ETV Bharat / politics

কি হ’ব কোকৰাঝাৰ লোকসভা সমষ্টিৰ অংক ? - LOK SABHA ELECTION 2024

LOK SABHA POLLS : বিগত দুটাকৈ কাৰ্যকালৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল হোৱা কোকৰাঝাৰ লোকসভা সমষ্টিত আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিলৰ পাচতেই সলনি হয় সংসদীয় সমষ্টিটোৰ ৰাজনৈতিক দৃশ্যপট । মুঠ 12 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱা কোকৰাঝাৰ সমষ্টিক লৈ এইবাৰ কোন দলৰ অংক কি ? সমষ্টিটোৰ বিস্তৃত তথ্য লৈ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এই বিশেষ প্ৰতিবেদন-

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 6:59 AM IST

LOK SABHA ELECTION 2024
কি হ’ব কোকৰাঝাৰ লোকসভা সমষ্টিৰ অংক ? (GOOGLE)

নগাঁও, 7 মে’ : আজি অসমত তৃতীয় পৰ্যায়ৰ তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । আজি ৰাজ্যখনৰ চাৰিটা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ এই চাৰিটা লোকসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে কোকৰাঝাৰ লোকসভা সমষ্টি । সমষ্টিটোৰ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিলৰ পিচতেই সলনি হৈছে সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণ ।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ মুঠ 14 লক্ষাধিক ভোটাৰে আজি নিৰ্ণয় কৰিব 12 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য । সমষ্টিটো দখলৰ বাবে এইবাৰ শাসকীয় বিজেপিৰ অন্যতম অংশীদাৰী দল ইউ পি পি এলৰ প্ৰাৰ্থীৰ হৈ বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ লগতে নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথৰ পৰা ৰাজ্যৰ মন্ত্ৰী পীযুষ হাজৰীকা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈকে নামি পৰে প্ৰচাৰ অভিযানত । কিন্তু সমষ্টিটোৰ ভোটাৰে আজি কাৰ পক্ষত ৰায়দান কৰে সেয়া স্পষ্ট হ’ব 4 জুনৰ ফলাফলতহে ।

সমষ্টিটোৰ কিছু তথ্য জানো আহক :

কোকৰাঝাৰ সমষ্টিৰ মুঠ প্ৰাৰ্থী :

14 লক্ষাধিক ভোটাৰ থকা কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা এইবাৰ মুঠ 12 গৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । সমষ্টিটোৰ বিগত দুটাকৈ কাৰ্যকালৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এইবাৰো মনোনয়ন দাখিল কৰিছিল যদিও পৰৱৰ্তী সময়ত বাতিল হয় নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন । নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল হোৱাৰ পাচতো মুঠ 12 গৰাকী প্ৰাৰ্থীৰ মাজত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ।

সমষ্টিটোত বড়োলেণ্ড পিপলছ ফ্রন্ট অৰ্থাৎ বি পি এফৰ দলৰ পৰা খাম্পা বৰগয়াৰী, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা গর্জন মুছাহাৰী, ইউনাইটেড পিপল'ছ পার্টী লিবাৰেল অৰ্থাৎ ইউ পি পি এল দলৰ পৰা জয়ন্ত বসুমতাৰী, অল ইণ্ডিয়া তৃণমূল কংগ্রেছ দলৰ পৰা গৌৰী শংকৰ শৰণীয়া, গণ সুৰক্ষা পার্টীৰ পৰা বিনীতা ডেকা, ভোটাৰ্ছ পার্টী ইন্টাৰনেশ্যনেল দলৰ পৰা ললিত পেগুৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অজয় নাৰ্জাৰী, জ্যোতিষ কুমাৰ দাস, তৃপ্তিনা ৰাভা, পংকজ ইস্নাৰী, পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ আৰু ৰঞ্জয় কুমাৰ ব্রহ্মই নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা :

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত বৰ্তমান কোকৰাঝাৰ সংসদীয় সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে 14 লাখ 84 হাজাৰ 571 । ইয়াৰে গোসাঁইগাঁও বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1 লাখ 14 হাজাৰ 479 । বিধানসভা সমষ্টিটোত মুঠ পুৰুষ ভোটাৰ 57 হাজাৰ 552 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ হৈছে 56 হাজাৰ 826 গৰাকী । গোসাঁইগাঁও বিধানসভা সমষ্টিত আছে এগৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

