গুৱাহাটী, ৩০ মে’ : ৰাজ্যৰ ৰাজনীতিত এক নতুন সমীকৰণ দেখা যাব নেকি ? সঁচাকৈয়ে একত্ৰিত হ'বনে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ ? ৰাইজৰ দলৰ তৰফৰ পৰা পুনৰবাৰ এই একত্ৰীকৰণৰ পোষকতা কৰা হৈছে । ইয়াৰ বাবে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে অসম জাতীয় পৰিষদলৈ আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ।
ৰাইজৰ দলৰ একত্ৰীকৰণ প্ৰস্তাৱ
গুৱাহাটীত অনুষ্ঠিত ৰাইজৰ দলৰ এক বৰ্ধিত কাৰ্যনিৰ্বাহকত দলটোৱে বৃহস্পতিবাৰে গ্ৰহণ কৰে দুয়োটা দলৰ একত্ৰীকৰণৰ প্ৰস্তাৱ । সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰী কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । ৰাইজৰ দলে লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদলৈ ৰাজ্যৰ বহুধা বিভক্ত আঞ্চলিক শক্তিক শক্তিশালী কৰাৰ স্বাৰ্থত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণৰ বাবে ৰাইজৰ দলে এই বিষয়ে অসম জাতীয় পৰিষদলৈ একত্ৰীকৰণৰ বাবে আনুষ্ঠানিকভাৱে লিখিত প্ৰস্তাৱ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
একত্ৰীকৰণ সন্দৰ্ভত কি কয় অখিল গগৈয়ে
অখিল গগৈয়ে উল্লেখ কৰে যে ইতিমধ্যেই দুয়োটা দলৰ প্ৰতিনিধিয়ে কোইবাবাৰো দুয়োটা দলৰ একত্ৰীকৰণ প্ৰসংগত বৈঠকত মিলিত হৈছে । নিৰ্বাচনী প্ৰচাৰ সভাত অসম জাতীয় পৰিষদৰ একাংশ নেতাৰ অনুৰোধতেই দুয়োটা দল একত্ৰিত হোৱাৰ কথা চলি আছে বুলি ঘোষণা কৰিছিল বুলি অখিল গগৈয়ে মন্তব্য কৰে ।
ৰাইজৰ দলে আগবঢ়োৱা একত্ৰীকৰণৰ প্ৰস্তাৱত যদি অসম জাতীয় পৰিষদে সন্মতি নজনায়, তেন্তে পৰৱৰ্তী পদক্ষেপ কি হ’ব ?
এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয়, অসম জাতীয় পৰিষদ ৰাইজৰ দলৰ সৈতে একত্ৰীকৰণত সন্মত নহ’লেও ৰাজ্যৰ সকলো সৰু-বৰ আঞ্চলিকতাবাদী শক্তিৰ এখন উমৈহতীয়া মঞ্চ গঠনৰ পোষকতা কৰি সেই শক্তিৰ সৈতে আগবাঢ়ি যোৱাৰ বাবে সংকল্প লৈছে ৰাইজৰ দলে ৷ বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহকখনত এই সংকল্প লোৱাৰ কথাও তেওঁ সদৰী কৰে ।
আনহাতে, দুয়োটা দলৰ একত্ৰীকৰণ কিবা কাৰণত হৈ নুঠিলেও ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ স্বাৰ্থত ৰাইজৰ দলকে ধৰি সকলো আঞ্চলিকতাবাদী শক্তিৰ উমৈহতীয়া মঞ্চই কংগ্ৰেছ, বাঁওপন্থী দলসমূহৰ সৈতে একেলগে একেখন মঞ্চৰ পৰা যুঁজ দিয়াৰ বাবে ৰাইজৰ দলে লোৱা সংকল্পৰ কথাও সদৰী কৰে অখিল গগৈয়ে ।
উল্লেখ্য যে ৰাইজৰ দলে দুয়োটা দলৰ একত্ৰীকৰণৰ বিষয়টো আগবঢ়াই নিবৰ বাবে অখিল গগৈক দায়িত্ব আৰু কৰ্তৃত্ব অৰ্পণ কৰে ৷ স্বাভাৱিকতে ৰাইজৰ দলে একত্ৰীকৰণৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ অসম জাতীয় পৰিষদে কিদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।