বিশেষ প্ৰতিবেদন, ২৬ এপ্ৰিল : অসমৰ বৰাক উপত্যকাৰ দুই লোকসভা সমষ্টি শিলচৰ আৰু কৰিমগঞ্জতো আজি ‘‘লোকসভা নিৰ্বাচন, ২০২৪’’ ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ শিলচৰ লোকসভা সমষ্টিৰ নিৰ্বাচন এইবাৰ বিশেষকৈ লক্ষণীয় হৈছে । পূৰ্বে মুকলি সমষ্টি হিচাবে থকা শিলচৰ এইবাৰ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত অনুসূচীত লোকৰ বাবে সংৰক্ষিত কৰা হয় ।
লোকসভা নিৰ্বাচনৰ প্ৰতিদন্দ্বীসকল :
এইবাৰৰ লোকসভা নিৰ্বাচনত শিলচৰ সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা কৰিছে -
১/ পৰিমল শুক্লবৈদ্য, বিজেপি
২/ সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ
৩/ ৰাধেশ্যাম বিশ্বাস, তৃণমূল কংগ্ৰেছ
৪/ অনন্ত মোহন ৰায়, নিৰ্দলীয়
৫/ বাৰিন্দ্ৰ কুমাৰ দাস, বেংগলী নৱ নিৰ্মাণ সেনা
৬/ প্ৰভাস চন্দ্ৰ সৰকাৰ, SUCI
৭/ ৰাজীৱ দাস, বহুজন মহা পাৰ্টী
৮/ ৰাজু দাস, নিৰ্দলীয়
ভোটাৰৰ সংখ্যা :
পূৰ্বে মুক্ত আসন শিলচৰ এইবাৰ অনুসূচীত লোকৰ বাবে সংৰক্ষিত । বৰাক উপত্যকাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ শিলচৰ চহৰ ৷ আকাৰ আৰু জনসংখ্যাৰ দিশৰ পৰা অসমৰ দ্বিতীয় বৃহত্তম চহৰ শিলচৰ ।
শিলচৰ সমষ্টিত বৰ্তমান মুঠ ১৩,৫১,৪৯৬ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি নিশ্চিত কৰিব সংসদলৈ নিজৰ জনপ্ৰতিনিধি ৷ শিলচৰ লোকসভা সমষ্টিত আছে মুঠ ৭ টা বিধানসভা সমষ্টি ৷ সেইকেইটা হ’ল - শিলচৰ, সোণাই, ধলাই(SC), উধাৰবন্দ, লক্ষীপুৰ, বৰখলা আৰু কাটিগড়া ।
শিলচৰ লোকসভা সমষ্টিত আছে ১৩,৫১,৪৯৬ ভোটাৰ৷ ইয়াৰে ভিতৰত -
- মহিলা ভোটাৰৰ সংখ্যা : ৬৭,৫১৪১ গৰাকী
- পুৰুষ মহিলাৰ সংখ্যা : ৬৭,৬৩৩১ জন
- তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা : ২৪ গৰাকী
শিলচৰ লোকসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১৫৫১ টা ৷ ইয়াৰে ১৩৫ টা ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্বাচন আয়োগৰ দ্বাৰা স্পৰ্শকাতৰ বুলি চিহ্নিত । মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ ২১০ টা ৷
বিধানসভা সমষ্টি ভিত্তিত ভোটাৰৰ সংখ্যা আৰু ভোট কেন্দ্ৰৰ সংখ্যা :
- শিলচৰ- ভোটাৰৰ সংখ্যা ২,১৩৩৮৬ গৰাকী । মুঠ ১৯৫ টা ভোটগ্ৰহণ কেন্দ্ৰ ।
- সোণাই - ভোটাৰৰ সংখ্যা ১৮,৫,৯৫২ গৰাকী । ২২২ টা ভোটগ্ৰহণ কেন্দ্ৰ ৷
- ধলাই(SC) - ভোটাৰৰ সংখ্যা ১৯০৭৭৪ গৰাকী ৷ ২০৬ টা ভোটগ্ৰহণ কেন্দ্ৰ ।
- উধাৰবন্দ - ভোটাৰৰ সংখ্যা ১৮৪৩৭২ গৰাকী ৷ ২১১ টা ভোটগ্ৰহণ কেন্দ্ৰ ।
- লক্ষীপুৰ - ভোটাৰৰ সংখ্যা ১৬৮২০২ গৰাকী । ১৯৫ টা ভোটগ্ৰহণ কেন্দ্ৰ ৷
- বৰখলা - ভোটাৰৰ সংখ্যা ১৯৯১৫২ গৰাকী ৷ মুঠ ২৩৭ টা ভোট গ্ৰহণ কেন্দ্ৰ ।
- কাটিগড়া - ভোটাৰৰ সংখ্যা ২০৯৬৫৮ গৰাকী ৷ মুঠ ২৪৭ টা ভোটগ্ৰহণ কেন্দ্ৰ ৷
ইতিহাস আৰু সংসদীয় জনাদেশৰ ধাৰা :
