ETV Bharat / politics

পাঁচটা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰি প্ৰকাশৰ বাবে সাজু বিজেপি

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 2:02 PM IST

Assam BJP Candidates : নিৰ্বাচনী গৰম বতাহৰ মাজতে দিল্লীলৈ গৈ পাঁচটা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰি আহিল মুখ্যমন্ত্ৰী । ডিব্ৰুগড়, গুৱাহাটী, কৰিমগঞ্জ, ডিফু আৰু কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত । এতিয়াও বহুকেইটা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই বিজেপিয়ে । নগাঁও, বৰপেটা, ধুবুৰী, কোকৰাঝাৰকে ধৰি কেইবাটাও সমষ্টিৰ বাবে প্ৰাৰ্থীক লৈ সমস্যাত পৰিছে দলটো । মিলা নাই ৰাজনৈতিক সমীকৰণ । অপেক্ষাত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ । ২০১৯ ৰ দৰে এইবাৰো বিজেপিৰ কেইবাজনো সাংসদে টিকট নোপোৱাৰ সম্ভাৱনা ।

পাঁচটা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰি প্ৰকাশৰ বাবে সাজু বিজেপি
পাঁচটা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰি প্ৰকাশৰ বাবে সাজু বিজেপি

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচন সমাগত । এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে এতিয়া মাথোঁ দিন ঘোষণাৰ বাকী । মাজত মাত্ৰ এটা মাহ বাকী থকা অৱস্থাত ৰাজ্যজুৰি এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে । নিৰ্বাচনৰ বাবে নিজ নিজ ৰণ কৌশলেৰে সাজু হৈছে ৰাজনৈতিক দলসমূহ । অৱশ্যে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকাখন স্পষ্ট ৰূপত সন্মুখলৈ অহা নাই ।

ইফালে শাসকীয় পক্ষ বিজেপিয়ে অসমৰ ১৪খন আসনৰ ভিতৰত ১২খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যদিও এই পর্যন্ত বহুকেইটা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই । আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও বিজেপিয়ে কেইবাটাও সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে । আনহাতে, বহুকেইটা সমষ্টিক লৈ ৰাজনৈতিক সমীকৰণ মিলা নাই শাসকীয় দলটোৰ ।

লক্ষণীয় বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত বিজেপি দল বহুকেইটা লোকসভা সমষ্টিত সুবিধাজনক স্থিতিত আছে । কিন্তু তাৰ পাচতো নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে বিজেপিয়ে একাধিক সমষ্টিৰ ক্ষেত্ৰত প্ৰাৰ্থী বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে । ইফালে প্ৰাৰ্থীৰ প্ৰসংগত শনিবাৰে পুৱাই নতুন দিল্লীলৈ ৰাওনা হৈ বিয়লি উভতি আহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

উল্লেখ্য যে, শনিবাৰে হঠাৎ নতুন দিল্লী অভিমুখে ৰাওনা হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগত বিজেপিৰ মুখ্য কাৰ্যালয়লৈ গৈ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰে বৈঠকত মিলিত হয় । উক্ত বৈঠকত চূড়ান্ত হোৱা প্ৰাৰ্থীৰ তালিকা লৈ বিয়লি গুৱাহাটীত উপস্থিত হয় মুখ্যমন্ত্ৰী । দলীয় এক বিশেষ সূত্ৰই জনোৱা মতে দলৰ ৰাষ্ট্ৰীয় সভাপতিৰে মুখ্যমন্ত্ৰীৰ হোৱা বৈঠকত ডিব্ৰুগড়, গুৱাহাটী, কৰিমগঞ্জ, ডিফু আৰু কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰা হয় ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচন, ৫ খন ৰাজ্যত কংগ্ৰেছ আৰু আপৰ আসন বুজাবুজি সম্পন্ন

