত উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ অহা ১৩ এপ্ৰিলৰ বিয়লি পাঁচ বজাৰ ভিতৰত উত্তৰ প্ৰদান নকৰিলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননীত উল্লেখ কৰা হয় ।

আনহাতে, নিৰ্বাচন আয়োগৰ জাননী তেওঁ এতিয়ালৈকে লাভ কৰা নাই বুলি এখন নিৰ্বাচনী সভাত উল্লেখ কৰি ড৹ ৰংহাঙে ইয়াৰ উত্তৰ তেওঁ প্ৰদান কৰিব বুলি সদৰী কৰে । ৰংহাঙে লগতে কয় যে বিজেপি দলে তেওঁক এগৰাকী ষ্টাৰ প্ৰচাৰকৰূপে অন্তর্ভুক্ত কৰিছে । সেয়েহে তেওঁ কিছু অতিৰিক্ত সা-সুবিধা লাভ কৰে সেয়া নিৰ্বাচন আয়োগ অৱগত আৰু তেওঁ ব্যৱহাৰ কৰা হেলিকপ্টাৰ আদিৰ খৰচ বিজেপি দলে বহন কৰিছে আৰু ইয়াৰ অনুমতি দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে প্ৰদান কৰা বুলিও প্ৰকাশ কৰে ।

লগতে পঢ়ক : নিৰ্বাচনৰ প্ৰাকক্ষণত কৰিমগঞ্জত ২২ লাখৰো অধিক নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.