ETV Bharat / politics

ৰাজভোগ এৰি চি বি আই, ইডিৰ গোচৰৰ বাবে সাজু হওক: মুখ্যমন্ত্ৰীক ক’লে ভূপেন বৰাই - Bhupen Borah slams Assam CM

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 3:37 PM IST

Bhupen Borah on Himanta Biswa Sarma : মুখ্যমন্ত্ৰীৰ গাদী এৰি চি বি আই, ইডিত পৰি থকা গোচৰৰ মুখামুখি হোৱাৰ বাবে সাজু হ’বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালে ভূপেন বৰাই ৷ ড৹ শৰ্মাই ইতিমধ্যে লক্ষ্মণ ৰেখা অতিক্ৰম কৰা বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ৷

Bhupen Borah on Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা (ETV Bharat Assam)

গুৱাহাটী, ২৫ আগষ্ট : ‘‘জুন মাহৰ ৪ তাৰিখৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা কথা-বাৰ্তাৰ অন্তৰালৰ কথাখিনি সকলোৱে উপলব্ধি কৰিলে আমাৰ ৰাজ্যখনৰ বাবে ভাল হ’ব ।’’- এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা (ETV Bharat Assam)

বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পাইছে:

তিনিদিনীয়া কাৰ্যসূচীৰে দিল্লীলৈ যোৱা ভূপেন বৰাই দেওবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘‘৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল আহিছিল আৰু ২৭৯০০৫৬৫ টা ভোটৰ গণনা হৈছিল । তাৰ ভিতৰত ৭৯ লাখ ২৪ হাজাৰ ৮০৪ টা ভোট আমি কংগ্ৰেছ তথা ইণ্ডি এলায়েন্সে পাইছোঁ ৷ মুখ্যমন্ত্ৰীয়ে ভালদৰে বুজি পাইছে যে ২০২৪ৰ লোকসভা নিৰ্বাচনটোৱেই একমাত্ৰ নিৰ্বাচন য'ত নিৰ্বাচন হৈ যোৱাৰ পিচত ইণ্ডি এলায়েন্স আৰু অসমত বিশেষকৈ কংগ্ৰেছ আৰু বিৰোধীসকলৰ জনপ্ৰিয়তা তীব্ৰভাৱে বৃদ্ধি পাইছে । বিজেপি সন্মিলিত শক্তিবোৰক ৪ জুনৰ পিচত ৰাইজে বেছি ভালকৈ মূল্যাংকন কৰিছে । মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ জনপ্ৰিয়তা তীব্ৰগতিত হ্ৰাস পাইছে ।’’

আজমল নহ'লে মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰাসংগিকতা কমি যাব বুলি ভয় খাইছে:

তদুপৰি ভূপেন বৰাই কয়, ‘‘এতিয়া অসমৰ ৰাইজৰ মুখে মুখে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলা ব্যাপক লুণ্ঠন আৰু কেলেংকাৰী । ঋণ-ধাৰ কৰি চৰকাৰ চলাব নোৱৰা হৈছে ৷ চাৰিওফালে আন্দোলনৰ পৰিৱেশ । এই গোটেই পৰিস্থিতিটোৰ পৰা হাত সাৰিবৰ বাবে যোৱা ৪ জুনৰ পৰা মুখ্যমন্ত্ৰীৰ এটাই সন্ধান আৰম্ভ হৈছে ৷ ৪ জুনত মুখ্যমন্ত্ৰী আটাইতকৈ বেছি বিচলিত হোৱাৰ কাৰণটো হৈছে বদৰুদ্দিন আজমল পৰাজয় হোৱাটো । আজমল নহ'লে মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰাসংগিকতা কমি যাব বুলি ভয় খাইছে । সেইদৰে এ আই ইউ ডি এফ নোহোৱাক লৈ বিজেপিয়ে ভয় খাইছে ।’’

আজমল সৃষ্টিৰ চেষ্টাত ব্ৰতী মুখ্যমন্ত্ৰীৰ:

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে এতিয়া কংগ্ৰেছ দলৰ ভিতৰতে হওক বা বাহিৰতে হওক আজমল সৃষ্টি কৰাৰ চেষ্টাত আছে । বৰ্তমান মুখ্যমন্ত্ৰী আৰু বিজেপি বিপদত পৰিছে ৷ আজি বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকলৈকে কাকো মুখ্যমন্ত্ৰীয়ে ৰেহাই দিব বিচৰা নাই ৷ মই সকলোৰে প্ৰতি আহ্বান জনাম যে বিজেপি আৰু মুখ্যমন্ত্ৰীয়ে তৃতীয়বাৰ ক্ষমতালৈ অহাৰ বাবে পেলোৱা জালত আমি কোনোবাই জ্ঞাতে-অজ্ঞাতে ভৰি দিছো নেকি সেইটো চিন্তা কৰাৰ সময় সমাগত । সংঘাত, সংশয় আৰু অবিশ্বাসৰ বাতাবৰণ কৰাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । সংবিধানৰ নামত শপত লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে লক্ষ্মণ ৰেখা অতিক্ৰম কৰিছে । মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা আপুনি শেষ কৰি দিব বিচাৰিছে ।’’

এজন আজমল লাগে মুখ্যমন্ত্ৰীক:

ভূপেন বৰাই লগতে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে কথা সলনি কৰে । কংগ্ৰেছ দল আৰু বিৰোধী ঐক্য মঞ্চৰ সভাপতি হিচাপে আমি বিষয়টো অতি গভীৰভাৱে বিশ্লেষণ কৰি আছো । ৰাইজেও বিষয়টো চাই আছে । মুখ্যমন্ত্ৰীৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে তেওঁক এজন আজমল লাগে । মুখ্যমন্ত্ৰীক সহযোগিতা কৰা এটা বাহিনী লাগে ।’’

নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসমৰ পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰি ভূপেন বৰাই কয়, ‘‘মুখ্যমন্ত্ৰীক এটাই কথা ক’ম যে আমি আপোনাৰ জাল ফালি ওলাই যাম । আপোনাৰ চক্ৰবেহুত কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চ বন্দী নহয় । সাহস আৰু সামৰ্থ আছে যদি আপুনি উন্নয়নত জোৰ দিয়ক । নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ চেষ্টা কৰক । অন্যথা দিছপুৰৰ ৰাজভোগ এৰি, মুখ্যমন্ত্ৰীৰ গাদী এৰি আহি থকা সময়ত চি বি আই, ইডিত পৰি থকা গোচৰসমূহৰ মুখামুখি হোৱাৰ বাবে সাজু হওক ।’’

লগতে পঢ়ক : আলফা(স্বা)ৰ শক্তি নাই বুলি ক’ব নোৱাৰি, সকলো আছে তেওঁলোকৰ : মুখ্যমন্ত্ৰী ড৹ শৰ্মা

স্মাৰ্ট মিটাৰ বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰস্তাৱ : পৰীক্ষাৰ বাবে সাংবাদিকৰ ঘৰত দুটাকৈ মিটাৰ বহুৱাৰ পৰামৰ্শ

অসমৰ বাহিৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে চাকৰিৰ ক্ষেত্ৰত হ’ব অতিৰিক্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.