ETV Bharat / politics

অমৃত কালৰ নহয় অসমৰ বিনাশ কালৰ বাজেট : ভূপেন বৰা

Assam Budget 2024: অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া । অসমৰ ভৱিষ্যতৰ প্ৰজন্মক লৈ কোনো ধৰণৰ দূৰদৰ্শী চিন্তা নাই বাজেটত । অসমীয়া জাতিক পংগু কৰিবৰ বাবে, জাতিৰ কৰ্ম-সংস্কৃতি নিশেষ কৰিবৰ বাবে আৰু যুৱপ্ৰজন্মক পৰনিৰ্ভৰশীল কৰিবৰ বাবে কেৱল ভোটকেন্দ্ৰিকভাৱে প্ৰস্তুত কৰা হৈছে বাজেটখন ।

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 5:23 PM IST

Assam Budget 2024
অমৃত কালৰ নহয় অসমৰ বিনাশ কালৰ বাজেট
অমৃত কালৰ নহয় অসমৰ বিনাশ কালৰ বাজেট

গুৱাহাটী,১৩ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেটক অসমৰ বিনাশ কালৰ বাজেট আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । উল্লেখ্য যে সোমবাৰে বিধানসভাত বিত্ত মন্ত্রী অজন্তা নেওগে দাখিল কৰে অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট । এই বাজেট সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন কুমাৰ বৰাই কয় যে অসমীয়া জাতিক পংগু কৰিবৰ বাবে, জাতিৰ কৰ্ম-সংস্কৃতি নিশেষ কৰিবৰ বাবে আৰু যুৱপ্ৰজন্মক পৰনিৰ্ভৰশীল কৰিবৰ বাবে কেৱল ভোটকেন্দ্ৰিকভাৱে এই বাজেটখন প্ৰস্তুত কৰা হৈছে ।

বাজেটত ধাৰ্য কৰা টকাতকৈ বহু বেছি পৰিমাণত ৰাজ্যখন ধাৰত পোত গৈ আছে । আজিৰ তাৰিখত ১ লাখ ৪৮ হাজাৰ ২৩৮ কোটি টকা অসমে ধাৰ লৈ আছে । তেওঁ লগতে কয় যে মুখ্যমন্ত্রীগৰাকীয়ে প্ৰতিদিনে গড়ে ৬ লাখ টকা হেলিকপ্টাৰত খৰচ কৰে । আনহাতে ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হোৱাৰ পাছত প্ৰতিদিনে গড়ে ২ কোটি টকা হিচাপত ঋণ লৈ থকা হৈছে । ধাৰ লৈ চৰকাৰখনে কোনো উৎপাদনশীল নাইবা নিয়োগ সৃষ্টিকাৰী আঁচনিত গুৰুত্ব দিয়া নাই ।

চৰকাৰখনে শিক্ষাৰ্থীক স্কুটী দিছে যদিও ইন্ধনৰ যোগাৰ সন্দৰ্ভত কোনো দিশ নিৰ্ণয় কৰি দিয়া নাই । সেইদৰে অৰুণোদয় আঁচনিত মুখ্যমন্ত্রীয়ে হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি গৈ আছে বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা কৰ্মসংস্কৃতি ৰুদ্ধ কৰাৰ চেষ্টা কৰি আছে । ১২০০ নাইবা ১৫০০ টকাত কোনো জাতিয়ে নিজকে আত্মনিৰ্ভৰশীল জাতি বুলি ক'ব পাৰিব নেকি বুলি তেওঁ প্ৰশ্ন কৰে । আমি অসম পৰনিৰ্ভৰশীল হোৱাটো নিবিচাৰো বুলি সদৰী কৰি তেওঁ কয় যে আমি অসম আত্মনিৰ্ভৰশীল হোৱাটো বিচাৰো ।

আজি মুখ্যমন্ত্রীয়ে কেৱল ক্ষমতাকেন্দ্ৰিক, নিৰ্বাচনকেন্দ্ৰিক, ভোটকেন্দ্ৰিক আৰু হ্ৰস্বম্যাদি চিন্তাৰে এই কামবোৰ কৰি আছে বুলি তেওঁ অভিযোগ কৰে । তেওঁ লগতে কয় যে অসমৰ ভৱিষ্যতৰ প্ৰজন্মক লৈ কোনো ধৰণৰ দূৰদৰ্শী চিন্তা এই বাজেটত দেখিবলৈ পোৱা নাই । পূৰ্বৰ বাজেটসমূহৰ প্ৰসংগত তেওঁ 'কেগ'ৰ প্ৰতিবেদনৰ কথা সদৰী কৰি কয় যে কোনো এখন বাজেটৰ ৭০ শতাংশ কাম কৰিব পৰা নাই ।

তেওঁ লগতে কয় যে চৰকাৰে অযোধ্যালৈ যোৱাটো বিনামূলীয়া কৰি দিছে ভাল কথা যদিও সেই পৰিয়ালটোক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে কি চিন্তা কৰিছে চৰকাৰে । এই বাজেটখন অমৃত কালৰ নহয় অসমৰ বিনাশ কালৰ বাজেট । ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে স্বাধীনোত্তৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰত্যেকজন মানুহৰ ওপৰত ৪৪,৯২১ টকাৰ ধাৰৰ বোজা আছে । তেওঁ লগতে কয় যে জনতাৰ ওপৰত ধাৰ লৈ মুখ্যমন্ত্রীয়ে হেলিকাপ্টাৰত ঘূৰিছে, বিয়া খাবলৈ গৈছে ।

লগতে পঢ়ক :বিত্তমন্ত্ৰী হোৱাৰ যোগ্যতা নাই অজন্তা নেওগৰ: কৃষক মুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.