ETV Bharat / politics

ভোট দিয়ক আঁচনি লওক: ধলাইত ভোটাৰলৈ মন্ত্ৰী জয়ন্তৰ বাম্পাৰ অফাৰ - ASSAM BY POLLS 2024

‘‘বিজেপিক ভোট দিলে অৰুণোদয় দিম, ভোট নিদিলে অৰুণোদয় নিদিওঁ ৷ যদি অৰুণোদয় লাগে তেনেহ’লে বিজেপিক ভোট দিয়ক ৷’’ ধলাইত নিৰ্বাচনী প্ৰচাৰত ক’লে মন্ত্ৰী জয়ন্তই ৷

Assam By polls 2024
উপ-নিৰ্বাচনৰ প্ৰচাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 3:48 PM IST

শিলচৰ: পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি গৰম হৈ আছে ৷ প্ৰচাৰত ব্যস্ত শাসক-বিৰোধী ৰাজনৈতিক দল ৷ শাসকীয় দলৰ বাঘা বাঘা নেতা নামি পৰিছে নিৰ্বাচনী ৰণক্ষেত্ৰত ৷ লক্ষ্য আসন দখল ৷ কাছাৰৰ ধলাই সমষ্টিত বিগত কেইদিনত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা দেখা গৈছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ৷

দুদিনমান পূৰ্বে ভাগা বাজাৰত ভাষণৰ মাজতে ভোট নিদিলে ব্যৱসায় কৰিবলৈ দিয়া নহ’ব বুলি আওপকীয়াকৈ ভাবুকি প্ৰদান কৰাৰ পাচত এইবাৰ জামালপুৰত মুকলিকৈয়ে মন্ত্ৰীগৰাকীয়ে ক’লে যে ভোট দিলেহে প্ৰদান কৰা হ’ব চৰকাৰী আঁচনিৰ সুবিধা ৷

ধলাইত ভোটাৰলৈ মন্ত্ৰী জয়ন্তৰ বাম্পাৰ অফাৰ (ETV Bharat)

নিৰ্বাচনী ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে কৈছে অহা জানুৱাৰী মাহৰ ভিতৰত পুনৰ 15 হাজাৰ মহিলাক অৰুণোদয় দিয়া হ’ব ৷ এতিয়া যে অৰুণোদয় দিয়া হ’ব, সেয়া কোনে দিব ? মই অভিভাৱক মন্ত্ৰী, ময়েইতো দিব লাগিব ৷ যাৰ ৰেচন কাৰ্ড নাই, যোগান বিভাগৰ বিষয়াই মোৰ ওচৰলৈকে লৈ আহিব, মই চহী কৰিলেই পাব ৷ আমি ক’ত চহী কৰিম, য’ত ভোট পাম তাতেই চহী কৰিম ৷ ভোট লাগে কাৰণেই জামালপুৰলৈ আহিছোঁ ৷ যদি 4 হাজাৰ ভোট নাপাওঁ তেতিয়া চহী নকৰোঁ ৷’’

‘‘কংগ্ৰেছৰ চৰকাৰ অহা 50 বছৰলৈকে নাহে ৷ গতিকে চহী আমিয়েই কৰিব লাগিব ৷ আপোনালোকেও আমাক কিবা এটা দিয়ক, তেতিয়া আমাৰো দিবলৈ মন যাব ৷’’ মন্ত্ৰীগৰাকীয়ে লগতে কয় ৷

ধলাই সমষ্টিত বিজেপিয়ে নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ধ্ৰুৱজ্যোতি পুৰকায়স্থক ৷ পূৰ্বে বিজেপিৰ পৰিমল শুক্লবৈদ্যৰ দখলত থকা ধলাই সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ বিজেপিয়ে যিকোনো প্ৰকাৰে চেষ্টা চলোৱা দেখা গৈছে ৷

লগতে পঢ়ক: মন বেয়া লাগিলে ব্যৱসায় বন্ধ কৰি দিম ! কাক উদ্দেশ্যি কিয় ক’লে মন্ত্ৰী জয়ন্তই

কংগ্ৰেছ গাখীৰ নিদিয়া মতা গৰু, ভোট দি লাভ নাই: ধলাইৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.