ETV Bharat / politics

হেমন্ত ছোৰেনৰ জামিন সন্দৰ্ভত কি ক’লে ড৹ হিমন্ত বিশ্ব শৰ্মাই ? - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 7:02 PM IST

Himanta Biswa Sarma reacts on Hemant Soren Bail: মুকলি আকাশৰ তললৈ আহিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন ৷ এই সন্দৰ্ভত ৰাঁচীত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

HIMANTA BISWA SARMA
ঝাৰখণ্ডৰ বিধায়িকা সীতা ছোৰেনৰ সৈতে ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

নিউজ ডেস্ক, 29 জুন : ঝাৰখণ্ডত তিনিখন লোকসভা আসন হেৰুওৱাৰ পিচত, বিজেপিৰ নেতাসকলে কঁকালত টঙালি বান্ধিছে সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৷ উক্ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে ৰাঁচীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনৰ সহ-প্ৰভাৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

ৰাঁচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ANI)

ৰাঁচীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ জ্যেষ্ঠ জনজাতীয় নেতাসকলক তেওঁলোকৰ বাসগৃহত সাক্ষাৎ কৰে ৷ বিজেপিৰ এছ টি মৰ্চাৰ সভাপতি সমীৰ ওৰাঙক সাক্ষাৎ কৰাৰ পিচত ড৹ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে হেমন্ত ছোৰেনৰ জামিন সম্পৰ্কত সোধা কেতবোৰ প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জামিন সন্দৰ্ভত ড৹ শৰ্মাই কয় যে প্ৰতিদিনে বহুলোক কাৰাগাৰলৈ যায় আৰু প্ৰতিদিনে বহুলোকে জামিন পায় । ইয়াৰ হিচাপ ৰখাটো বিজেপিৰ কাম নহয় ৷ হেমন্ত ছোৰেনৰ গ্ৰেপ্তাৰৰ আঁৰত ষড়যন্ত্ৰৰ অভিযোগৰ সন্দৰ্ভত তেওঁ কয় যে যদিহে ঝাৰখণ্ডত একো দুৰ্নীতি হোৱা নাছিল, তেন্তে এই অভিযোগ সত্য । কিন্তু দুৰ্নীতিৰ শীৰ্ষত আছে ঝাৰখণ্ড ৷ অপৰাধমূলক ঘটনা বৃদ্ধি পাইছে ৰাজ্যখনত । প্ৰশ্নকাকত ফাদিল হৈ আছে । তেওঁ কয় যে ঝাৰখণ্ডত অনুষ্ঠিত লোকসভা নিৰ্বাচনত বিজেপিৰ সপক্ষে ভোট দি ৰাইজে বুজাই দিলে যে ইয়াৰ জনসাধাৰণ চৰকাৰখনক লৈ সুখী নহয় ।

লগতে পঢ়ক: উচ্চ ন্যায়ালয়ৰ আবেদনক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতৰ দ্বাৰস্থ হেমন্ত ছোৰেন

ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনৰ সহ-প্ৰভাৰীগৰাকীয়ে কয় যে অনুপ্ৰৱেশ আৰু লাভ জেহাদ বন্ধ কৰাটো বিজেপি দলৰ মৌলিক কৰ্তব্য ৷ তেওঁ কয় যে কোনেও অন্যায়ভাৱে অনুপ্ৰৱেশ কৰি ইয়াৰ জনজাতীয় ছোৱালীক বিয়া কৰাব নালাগে ৷ ইয়াক বন্ধ কৰিব লাগিব । এই বিষয়টো বিজেপিৰ ইস্তাহাৰত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঝাৰখণ্ডত মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ড৹ শৰ্মাই কয় যে ঝাৰখণ্ডৰ মূল সমস্যা হৈছে নিবনুৱা, উন্নয়ন আৰু অনুপ্ৰৱেশ । তেওঁ কয় যে ঝাৰখণ্ডৰ জে এম এম, কংগ্ৰেছ আৰু আৰ জে ডিৰ মিত্ৰজোঁট চৰকাৰ দুৰ্নীতিৰ শীৰ্ষত আছে । মূল বিষয়সমূহক লৈ ৰণনীতি প্ৰস্তুত কৰি এইবাৰ ঝাৰখণ্ডত বিজেপি চৰকাৰ গঠন কৰা হ'ব কয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জে এম এম নেতা সীতা ছোৰেন, সমীৰ ওৰাং, অৰুণ ওৰাং আৰু সুদৰ্শন ভগতক সাক্ষাৎ কৰে । ঝাৰখণ্ড বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মহিলা মৰ্চা আৰু যুৱ মৰ্চাৰ বৈঠকতো অংশগ্ৰহণ কৰে ড৹ শৰ্মাই ৷

লগতে পঢ়ক: ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক জামিন প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.