ETV Bharat / politics

ফণীভূষণ চৌধুৰীৰ দুৰ্গত কোন হ’ব উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ? - BYE ELECTION IN ASSAM

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 8:30 PM IST

Bye election in Bongaigaon : ফণীভূষণ চৌধুৰী এতিয়া সাংসদ হ’ল ৷ বঙাইগাঁৱত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ? সমষ্টিটোত অগপ নে বিজেপিয়ে আগবঢ়াব প্ৰাৰ্থিত্ব ?

By election in Bongaigaon
বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন (ETV Bharat Assam)

বঙাইগাঁও, 14 জুন : 38 বছৰ 5 মাহ 6 দিন এটা সমষ্টিৰ বিধায়ক হৈ থকাৰ পিচত বৃহস্পতিবাৰে পদত্যাগ কৰিলে ফণীভূষণ চৌধুৰীয়ে ৷ ইতিমধ্যে সাংসদ হিচাপে বৰপেটাৰ পৰা নিৰ্বাচিত হোৱাৰ ফলত বিধায়ক পদৰ পৰা পদত্যাগ কৰে ৰাজ্যৰ ৰাজনীতিত ইতিহাস ৰচনা কৰা ফণীভূষণ চৌধুৰীয়ে ৷

মন্ত্ৰী তথা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত (ETV Bharat Assam)

ফণীভূষণ চৌধুৰী সাংসদ হোৱাৰ পিচতে চৰ্চালৈ আহিছে কোনে ল’ব তেওঁৰ পূৰ্বৰ স্থান ? একাদিক্ৰমে আঠবাৰকৈ বিধায়ক হিচাপে বঙাইগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰা ফণীভূষণ চৌধুৰীৰ দিল্লীযাত্ৰাৰ পিচত কোনে বিধানসভা সমষ্টিটোৰ দায়িত্ব ল’ব ? অগপৰ দূৰ্গ বঙাইগাঁও সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ ওপৰত এতিয়া দৃষ্টি নিৱদ্ধ আছে ৰাজনীতিৰ খবৰ ৰখা সকলোৰে ৷

লগতে পঢ়ক: ৰাজ্যত উপ-নিৰ্বাচনক লৈ চৰ্চা, বাজপেয়ী ভৱনত তৎপৰতা

এই সন্দৰ্ভত শুকুৰবাৰে মন্তব্য আগবঢ়ায় অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৷ মহন্তই জনোৱা মতে বঙাইগাঁৱৰ উপ-নিৰ্বাচনতো অগপই প্ৰাৰ্থিত্ব আগবঢ়াব ৷ এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰা হৈছে বুলিও জানিবলৈ দিয়ে কেশৱ মহন্তই ৷

অৱশ্যে অগপৰ ফালৰ পৰা কাক প্ৰাৰ্থী হিচাপে সমষ্টিটোত প্ৰক্ষেপ কৰা হ’ব সেয়া ঠিৰাং কৰা নাই দলটোৱে ৷ এই সন্দৰ্ভত দলৰ মজিয়াত আলোচনা-বিলোচনা হৈ আছে ৷ ইফালে বঙাইগাঁৱৰ উপৰিও ৰাজ্যৰ আন চাৰিটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷ যিকেইটা সমষ্টিৰ বিধায়ক ইতিমধ্যে সাংসদ হিচাপে নিৰ্বাচিত হৈছে ৷ অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই জানিবলৈ দিয়া অনুসৰি বঙাইগাঁৱত অগপই প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিপৰীতে বাকী সমষ্টিকেইটাত বৰ্তমান দখল কৰি থকা দলেই প্ৰাৰ্থিত্ব আগবঢ়াব ৷

লগতে পঢ়ক: সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু উপ-নিৰ্বাচনৰ প্ৰসংগ : দোমোজাত ৰাজ্যৰ নিৰ্বাচন বিভাগ

শুকুৰবাৰে গুৱাহাটীত কেশৱ মহন্তই সাংবাদিকৰে হোৱা বাৰ্তালাপত এইসমূহ কথা উল্লেখ কৰাৰ লগতে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত অসমৰ পৰা দুগৰাকীকৈ সাংসদে মন্ত্ৰিত্ব লাভ কৰাৰ প্ৰসংগতো মন্তব্য আগবঢ়ায় ৷ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা অসম লাভান্বিত হ’ব বুলি আশাপ্ৰকাশ কৰে অগপৰ সভাপতি তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়ক: বিদায়বেলাত ফণীভূষণ চৌধুৰীৰ চকুত আবেগৰ চকুলো: অশ্ৰুসিক্ত নয়নেৰে বিধায়ক পদৰ পৰা পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.