দতমা বিধানসভা সমষ্টি : কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত দতমা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1 লাখ 05 হাজাৰ 902 । বিধানসভা সমষ্টিটোত মুঠ ভোটাৰৰ 52 হাজাৰ 519 গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 53 হাজাৰ 383 গৰাকী । সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা শূন্য ।

কোকৰাঝাৰ বিধানসভা সমষ্টি : কোকৰাঝাৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1 লাখ 42 হাজাৰ 516 । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা
69 হাজাৰ 909 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 72 হাজাৰ 605 । কোকৰাঝাৰ বিধানসভা সমষ্টিত 2 গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে

বৌখুংৰী বিধানসভা সমষ্টি : বৌখুংৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1 লাখ 61 হাজাৰ 7 গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ 80 হাজাৰ 213 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ আছে 80 হাজাৰ 793 গৰাকী । সমষ্টিটোত আছে এগৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

পৰ্বতঝোৰা বিধানসভা সমষ্টি : কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত পৰ্বতঝোৰা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1 লাখ 69 হাজাৰ 486 । ইয়াৰ পুৰুষ ভোটাৰ 86 হাজাৰ 571 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 82 হাজাৰ 914 গৰাকী। বিধানসভা সমষ্টিটোত আছে এগৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

চিডলী চিৰাং বিধানসভা সমষ্টি : চিডলী চিৰাং বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2 লাখ 12 হাজাৰ 838 । ইয়াৰে পুৰুষ ভোটাৰ 1 লাখ 05 হাজাৰ 485 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 1 লাখ 07 হাজাৰ 351 গৰাকী । সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা দুগৰাকী ।

বিজনী বিধানসভা সমষ্টি : বিজনী বিধানসভা সমষ্টিত মুঠ ভোটাৰ আছে 1 লাখ 78 হাজাৰ 614 ৷ ইয়াৰে পুৰুষ ভোটাৰ 89 হাজাৰ 317 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 89 হাজাৰ 297 গৰাকী । সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা শূন্য ।

মানাহ বিধানসভা সমষ্টি : মানাহ বিধানসভা সমষ্টিটোত আছে মুঠ 2 লাখ 03 হাজাৰ 480 ভোটাৰ । ইয়াৰে পুৰুষ ভোটাৰ 1 লাখ 02 হাজাৰ 510 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 1 লাখ 970 গৰাকী । বিধানসভা সমষ্টিটোতো নাই এগৰাকীও তৃতীয় লিংগৰ ভোটাৰ ।

বাক্সা বিধানসভা সমষ্টি : বাক্সা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1 লাখ 96 হাজাৰ 349 । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 97 হাজাৰ 252 গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ আছে 99 হাজাৰ 97 গৰাকী । বাক্সা বিধানসভা সমষ্টিত নাই এগৰাকীও তৃতীয় লিংগৰ ভোটাৰ ।

অৰ্থাৎ কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 14 লাখ 84 হাজাৰ 571 । ইয়াৰে পুৰুষ ভোটাৰ হৈছে 7 লাখ 41 হাজাৰ 328 গৰাকী আৰু মহিলা ভোটাৰ হৈছে 7 লাখ 43 হাজাৰ 236 গৰাকী । সংসদীয় সমষ্টিটোৰ মুঠ 9 টা বিধানসভা সমষ্টিত মুঠ 7 গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে ।
ইপিনে আজি পুৱাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ বাবে সংসদীয় সমষ্টিটোত মুঠ 1 হাজাৰ 862 টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে । প্ৰতিটো ভোট কেন্দ্ৰতে জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । মোতায়ন কৰা হৈছে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী ।

কোকৰাঝাৰ লোকসভা সমষ্টিটোত মুঠ 12 গৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে যদিও সমষ্টিটোত মূল যুজঁখন বিজেপিৰ মিত্ৰদল ইউ পি পি এল আৰু কংগ্ৰেছৰ মাজতে হ’ব বুলি ধাৰণা কৰিছে ৰাজনৈতিক মহলে । অৱশ্যে অহা 4 জুনৰ ফলাফলতহে স্পষ্ট হ’ব নৱ শৰণীয়াৰ দখলত থকা সমষ্টিটোৰ পৰৱৰ্তী সাংসদ কোন হ’ব ?

লগতে পঢ়ক: ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ ৪ সমষ্টিত কাইলৈ ভোটযুদ্ধ, ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.