ETV Bharat / politics

কংগ্ৰেছক চকী গতাই দিম বুলি কিয় ক’লে মুখ্যমন্ত্ৰীয়ে ? - CM Himanta slams Congress - CM HIMANTA SLAMS CONGRESS

Assam CM on Congress politics: ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক কাষত লৈ কংগ্ৰেছক চকী গতাই দিব বুলি সংবাদ মাধ্যমৰ আগত ক’লে মুখ্যমন্ত্ৰীয়ে ৷ বিজেপিক গাদীচ্যুত কৰিবলৈ কংগ্ৰেছৰ প্ৰস্তাৱিত পন্থা সন্দৰ্ভত কেনেকৈ অৱগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শুনক মুখ্যমন্ত্ৰীৰ মুখেৰেই...

Press meet in BJP State Office
গুৱাহাটীৰ বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 1:09 PM IST

গুৱাহাটী, 19 জুলাই: বুধবাৰে অনুষ্ঠিত হৈ যোৱা কংগ্ৰেছৰ সভাত আলোচিত প্ৰতিটো বিষয় সন্দৰ্ভত অৱগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিস্ফোৰক মন্তব্য আগবঢ়াই কয়, "কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘটোৱাৰে বিজেপিৰ বিৰুদ্ধে সভাত কুটিল প্ৰস্তাৱ আগবঢ়াইছিল । কি প্ৰস্তাৱ দিছিল কি দিয়া নাই মই ক’ব নাযাওঁ ৷ পৱন সিং ঘটোৱাৰৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে ৷ তেওঁৰ সৈতে মোৰ ব্যক্তিগত ঘনিষ্ঠতা আছে ৷ তেওঁ কৈছে যে বিজেপিক আমি ডেভেল’পমেণ্টেৰে হৰুৱাব নোৱাৰো ৷ গতিকে আমি এই ৰাস্তা ল’ব লাগিব ৷ কংগ্ৰেছে এতিয়া বেয়া ৰাজনীতি কৰাৰ ফালে আগবাঢ়িছে । ইমান বেয়া ৰাজনীতি কৰিব নাপায় । প্ৰস্তাৱকেইটা শুনি জীতেন্দ্ৰ সিঙেও হাত তালি দিলে ।"

গুৱাহাটীৰ বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

উল্লেখ্য যে, দুদিন পূৰ্বে ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৈঠকত হোৱা আলোচনাৰ সকলো খবৰ লাভ কৰা বুলি কালি বাজপেয়ী ভৱনত দাবী কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘটোৱাৰে বিজেপিৰ বিৰুদ্ধে অনা এক প্ৰস্তাৱক লৈ সৰৱ হয় । পৱন সিং ঘাটোৱাৰে বৈঠকত আগবঢ়োৱা প্ৰস্তাৱকেইটাই মুখ্যমন্ত্ৰীগৰাকীক ব্যক্তিগতভাৱে আঘাত দিছে বুলি সংবাদ মাধ্যমৰ আগত কয় ৷

ঘাটোৱাৰৰ প্ৰস্তাৱ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "যিকেইটা প্ৰস্তাৱ দিলে তেনেকৈ ৰাজনীতি কৰিব নাপায় । ইমান বেয়া পৰ্যায়ৰ ৰাজনীতি কৰিব নাপায় ৷ তাতোকৈ ৰাজনীতি নকৰাই ভাল ৷ ইমান বেয়া ৰাজনীতি অসমত কৰাতকৈ মোক ক’লে মই চকীখন এৰি দিম ৷ কংগ্ৰেছক গতাই দিম; কম যে কৰক । কিন্তু ইমান নিকৃষ্ট ৰাজনীতি কৰা অনুচিত ৷ ঘাটোৱাৰে কি কৈছিল সেয়া আপোনালোকে উলিয়াই ল’ব ৷"

কংগ্ৰেছ তথা বিৰোধী দলৰ বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা এই বক্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলক বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি ‌কৰাৰ লগতে চৰ্চাৰ বিষয় হৈ পৰিছে । কংগ্ৰেছ এই সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো‌ প্ৰতিক্ৰিয়া আগবঢ়োৱা নাই ।

লগতে পঢ়ক: আকৌ চলিব বাল্যবিবাহ বিৰোধী অভিযান; বাল্যবিবাহ কৰা সংখ্যালঘু যদি 80 শতাংশ, সংখ্যাগুৰু 20 শতাংশ: মুখ্যমন্ত্ৰী - Action against child marriage

40 শতাংশ ! অসমত মুছলমান জনসংখ্যাৰ হাৰে সমালোচনালৈ ঠেলিলে মুখ্যমন্ত্ৰীক; আমছুক লাগে প্ৰমাণ - Assam Muslim population row

অসম বাতিল বিধেয়ক 2024 ত কেবিনেটৰ অনুমোদন : মুছলমান বিবাহ পঞ্জীয়নৰ বাবে অনা হ’ব আইন - ASSAM CABINET KEY DECISIONS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.