ETV Bharat / politics

সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰিছে বিজেপিয়ে - Assam BJP

BJP Manifesto for 2024 Election: বিজেপিয়ে প্ৰকাশ কৰিব সংকল্প পত্ৰ ৷ সংকল্প পত্ৰ বাবে ৰাইজৰ পৰামৰ্শ, মতামত ল’ব দলটোৱে ৷ অনলাইন আৰু অফলাইন দুয়োটা প্ৰক্ৰিয়াৰেই ৰাইজে দিব পাৰিব পৰামৰ্শ ৷

BJP Manifesto for 2024 Election
বিজেপিৰ সংকল্প পত্ৰ
author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 9:04 PM IST

সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰামৰ্শ বিচাৰিছে বিজেপিয়ে

গুৱাহাটী, ৩ মাৰ্চ : বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সভাপতি ভৱেশ কলিতাৰ সংবাদমেল । সংবাদমেলত অংশ লয় পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ বিজেপিৰ ইস্তাহাৰৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে ৷

ইস্তাহাৰৰ সন্দৰ্ভত ইতিমধ্যে দিল্লীত অনুষ্ঠিত হৈছিল কৰ্মশালা । উল্লেখ্য যে বিজেপিয়ে এইবেলি ইস্তাহাৰৰ পৰিৱৰ্তে সংকল্প পত্ৰ হিচাবেহে প্ৰকাশ কৰিব ৷ উক্ত সংকল্প পত্ৰত কি কি থাকিব লাগিব সেই সন্দৰ্ভত জনতাৰ পৰা লোৱা হ’ব মতামত ৷ এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে তৃণমূল পৰ্যায়ৰ পৰা সংকল্প পত্ৰ সন্দৰ্ভত মতামত লোৱা হ’ব । সেই মতামত দিল্লীলৈ পঠোৱা হ’ব ।

পৰামৰ্শৰ বাবে ৰাইজক বিশেষ কাৰ্ড দিয়া হ'ব । উক্ত কাৰ্ডত পৰামৰ্শ লিখি এটা বাকচত দিব লাগিব ৰাইজে ৷ নমো এপতো জনতাই পৰামৰ্শ দিব পাৰিব । ইয়াৰোপৰি ৯০৯০৯০২০২৪ নম্বৰতো অনলাইনযোগে ভয়চ মেছেজৰ জৰিয়তে দিব পাৰিব পৰামৰ্শ । আনহাতে বিজেপিৰ কাৰ্যকৰ্তা মানুহৰ ঘৰে ঘৰেও যাব । বিজেপিৰ ভিডিঅ’ ভেনযোগে ইয়াৰ প্ৰচাৰ চলোৱা হ’ব । ইতিমধ্যে জিলা পৰ্যায়ত এই সন্দৰ্ভত সমিতি গঠন কৰা হৈছে । ১৫ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব প্ৰক্ৰিয়াটো ।

ইয়াৰোপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰাৰ্থী ঘোষণা সন্দৰ্ভতো সংবাদমেলত মন্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে বিজেপিত প্ৰাৰ্থীৰ কোনো পেনেল নাথাকে । বিজেপিত সকলো কাৰ্যকৰ্তা । ১৪ সমষ্টিৰ তিনি সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী থাকিলেও নিজৰ দলৰ প্ৰাৰ্থী বুলিয়েই ধৰা হ'ব । যিহেতু তেওঁলোক বিজেপিৰে মিত্ৰদল ।

আটাইকেটা সমষ্টিতে প্ৰাৰ্থীসকল সৰ্বাধিক ভোটত জয়লাভ কৰাই লক্ষ্য বুলি উল্লেখ কৰে ভৱেশ কলিতাই । ইফালে কংগ্ৰেছ বহুধা বিভক্ত, তেনেক্ষেত্ৰত আন দলক কেনেদৰে ৰাখিব বুলি প্ৰশ্ন কৰে ভৱেশ কলিতাই ৷ তেওঁ কয় যে ধুবুৰীত জৰাফুকাৰ দিন গ’ল, এতিয়া উন্নয়নৰ দিন আহিল । ধুবুৰীতো বিজেপি মিত্ৰজোঁট জিকিব ।

আনহাতে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে লুৰীজ্যোতি গগৈৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কলিতাই কয় যে গণতান্ত্ৰিক প্ৰক্ৰিয়াত যুঁজিবই লাগিব । ৰাজনৈতিক পথাৰত নামিলে যুঁজিবই লাগিব ।

লগতে পঢ়ক: কোন হ’ব বৰপেটা-ধুবুৰীৰ প্ৰাৰ্থী: আলোচনা হৈয়েই আছে অগপৰ মজিয়াত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.