ETV Bharat / politics

কাৰ দখলত বিহালীৰ ৰাজপাট ? আজি হ'ব নিৰ্ণয় - ASSAM BYE ELECTIONS 2024

সমষ্টিটোত মূল প্ৰতিদ্বন্দ্বিতা হৈছে বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল আৰু বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিয়ে প্ৰাৰ্থিত্ব লাভ কৰা জয়ন্ত বৰাৰ মাজত ।

Assam Bye Election results
কাৰ দখলত বিহালীৰ ৰাজপাট ? আজি হ'ব নিৰ্ণয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 9:19 AM IST

তেজপুৰ : কোনে দখল কৰিব বিহালী সমষ্টিৰ ৰাজপাট- বিজেপি নে কংগ্ৰেছ ? সৰ্বমুঠ ৭৫.৭৯% ভোটদান সম্পূৰ্ণ হোৱা ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফললৈ মাত্ৰ কিছু সময় বাকী । বিধানসভা সমষ্টিটোৰ মুঠ ১,৩২,৫৭৯ গৰাকী ভোটদাতাই ৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোত ভোটদানৰ হাৰ ৮৩.৫১% শতাংশ আছিল আৰু সেই অনুপাতে উপ-নিৰ্বাচনৰ ভোটদানৰ হাৰ ৭৫.৭৯% তে সীমাবদ্ধ থাকিল ।

পিছে কাৰ ভাগ্যত আছে বিহালী সমষ্টিৰ ৰাজপাট ? ভাৰতীয় জনতা পাৰ্টীৰ দিগন্ত ঘাটোৱাল নে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা ? তাৰ বাবে অপেক্ষা কৰিব লাগিব শনিবাৰে বিয়লিলৈ ।

দিগন্ত নে জয়ন্ত ?

দিগন্ত ঘাটোৱাল চাহ বাগিচাৰ অন্তৰ্গত প্রতাপগড়ৰ স্থানীয় যুৱক । বিগত ২০০৬ চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিশ্বনাথ সমষ্টিত প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিধায়ক নুৰজামাল সৰকাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল । পৰৱৰ্তী সময়ত ২০০৬-২০০৭ বৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ চাহ কোষৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰে । ইয়াৰ পিছত ২০১১ চনত পুনৰ বিশ্বনাথ সমষ্টিৰ পৰা বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব লৈ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ।

ইয়াৰ পিছত বিশ্বনাথ জিলা বিজেপিৰ সভাপতি হিচাপে দায়িত্ব বহন কৰি আহিছে । এইবাৰ ঘাটোৱালে বিশ্বনাথৰ কাষতে থকা বিহালী সমষ্টিৰ পৰা এই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে ।

আনহাতে, জয়ন্ত বৰা বিহালী সমষ্টিৰ নিবাসী এজন প্ৰতিষ্ঠিত ব্যৱসায়ী । চাহ বাগিচাৰ লগতে কেইবাখনো হোটেলৰ ব্যৱসায় আছে বৰাৰ । বৰাই ২০২১ চনত আনুষ্ঠানিকভাৱে ৰাজনীতি জগতত প্ৰৱেশ কৰে । এজন নিৰ্দলীয়া প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে যদিও তেতিয়াৰ বিজেপি বিধায়ক ৰঞ্জিত দত্তৰ হাতত পৰাস্ত হয় । পৰৱৰ্তী সময়ত তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।

কিন্তু এই উপ-নিৰ্বাচনত বিজেপি দলৰ পৰা দলীয় টিকট লাভ নকৰাৰ বাবে কংগ্ৰেছত যোগদান কৰে আৰু দলীয় টিকট লাভ কৰি বিজেপিৰ দিগন্ত ঘাটোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ।

বিহালীৰ ভোট সমীকৰণ

বিহালী বিধানসভাত অনুসূচিত জাতিৰ ভোটাৰৰ সংখ্যা প্ৰায় ১১,১১২ যিটো, ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ৯.৪১% । ইয়াৰ বিপৰীতে এছ টি ভোটাৰৰ সংখ্যা প্ৰায় ৩,৫৯০, যিটো ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ৩.০৪% আৰু মুছলমান ভোটাৰৰ সংখ্যা প্ৰায় ১২,৬৩৫, যিটো ভোটাৰ তালিকা বিশ্লেষণ অনুসৰি ইয়াৰ হাৰ প্ৰায় ১০.৭% ।

বিধানসভা সমষ্টিটোত গ্ৰাম্য ভোটাৰৰ সংখ্যা প্ৰায় ১,১৮,০৮৫, যিটো ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ১০০% । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ২০১৯ চনৰ সংসদীয় নিৰ্বাচনৰ হিচাপত বিহালী বিধানসভাৰ মুঠ ভোটাৰৰ সংখ্যা ১১,৮,০৮৫ ৷ উক্ত নিৰ্বাচনত বিহালী বিধানসভাত ভোটাৰৰ ভোটদান আছিল ৮১.৮৭% ৷

আনহাতে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৬.২৫% ৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ মুঠ ভোটদানৰ হাৰ আছিল ৮৩.৫১% । নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি, ইয়াৰে ভিতৰত মহিলা ভোটাৰৰ হাৰ সৰ্বাধিক ৮৪.১৫% আৰু পুৰুষ ভোটাৰৰ হাৰ ৮২.৯০% শতাংশ আছিল ।

লগতে পঢ়ক :বিধানসভাৰ উপ-নিৰ্বাচন : ৫ সমষ্টিৰ ৩৪ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি
লগতে পঢ়ক :এতিয়া ফলাফলৰ সময়, দিপ্লুৰঞ্জনে ভেদিব পাৰিবনে ৰকিবুলৰ অভেদ্য দুৰ্গ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.