গুৱাহাটী,৪ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিজেপিক কিয় ভোট দিব নালাগে অসমৰ ৰাইজে ? কিয় ভোট দিব নালাগে কংগ্ৰেছক ? ইয়াৰ ১০ কাৰণ ক'ব পাৰিবনে আপুনি ? আপুনি কোৱাৰ প্ৰয়োজন নাই কংগ্ৰেছ বা বিজেপিক ভোট দিব নলগাৰ ১০ টা কাৰণ ৷ কিয়নো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এনে ১০ টাকৈ কাৰণ সদৰী কৰিছে । সামাজিক মাধ্যম এক্স-ত দুয়োৱে ১০ টাকৈ কাৰণ দৰ্শাই যুক্তিযুদ্ধত অৱতীৰ্ণ হৈছে ।
কংগ্ৰেছক কিয় ভোট দিব নালাগে ? প্ৰথমেই বুধবাৰে সামাজিক মাধ্যমৰ প্লেটফৰ্ম এক্সত ১০ টা কাৰণ আগবঢ়াইছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দি বৃহস্পতিবাৰে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও আগবঢ়াইছে ১০ টা যুক্তি । যুক্তি দিছে কি কাৰণত বিজেপিক ভোট দিব নালাগে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়লা কেলেংকাৰী, আগষ্টা কেলেংকাৰীৰ পৰা চাকৰিৰ বিনিময়ত ভূমি গ্ৰহণ কৰা কেলেংকাৰীলৈকে দেশৰ বহুচৰ্চিত কিছু কেলেংকাৰীৰ কথা উল্লেখ কৰিছে ৷ কেতিয়াও কংগ্ৰেছক ভোট নিদিয়াৰ বাবে ১০ টা কাৰণ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উল্লেখ কৰিছে এইদৰে-"কেতিয়াও কংগ্ৰেছক ভোট নিদিয়াৰ বাবে ১০ টা কাৰণ১. কয়লা কেলেংকাৰী২. আগষ্টা কেলেংকাৰী৩. কমনৱেলথ গেমছ কেলেংকাৰী৪. টেলিকম কেলেংকাৰী৫. অন্তৰীক্ষ-দেৱাছ কেলেংকাৰী৬. হ'ক বিমান কেলেংকাৰী৭. INX কেলেংকাৰী৮. এয়াৰচেল-মেক্সিছ কেলেংকাৰী৯. এম্ব্ৰায়াৰ কেলেংকাৰী১০. চাকৰিৰ বিনিময়ত ভূমি কেলেংকাৰী
ইযাৰ বিপৰীতে বৃহস্পতিবাৰে APCC সভাপতি ভূপেন বৰাই ১০ টা কাৰণ উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিছে এইদৰে-"কেতিয়াও বিজেপিক ভোট নিদিয়াৰ ১০টা কাৰণ-১. ৬ জনগোষ্ঠীৰ বাবে জনজাতিৰ(ST) মৰ্যাদা ?২. প্ৰতিবছৰে ৫ লাখ চাকৰি, ৫ বছৰত ২৫ লাখ৩. স্কুল শিক্ষকৰ সমস্যা ?৪. ভূমিহীন খিলঞ্জীয়ালৈ স্থায়ী ভূমি পট্টা ?৫. অসম চুক্তি ৰূপায়ণ ? CAA ?৬. ব্ৰহ্মপুত্ৰৰ কাষত এক্সপ্ৰেছ হাইৱে৭. প্ৰশ্নকাকত ফাদিল আৰু পুৰণি পেন্সন নীতি (OPS)৮. চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি ?৯. বৰাক উপত্যকাৰ মিনি সচিবালয়১০. গুৱাহাটীৰ কৃত্ৰিম বানপানী আৰু খোৱাপানী ?ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বৰাৰ এই সামাজিক মাধ্যমৰ যুক্তি যুদ্ধই ৰাজ্যৰ নেটিজেনসকলক বাৰুকৈয়ে আকৰ্ষিত কৰিছে ৷ লগতে ৰাজনৈতিক ক্ষেত্ৰখনতো চৰ্চা লাভ কৰিছে ৷
লগতে পঢ়ক:নির্বাচনী বিধি উলংঘাৰ অভিযোগত ৰকিবুল হুছেইনলৈ জাননী - Lok Sabha Election 2024