আনহাতে এই বৈঠকতে দুই মিত্ৰদল ইউ পি পি এল আৰু অগপক এৰি দিবলগীয়া সমষ্টিৰ নামো চূড়ান্ত কৰা হয় । যোৰহাট সমষ্টিটো বর্তমান বিজেপিৰ দখলতে আছে যদিও কংগ্ৰেছৰ তৎপৰতাৰ বাবে বিজেপি সমষ্টিটোক লৈ কিছু শংকাত আছে । যদি নগাঁৱৰ পৰিৱৰ্তে গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে বিজেপিৰ বাবে সমষ্টিটো সন্মানৰ প্ৰশ্ন হিচাপে দেখা দিব । সেয়ে এই সমষ্টিটোৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকালৈ অপেক্ষা কৰিব বিচাৰিছে বিজেপি দলে ।

আনহাতে এ আই ইউ ডি এফ দলে তিনিটা সমষ্টি ক্ৰমে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা কৰিব ইতিমধ্যে ঘোষণা কৰিছে । যাৰ ওপৰতো বিজেপিৰ দৃষ্টি আছে । ইফালে সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিয়ে ২৯ ফেব্ৰুৱাৰীত প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে । ১০০জন প্ৰাৰ্থীৰে বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

প্ৰথম এই ১০০ জনীয়া প্ৰাৰ্থী তালিকাত অসমৰ ৫টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি দলীয় সূত্ৰটোত প্ৰকাশ । অৱশ্যে ইয়াৰ পূৰ্বে অনুষ্ঠিত হ’ব বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক । লক্ষণীয় বিষয় যে বিগত সময়চোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলৰ শীৰ্ষ নেতৃত্বৰে প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বহুবাৰ বৈঠকত মিলিত হৈছে । দলীয় এক বিশ্বস্ত সূত্ৰই জনোৱা মতে নগাঁও, বৰপেটা, ধুবুৰী, কোকৰাঝাৰকে ধৰি কেইবাটাও সমষ্টিৰ বাবে প্ৰাৰ্থীক লৈ সমস্যাত পৰিছে দলটো ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচন : বৰপেটা লোকসভা সমষ্টিৰ এক অৱলোকন

ইয়াৰ মূলতে হৈছে যে এই সমষ্টিকেইটাত বিৰোধী দল আজিও যথেষ্ট শক্তিশালী স্থিতিত আছে । য‍াৰ বাবে বিজেপিয়ে বহু চিন্তা-চৰ্চা কৰি সমীকৰণ মিলাই প্ৰাৰ্থী বাচনি কৰিবলগীয়া হৈছে । এনে প্ৰেক্ষাপটত দলে এই সমষ্টিসমূহৰ বাবে এইপর্যন্ত প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা নাই বুলি সূত্ৰটোত প্ৰকাশ । শংকা থকা নগাঁও, বৰপেটা আদি সমষ্টিত কংগ্ৰেছ দলে শক্তিশালী প্ৰার্থী দিলে বিপদত পৰিব পাৰে বিজেপি ।

বিজেপিয়ে নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই । ইফালে বৰ্তমান ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল লখিমপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দলৰ ভিতৰ চ'ৰাত সৰৱ চৰ্চা চলিছে । অৱশ্যে এই মুহূৰ্তলৈকে কোনো কথা স্পষ্ট হোৱা নাই ।

এই সন্দৰ্ভত অলপতে সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে দলে যি দায়িত্ব দিব তেওঁ সেই দায়িত্বই পালন কৰিব । অৰ্থাৎ দলে বিচাৰিলে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব । ইফালে ২০১৯ৰ দৰে এইবাৰো বিজেপিৰ কেইবাজনো সাংসদে টিকট নোপোৱাটো প্ৰায় নিশ্চিত । এইবাৰৰ নিৰ্বাচনতো বিজেপিৰ প্ৰাৰ্থী হিচাপে নতুন মুখ দেখাৰ সম্ভাৱনা আছে ।

জানিব পৰা মতে পল্লৱলোচন দাস, প্ৰদান বৰুৱা আদি সাংসদক দিল্লীৰ পৰা আনি ৰাজ্যৰ ৰাজনীতিত চামিল কৰাৰ সম্ভাৱনা আছে । অৱশ্য সকলো কথা আৰু কিছুদিনৰ ভিতৰতে স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক : কংগ্ৰেছৰ বহুতেই এতিয়াও নিজকে মন্ত্ৰী বুলিয়েই ভাবে: ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.