ETV Bharat / politics

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুছলমান ভোটাৰক লৈ চিন্তিত মুখ্যমন্ত্ৰী ! - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 7:52 AM IST

Assam CM on LS election results 2024 : সদ্যঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ যেন আক্ৰমণৰ লক্ষ্য হৈ পৰিল ৰাজ্যৰ মুছলমান ভোটাৰ ৷ নগাঁও আৰু ধুবৰীৰ নিৰ্বাচনী ফলাফল ৰাজ্যৰ বাবে বিপদজনক বুলি সংবাদমেলত উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ নিৰ্বাচন সম্পৰ্কীয় আৰু কি কি মন্তব্য সংবাদমেলত আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Assam CM on LS election results 2024
সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Etv bharat assam)

গুৱাহাটী, 7 জুন : 2024 বৰ্ষৰ লোকসভা নিৰ্বাচন অসমৰ বাবে সাম্প্ৰদায়িক নিৰ্বাচন বুলি অভিহিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ধুবুৰী আৰু নগাঁওৰ নিৰ্বাচনী ফলাফলে ৰাজ্যখনত ৰাজনীতিত সাম্প্ৰদায়িকতাৰ ইংগিত দিছে । ধুবুৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন 10 লাখ ভোটৰ ব্যৱধানত জয় লাভ কৰাটোৱে অসমৰ জনগাঁথনিগত পৰিৱৰ্তনৰ ক্ষেত্ৰত উদ্বেগৰ সৃষ্টি কৰিছে" ৷

শৰ্মাই কয়, "হিন্দু অধ্যুষিত বিধানসভাবোৰত বিজেপি আগবাঢ়ি থকাৰ বিপৰীতে মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলৰ মুছলমান ভোটাৰসকলে কংগ্ৰেছৰ আসন সুৰক্ষিত কৰাত সহায় কৰিছে । হিন্দু ভোটাৰসকলে সাম্প্ৰদায়িকভাৱেৰে ভোটদান নকৰে, কিয়নো তেওঁলোকৰ ভোট বিজেপি, কংগ্ৰেছ আৰু এজিপিৰ মাজত বিভক্ত হৈ আছে ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "নগাঁও আৰু ধুবৰীৰ নিৰ্বাচনী ফলাফল অসমৰ বাবে বিপদজ্জনক । কাৰণ এইবাৰৰ নিৰ্বাচনত মুছলমান ভোটাৰসকলে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে । ৰকিবুল হুছেইন 10 লাখৰো অধিক ভোটত জয়ী হৈছিল । ইয়াৰ অৰ্থ কি ? ই আমাৰ সমাজ আৰু জাতীয় জীৱন (ৰাষ্ট্ৰীয় জীৱন) ৰ সন্মুখত দেখা দিয়া বিপদক আঙুলিয়াই দিয়ে" ৷

আজমল কেতিয়াও 10 লাখ ভোটত জয়ী হ’ব পৰা নাছিল । ৰকিবুল হুছেইনে 10 লাখ ভোটত জয়লাভ কৰাটো অসমৰ বাবে এটা সতৰ্কবাণী । কিন্তু এয়া কংগ্ৰেছৰ বাবে ভাল খবৰ । কাৰণ কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি কৰে । সমগ্ৰ ৰাজ্যতে মুছলমানসকলে একে ধৰণে ভোটদান কৰিছে ।

পূৰ্বতে এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দুয়োটা দলে মুছলমান ভোট লাভ কৰিছিল, কিন্তু এইবাৰ সকলো ভোট কংগ্ৰেছলৈ স্থানান্তৰিত হৈছে । নগাঁও, বৰপেটা আৰু ধুবুৰীত মুছলমানসকলৰ প্ৰায় 90 শতাংশ ভোট কংগ্ৰেছলৈ যোৱাৰ লগে লগে কংগ্ৰেছ এতিয়া মুছলমানৰ দল হৈ পৰা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰে ৷

গুৱাহাটী লোকসভা সমষ্টিৰ উদাহৰণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, পৰাজিত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰা 4 লাখ ভোটৰ ভিতৰত প্ৰায় 3 লাখ ভোট কামৰূপ জিলাৰ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলৰ পৰাই আহিছিল । এইবাৰ অসমত মুছলমানসকলে উন্নয়নৰ নামত নহয় সাম্প্ৰদায়িক চেতনাৰে যে ভোটদান কৰিছে, সেয়া স্পষ্ট হৈ পৰিছে ।

উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এনেধৰণৰ মন্তব্যই জটিল জনগাঁথনি থকা অসমৰ দৰে এখন ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচন: বাঘা বাঘা নেতা কিয় পৰিল ৰ'ণত ? - DEFEATED HEAVYWEIGHT LS CANDIDATES IN ASSAM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.