শিলচৰ সংসদীয় আসনখনৰ বাবে সদায় বিজেপি আৰু কংগ্ৰেছৰ মাজতেই যোৱা কেইবাটাও দশক ধৰি মূল নিৰ্বাচনী যুঁজখন হৈ আহিছে । দেশৰ স্বাধীনতাৰ পাচত ১৯৫২ ৰ পৰা ২০১৪ চনলৈকে কংগ্ৰেছে এই আসনখনত মুঠ ৮ বাৰকৈ জয়লাভ কৰিছে । ২০১৯ত বিজেপিয়ে নিজৰ দখললৈ নিয়ে আসনখন ৷ এইবাৰ লোকসভা নিৰ্বাচনৰ মূল যুঁজখনো বিজেপিৰ পৰিমল শুক্লবৈদ্য আৰু কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰৰ মাজত হ’ব বুলি ধাৰণা কৰা হৈছে ৷ দৌৰত আছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস ।
১৯৫২ ৰ পৰা ২০১৯ লৈ শিলচৰৰ সাংসদৰ তালিকা :
- ১৯৫২ - নিবাৰণ চন্দ্ৰ লস্কৰ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৫২ - সুৰেশ চন্দ্ৰ দেৱ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৫৭ - নিবাৰণ চন্দ্ৰ লস্কৰ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৬২ - জ্যোৎস্না চন্দ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৬৭ - জ্যোৎস্না চন্দ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৭১ - জ্যোৎস্না চন্দ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৭৪ - নুৰুল হুদা, ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)
- ১৯৭৭ - ৰছিদা হক চৌধুৰী (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৮০ - সন্তোষ মোহন দেৱ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৮৪ - সন্তোষ মোহন দেৱ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৮৯ অসমত অনুষ্ঠিত নহ’ল নিৰ্বাচন
- ১৯৯১ - কবীন্দ্ৰ পুৰকায়স্থ (ভাৰতীয় জনতা পাৰ্টী)
- ১৯৯৬ - সন্তোষ মোহন দেৱ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ১৯৯৮ - কবীন্দ্ৰ পুৰকায়স্থ (ভাৰতীয় জনতা পাৰ্টী)
- ১৯৯৯ - সন্তোষ মোহন দেৱ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ২০০৪ - সন্তোষ মোহন দেৱ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ২০০৯ - কবীন্দ্ৰ পুৰকায়স্থ (ভাৰতীয় জনতা পাৰ্টী)
- ২০১৪ -সুস্মিতা দেৱ (ভাৰতীয় জাতীয় কংগ্ৰেছ)
- ২০১৯ - ড৹ ৰাজদ্বীপ ৰয় (ভাৰতীয় জনতা পাৰ্টী)
২০১৯ ৰ জনাদেশ কি আছিল ?
বিজেপিৰ দখলত থকা সমষ্টিটোৰ বিদায়ী সাংসদ ডাঃ ৰাজদীপ ৰয় । ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ ডাঃ ৰাজদ্বীপ ৰয়ে ৪,৯৯,৪১৪ টা ভোট লাভ কৰে ৷ ৰাজদ্বীপ ৰয়ে মুঠ ভোটৰ ৫২ শতাংশ ভোট লাভ কৰিছিল । বিপৰীতে কংগ্ৰেছৰ সুস্মিতা দেৱে ৪,১৭,৮১৮টা ভোট লাভ কৰি লাভ কৰে । শিলচৰত এইটো নিৰ্বাচনত নোটাত ভোট পৰিছিল ৮৫৪৭টা ৷
২০১৯ ত কংগ্ৰেছতকৈ বিজেপিয়ে মুঠ ৬.৫% অধিক ভোট লাভ কৰি জয় লাভ কৰিছিল । এইবাৰ শিলচৰ সমষ্টিটো অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত হোৱাৰ বাবে বৰ্তমানৰ সাংসদ ৰাজদীপ ৰয় বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’বলগীয়া হয় ।
২০১৯ ত শিলচৰত ভোটদানৰ হাৰ আছিল ৭৯.৫১ শতাংশ ৷
লগতে পঢ়ক :