ETV Bharat / politics

নিৰ্বাচন আয়োগক বিজেপিৰ ধেমাধৰা এজেণ্ট আখ্যা অখিল গগৈৰ

কংগ্রেছ দল বিশ্বাসঘাতক । নিৰ্বাচন আয়োগ বিজেপিৰ ধেমাধৰা এজেণ্ট । অসম আৰক্ষী হিমন্ত বাহিনীত পৰিণত হৈছে । লখিমপুৰত বিধায়ক অখিল গগৈৰ বিস্ফোৰণ ।

Akhil Gogoi attack BJP
কংগ্ৰেছ-বিজেপিক তীব্ৰ সমালোচনা অখিল গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 24 hours ago

লখিমপুৰ : বুধবাৰে লখিমপুৰৰ আদালতত হাজিৰ হয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ । এটি পুৰণি গোচৰত তেওঁ আদালতত হাজিৰ হ'বলৈ আহি সংবাদ মাধ্যমৰ আগত বিজেপি দল তথা চৰকাৰ, আৰক্ষী বাহিনী, কংগ্রেছ দল, নিৰ্বাচন আয়োগ আদিৰ বিৰুদ্ধে সৰৱ হৈ পৰে । নিৰ্বাচন আয়োগক বিজেপিৰ ধেমাধৰা এজেণ্ট বুলি অভিহিত কৰাৰ লগতে অসম আৰক্ষী হিমন্ত বাহিনীত পৰিণত হোৱা বুলি তেওঁ কয় । আনহাতে, কংগ্রেছ দলকো তেওঁ বিশ্বাসঘাতক দল বুলি সমালোচনা কৰে ।

উল্লেখ্য, বুধবাৰে ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হৈছে বিধানসভাৰ উপ-নিৰ্বাচন । এক উত্তেজনাময় ঘটনা প্ৰবাহৰ মাজেৰে প্ৰচাৰ অভিযান অন্ত পৰাৰ পাছত বুধবাৰে পুৱাৰে পৰা ভোটগ্রহণ অনুষ্ঠিত হৈছে । ভোট গ্ৰহণ আৰম্ভ হোৱাৰ পিচতে লখিমপুৰত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিজেপি দল, চৰকাৰ তথা অসম আৰক্ষীৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰে । লগতে কংগ্রেছকো তেওঁ বিশ্বাসঘাতক আখ্যা দি সমালোচনা কৰে ।

বিজেপিক আক্ৰমণ অখিল গগৈৰ (ETV Bharat Assam)

অখিল গগৈয়ে কয়, "কংগ্রেছ চৰকাৰৰ দিনত চামগুৰিত কম পৰিমাণে হ'লেও হিংসাত্মক ঘটনা ৰকিবুল হুছেইনে আৰম্ভ কৰিছিল । সম্প্রতি বিজেপিৰ দিনত সেয়াই ব্যাপক ৰূপ ধাৰণ কৰিছে । কংগ্রেছ বিশ্বাসঘাতক দল । আগন্তুক সময়ত দলটোক বিশ্বাসঘাতক ৰূপ ত্যাগ কৰিবলৈ ৰাইজকো আহ্বান জনাইছোঁ ।"

বিজেপি দল তথা চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ বিধায়ক অখিল গগৈয়ে কয়, "বিজেপিয়ে সমগ্র দেশত সন্ত্রাস চলাইছে । বিজেপি থাকিলে জনগণ জীয়াই থাকিব নোৱাৰিব বুলি প্ৰত্যেকেই এতিয়া অনুভৱ কৰিছে ।"

নিৰ্বাচন আয়োগকো সমালোচনা কৰি তেওঁ কয়, "নিৰ্বাচন আয়োগ বিজেপিৰ ধেমাধৰা । বিজেপিৰ এজেণ্ট হিচাপে কাম কৰে নিৰ্বাচন আয়োগে । অসম আৰক্ষী হিমন্ত বাহিনীত পৰিণত হৈছে ।"

লগতে পঢ়ক :আজি পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন; ইভিএমত বন্দী হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য
লগতে পঢ়ক :নিৰ্বাচন আয়োগৰ স্থিতি অত্যন্ত দুৰ্ভাগ্যজনক: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.