ETV Bharat / politics

প্ৰদেশ কংগ্ৰেছত ৰ'বগৈ কোন ? আব্দুৰ ৰছিদ মণ্ডলেও দল এৰিবলৈ দাঙিছে ভৰি ! - Congress internal conflicts

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 7:45 PM IST

Abdur Rashid Mandal: এজন এজনকৈ জ্যেষ্ঠ নেতাই এৰিছে কংগ্ৰেছ দল । বৃহস্পতিবাৰে ৰমেন বৰঠাকুৰে কংগ্ৰেছ ত্যাগ কৰাৰ পিচত এইবাৰ নাম উচ্চাৰিত হৈছে আব্দুৰ ৰছিদ মণ্ডলৰ । প্ৰদেশ কংগ্ৰেছে কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰিছে মণ্ডলক ।

CONGRESS INTERNAL CONFLICTS
Abdur Rashid Mandal

গুৱাহাটী, ৪ এপ্ৰিল: এইবাৰ কংগ্ৰেছ দল এৰিব নেকি গোৱালপাৰা পশ্চিমৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে ? ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰে সংঘাত তুংগত আব্দুৰ ৰছিদ মণ্ডলৰ । ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰি অহা ৰছিদ মণ্ডললৈ কাৰণ দৰ্শোৱাৰ জাননী কংগ্ৰেছ নেতৃত্বৰ । চৰ্চা চলিছে কংগ্ৰেছ ত্যাগ কৰি AIUDF-লৈ যাবলৈ এখন ভৰি দাঙি আছে গোৱালপাৰা পশ্চিমৰ প্ৰাৰ্থীগৰাকী ৷

Abdur Rashid Mandal
কাৰণ দৰ্শোৱাৰ জাননী

এনে পৰিৱেশতে কংগ্ৰেছে দলে দল বিৰোধী কাৰ্যকলাপ আৰু অনুশাসন ভংগৰ অভিযোগ তুলি বিধায়কজনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে । কাৰণ দৰ্শাবলৈ বিধায়কজনক দুদিনৰ সময় সীমা বান্ধি দিছে কংগ্ৰেছ । এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশ মতে সাংগঠনিক সম্পাদক বিপুল কুমাৰ গগৈয়ে জাৰি কৰিছে জাননীখন ।

এই জাননীখনত কোৱা হৈছে, "এপিচিচিৰ সভাপতি ভূপেন কুমাৰ ডাঙৰীয়াক জনোৱা হৈছে যে আপুনি ইচ্ছাকৃতভাৱে দলীয় অনুশাসন উলংঘা কৰি বহু দলবিৰোধী কাৰ্যকলাপত জড়িত হৈ আহিছে । যিটোৱে দলীয় কৰ্মীৰ মনত প্ৰশ্নৰ উত্থাপন কৰিছে । তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ২ নং ধুবুৰী লোকসভাৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে আপুনি প্ৰত্যক্ষ জড়িত থকাৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে ৷ মাননীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশ অনুসৰি কাৰণ দৰ্শোৱাৰ জাননী আপোনালৈ প্ৰেৰণ কৰা হৈছে আৰু আপুনি বাৰে বাৰে দলীয় অনুশাসন উলংঘা কৰা আৰু দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ বাবে আপোনাৰ বিৰুদ্ধে ব্যৱস্থা কিয় লোৱা নহ'ব সেই বিষয়ে দুদিনৰ ভিতৰত উত্তৰ প্ৰেৰণ কৰিবলৈ আপোনাক অনুৰোধ জনোৱা হ'ল ।"

উল্লেখযোগ্য যে ৰাজনীতিতৰ চৰ্চিত সমীকৰণ অনুসৰি ২০২৬ৰ বিধানসভা নিৰ্বাচনত গোৱালপাৰা পূৱ সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু হৈছে ৰছিদ মণ্ডল । গোৱালপাৰা পূৱ সমষ্টিৰ এতিয়াৰ বিধায়ক এ.কে. ৰছিদ আলম ৰকিবুল হুছেইনৰ অতি অনুগত । আনহাতে নিজাকৈ ৰকিবুল হুছেইনৰ সৈতে থকা সংঘাতৰ বাবে সেয়া সম্ভৱ হৈ নুঠিব বুলি জানি সময়ত কংগ্ৰেছ এৰি AIUDF-ৰ হৈ নিৰ্বাচন খেলিবলৈ প্ৰস্তুতি চলাইছে ৰছিদ মণ্ডলে ।

লগতে পঢ়ক: কংগ্ৰেছত অব্যাহত খহনীয়া : পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে - Romen Borthakur Resigns Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.