বিশ্বনাথ: ৰাজ্য়ৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত মাথোঁ দুদিন থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে । আন সমষ্টিকেইটাৰ দৰে বিহালী সমষ্টিটো শাসক-বিৰোধী উভয় পক্ষই বিভিন্ন অভিযোগ-প্ৰতি অভিযোগেৰে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই বিহালীত ২০০৯ -২০১৪ চনৰ উগ্ৰপন্থী সংগঠনৰ নৰসংহাৰৰ কাহিনী বৰ্ণনা কৰি বিৰোধী কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰাৰ পিচত দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলালে প্ৰচাৰ ।
ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া ৫ টা বিধান সভাৰ সমষ্টিৰ ভিতৰত অন্যতম সমষ্টিৰ হিচাপে বিবেচিত হৈছে ৭৭ নং বিহালী । বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিহালীত বৰজাৰণী আৰু বেদেতী বৰালিমৰাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সোণোৱালে প্ৰথমে বৰঝাৰণিত এখনি নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি বিজেপি চৰকাৰৰ উন্নয়নৰ বিষয়ে উল্লেখ কৰি ৰাইজক বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায় ।
ইফালে, আন এখন সভা বেদেতী বৰালিমৰাত অনুষ্ঠিত হয় । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিগন্ত ঘাটোৱালৰ হৈ প্ৰচাৰ চলাই বিজেপিক ভোট দিলে শান্তি উন্নয়ন হ'ব বুলি উল্লেখ কৰি কয়, "কংগ্ৰেছক ভোট দিলে হিংসা অশান্তি হ'ব ।" লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই উপ-নিৰ্বাচনত বিবেকক সুধি প্ৰতিজন ভোটাৰে সিদ্ধান্ত লোৱা উচিত বুলি মন্তব্য় কৰে ।
লগতে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়, "বিজেপিয়ে সকলোকে আস্থা আৰু বিশ্বাসত লৈ আগবাঢ়িব বিচাৰে । কংগ্ৰেছৰ দিনত হত্যা-হিংসা, দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু কংগ্ৰেছৰ অপশাসনৰ বাবে ভাৰত তথা অসম ক্ষতিগ্ৰস্ত হ'ল ।" কংগ্ৰেছে প্ৰতিশ্ৰুতি দিয়া মানে ফুটুকাৰ ফেন বুলিও উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছ মানেই দুৰ্নীতি ।"