ETV Bharat / politics

নিৰ্বাচন শেষ হ’ল, অখিল গগৈৰ সুৰো সলনি হ’ল ! কাৰ কথা মতে নচলে ৰাইজৰ দল ? - Assembly elections 2026 - ASSEMBLY ELECTIONS 2026

MLA Akhil gogoi : নিৰ্বাচন সমাপ্ত হোৱাৰ পাচতে কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ৷ কংগ্ৰেছে বিধায়কগৰাকীক কেইবাৰ জে’লত ভৰাইছিল সেই সন্দৰ্ভতো প্ৰকাশ কৰে প্ৰতিক্ৰিয়াৰ ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভতো আগবঢ়ালে মন্তব্য ৷

Raijor dol MLA Akhil gogoi
জাঁজী মৰাণছিগাত বুথ সন্মিলন আৰু সাংগঠনিক সভা (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 12:05 PM IST

জাঁজী মৰাণছিগাত বুথ সন্মিলন আৰু সাংগঠনিক সভা (Etv bharat assam)

আমগুৰি, 20 মে’ : 2026 ত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে ৰাইজৰ দলে । শিৱসাগৰৰ চুকে-কোণে দলটোৰ সাংগঠনিক ভেঁটি মজবুত কৰিবৰ কাৰণে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত দলীয় কৰ্ম-কৰ্তাসকল উঠি-পৰি লাগিছে । বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত 2026 চনত বিৰোধী ঐক্যমঞ্চই 126 টা বিধানসভা সমষ্টিত সন্মিলিতভাৱে নিৰ্বাচনত অৱৰ্তীণ হ'ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে গগৈয়ে ।

2026 ত বিজেপিক পৰাভূত কৰিবৰ কাৰণে অসম জাতীয় পৰিষদকে ধৰি আঞ্চলিক ৰাজনৈতিক দল একলগ হৈ জাতীয়তাবাদী সত্ত্বাৰে কংগ্ৰেছৰ লগত চামিল হ'ব বুলিও জনায় ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ।

শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত জাঁজী মৰাণছিগাত ৰাইজৰ দলৰ বুথ সন্মিলন আৰু সাংগঠনিক সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে কয়, "বিজেপি, এ আই ইউ ডি এফ আৰু অসম গণ পৰিষদক 2026 চনত পৰাভূত কৰিব লাগিব । হিন্দু-মুছলমানৰ ৰাজনীতি কৰি অসমৰ ৰাজনীতি কলূষিত কৰিলে বিজেপিয়ে । সেয়ে 2026 ত তিনিটা সাম্প্ৰদায়িক ৰাজনৈতিক দল বিজেপি, এ আই ইউ ডি এফ আৰু অসম গণ পৰিষদক অসমৰ পৰা বিদায় দিবই লাগিব ।’’

‘‘ৰাইজৰ দলৰ বুথ সন্মিলন আৰু সাংগঠনিক সভাত অংশগ্ৰহণ কৰি গগৈয়ে কংগ্ৰেছতকৈ বিজেপি বেয়া শক্তি বুলি অভিহিত কৰি কয়, "বিজেপিৰ ফেচিবাদী সাম্প্ৰদায়িক শক্তিয়ে অসমখন গ্ৰাস কৰি পেলাইছে । গণতান্ত্ৰিক ব্যৱস্থাটো বিজেপিয়ে ভাঙি-চিঙি শেষ কৰি পেলাইছে । কংগ্ৰেছে অখিল গগৈক 20 বাৰ জে’লত সুমুৱাইছিল ।’’ তেওঁ কয় ৷

‘‘16 বাৰ বিজেপিয়ে জে’লত দিছে । কংগ্ৰেছৰ ওচৰত আমি চামিল বা আত্মসমৰ্পন কৰা নাই । কংগ্ৰেছৰ কথা মতে ৰাইজৰ দল নচলে । কিন্তু বিজেপিক প্ৰতিহত কৰিবলৈ ৰাইজৰ দল বদ্ধপৰিকৰ ।" গগৈয়ে কয় ৷

লগতে পঢ়ক: ২০২৬ ত বিৰোধীৰ চৰকাৰ গঠন হ’ব: অখিল গগৈ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.