নগাঁও : ঝাৰখণ্ডৰ নিৰ্বাচনত ব্যাপক প্ৰচাৰ চলোৱা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰা সাংসদ পাপ্পু যাদৱক চিনি নাপায় মুখ্যমন্ত্ৰীয়ে । বৃহস্পতিবাৰে উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে চামগুৰিত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে । ইটিভি ভাৰতৰ সাংবাদিকে পাপ্পু যাদৱৰ মন্তব্য সন্দৰ্ভত কৰা প্ৰশ্নৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, "মই চিনিয়ে নাপাওঁ কোন পাপ্পু যাদৱ ।"
উল্লেখ্য, বুধবাৰে সাংসদ পাপ্পু যাদৱে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ঝাৰখণ্ডত সংবাদ মাধ্যমৰ সন্মুখত বহু বিস্ফোৰক মন্তব্য কৰিছিল । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰা সাংসদ পাপ্পু যাদৱৰ মন্তব্য সন্দৰ্ভত সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে পাপ্পু যাদৱক চিনিয়েই নাপায় বুলি মন্তব্য কৰে ।
বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ বুধবাৰে ঝাৰখণ্ডত উপস্থিত হোৱা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ কংগ্ৰেছ ভৱনত সংবাদ মাধ্যমৰ আগত সাংসদ পাপ্পু যাদৱে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰচাৰৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কয় যে ঝাৰখণ্ডত তেওঁৰ গুণ্ডাৰাজ নচলিব ।
আনহাতে, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধমূলক ইতিহাসো সংবাদ মাধ্যমৰ আগত দাঙি ধৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফাক ধন যোগান ধৰাৰ পৰা টাডা গোচৰত অভিযুক্ত হোৱাৰো অভিযোগ উত্থাপন কৰে । ইয়াৰ উপৰি কংগ্ৰেছ নেতা মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডৰ সৈতে প্ৰত্যক্ষভাৱে জড়িতৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ বাবে অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা বুলিও উল্লেখ কৰে ।
লগতে হিমন্ত বিশ্ব শৰ্মাই বিহাৰী সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে । ২০২০ চনত পিপিই কিট যোগানত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কথা উল্লেখ কৰি পাপ্পু যাদৱে কয় যে নেপোটিজিমৰ বিৰোধিতা কৰাসকলৰ বাস্তৱতা কি সেয়া সকলোৱে জানিবলৈ আৰম্ভ কৰিছে । সাৰদা কেলেংকাৰীৰ প্ৰসংগ উল্লেখ কৰি তেওঁ এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ নাম আহিছিল আৰু তাৰ পিছত চিবিআইৰ অভিযান আৰম্ভ হৈছিল আৰু ২০১৪ চনত তেওঁকো ৪ ঘণ্টা ধৰি জেৰা কৰা হৈছিল বুলিও উল্লেখ কৰে ।