ETV Bharat / politics

অগপৰ উপ-নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা: বুথ সন্মিলনৰ লগতে দলীয় কৰ্মশালাৰ আয়োজন - AGP on By election

author img

By ANI

Published : Aug 7, 2024, 9:33 AM IST

Asom Gana Parishad: শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন ৷ ইয়াৰ পূৰ্বে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা পৰিলক্ষিত হৈছে অসম গণ পৰিষদ দলত ৷ 11 আগষ্টৰ পৰা 13 আগষ্টলৈ বিভিন্ন সমষ্টিত সভা অনুষ্ঠিত কৰাৰ লগতে বুথ সন্মিলন আৰু দলীয় কৰ্মশালাৰো আয়োজন কৰিব দলে ৷

Asom Gana Parishad gears up for Assam bye-elections, panchayat polls with series of events
বুথ সন্মিলনৰ লগতে দলীয় কৰ্মশালাৰ আয়োজন অগপৰ (ETV Bharat Assam)

নিউজ ডেস্ক, 7 আগষ্ট: অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন এন ডি এৰ মিত্ৰ অসম গণ পৰিষদ দলত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী তৎপৰতা ৷ দলীয় সংগঠনক শক্তিশালী কৰাৰ বাবে ধাৰাবাহিক কাৰ্যসূচী ঘোষণা কৰিছে ।

ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে, 25 আগষ্টৰ পৰা ৰাজ্যজুৰি এক সপ্তাহজোৰা বুথ পৰ্যায়ৰ সন্মিলন আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

অতুল বৰাই কয়, "আজি অগপৰ ভগ্নী সংগঠনসমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু তেওঁলোকক কিছু নিৰ্দেশনা জাৰি কৰা হয় । আমাৰ দলৰ কৰ্মীসকলে আগন্তুক উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে কাম কৰি আছে । আমি ধাৰাবাহিক কাৰ্যসূচী গ্ৰহণ কৰিছো । 11 আগষ্টৰ পৰা 13 আগষ্টলৈ আমাৰ দলৰ ভগ্নী সংগঠনসমূহৰ সভা প্ৰতিটো সমষ্টিতে অনুষ্ঠিত হ'ব । আমি 25 আগষ্টৰ পৰা এসপ্তাহজোৰা বুথ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছো । ইয়াৰ উপৰিও 19 আগষ্টৰ পৰা 21 আগষ্টলৈ গুৱাহাটীত তিনিদিনীয়া দলীয় কৰ্মশালা অনুষ্ঠিত হ'ব" ৷

ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অগপ আৰু আন এটা মিত্ৰ দল ইউ পি পি এলে এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

1985 চনৰ পৰা অগপই অবিৰতভাৱে জয়লাভ কৰি থকা বঙাইগাঁও বিধানসভা আসনত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিব পৰা গৈছে ।

আনহাতে, অসম-মিজোৰামৰ সীমান্ত আলোচনা সন্দৰ্ভত সভাপতি অতুল বৰাই কয়, 9 আগষ্টত অসম আৰু মিজোৰামৰ মাজত সীমান্ত আলোচনা অনুষ্ঠিত হ’ব ।

অতুল বৰাই কয়, "অসম চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাৰ নেতৃত্বত মিজোৰামৰ পূৰ্বৰ চৰকাৰৰ সৈতে কেইবালানি আলোচনাত মিলিত হৈছিল আৰু এতিয়া মিজোৰামত নতুন চৰকাৰ গঠন হৈছে । অসম-মিজোৰাম সীমান্তত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল আৰু ঘটনাৰ পিছত মই ব্যক্তিগতভাৱে মিজোৰাম ভ্ৰমণ কৰিছিলো" ৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ মিজোৰামৰ গৃহমন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বিস্তৃত আলোচনা অনুষ্ঠিত হয় । 9 আগষ্টত অসম-মিজোৰামৰ সীমান্ত সম্বন্ধীয় আলোচনা অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি সাজু : অতুল বৰা - Executive meeting of AGP

'২৬ লৈকে বিজেপিৰ সংগ নেৰে অগপই - Atul Bora Remarks On Alliance

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.