ETV Bharat / politics

উপ-নিৰ্বাচন: কেজৰিৱালসহ ৪০ তাৰকা নেতাই অসমত চলাব প্ৰচাৰ - AAP STAR CAMPAIGNERS

Assam Bye Election 2024: উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানত দেখা যাব বহু তাৰকা নেতাক । আপে ঘোষণা কৰিছে ৪০ জনীয়া তাৰকা নেতাৰ তালিকা ।

Assam Bye Election 2024
কেজৰিৱালসহ ৪০ তাৰকা নেতাই অসমত চলাব প্ৰচাৰ (ANI)
author img

By ANI

Published : Oct 27, 2024, 11:33 AM IST

গুৱাহাটী : সমাগত অসমৰ উপ নিৰ্বাচন । ১৩ নৱেম্বৰত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈছে । শাসকীয় বিজেপিৰ লগতে কংগ্ৰেছ আৰু বিৰোধী দলসমূহেও প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । সমান্তৰালকৈ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫ টা বিধানসভা সমষ্টিত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।

আম আদমি পাৰ্টীয়েও উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে আৰু প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । ইয়াৰ মাজতে দলটোৱে প্ৰচাৰ অভিযানত অংশ ল'বলগীয়া তাৰকা নেতা এক বৃহৎ তালিকা প্ৰকাশ কৰিছে ।

অসমত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব তাৰকা নেতাই

অসমৰ উপ নিৰ্বাচনৰ বাবে দলটোৱে ৪০ জন নেতাৰ তালিকাখন প্ৰকাশ কৰিছে । য'ত আছে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল, দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং । এইসকল তাৰকা নেতাই অসমত দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰিব ।

তেওঁলোকৰ উপৰিও গোপাল ৰায়, কৈলাশ গেহলট আৰু ইমৰান হুছেইনৰ লগতে সন্দীপ পাঠক, হৰভজন সিং আৰু হৰপাল সিং চিমাকে ধৰি দিল্লীৰ মন্ত্ৰীসকলকো তালিকাখনত অন্তৰ্ভুক্ত কৰা হৈছে ।

অসমৰ উপ-নিৰ্বাচন

উল্লেখ্য যে অসমৰ ৫ টা বিধানসভা সমষ্টি ক্ৰমে বিহালী, ধলাই, চামগুৰি, বঙাইগাঁও আৰু চিদলীৰ উপ-নিৰ্বাচন ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব ৷ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ কংগ্ৰেছে আটাইকেইখন আসনতে প্ৰাৰ্থী প্ৰদান কৰিছে ।

অসমৰ প্ৰাক্তন মন্ত্ৰী তথা লোকসভাৰ সাংসদ ৰাকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক চামগুৰি আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । ধ্ৰুৱজ্যোতি পুৰকায়স্থই ধলাই আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

ইফালে চিদলী সমষ্টিৰ পৰা কংগ্ৰেছৰ সঞ্জীব ৱাৰী আৰু ব্ৰজেনজিৎ সিংহই বঙাইগাঁও আসনৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে । দলটোৱে প্ৰাক্তন বিজেপি নেতা জয়ন্ত বৰাক বিহালীৰ পৰা টিকট প্ৰদান কৰিছে । শাসকীয় বিজেপিয়েও ৩ খন বিধানসভা আসন ক্ৰমে বিহালী, চামগুৰি আৰু ধলাইৰ বাবে প্ৰাৰ্থী প্ৰদান কৰিছে । বিজেপিৰ হৈ দিগন্ত ঘাটোৱাৰে বিহালী, দিপ্লু ৰঞ্জন শৰ্মাই চামগুৰি আৰু নীহাৰ ৰঞ্জন দাসে ধলাইৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ।

ভাৰতীয় জনতা পাৰ্টীৰ সহযোগী দল অসম গণ পৰিষদে (অগপ) লোকসভাৰ সাংসদ ফণী ভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক বঙাইগাঁও আসনৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে । বিজেপিৰ আন এক সহযোগী ইউপিপিএল দলে নিৰ্মল কুমাৰ ব্ৰহ্মক চিদলী আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক :চামগুৰি উপ নিৰ্বাচন : যুঁজত তিনি কোটিপতি প্ৰাৰ্থী; সৰ্বাধিক সম্পত্তিশালী প্ৰাৰ্থী কোন জানেনে ?

চিদলীত কংগ্ৰেছ-বি পি এফৰ নিৰ্বাচনী প্ৰচাৰ

অসম বিধানসভাৰ উপ-নিৰ্বাচন : ৫টা সমষ্টিৰ বাবে মুঠ ৩৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.