ETV Bharat / politics

ভূপেন বৰাৰ কথাই হাঁহিৰ খোৰাক যোগাই বাবে শুনিবলৈ চেষ্টা কৰো: অতুল বৰা - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 8:30 PM IST

Lok Sabha Polls 2024: চাবুৱা নগৰত নৱগঠিত লাহোৱাল চাবুৱা সমষ্টিৰ কাৰ্যালয় মুকলি কৰি কংগ্ৰেছক সমালোচনা সভাপতি অতুল বৰাৰ । দলটোক নতুনকৈ ন-পুৰণি কৰ্মীৰ সমাহাৰে সজীৱ কৰিবলৈ আহ্বান জনাই সভাপতিগৰাকীয়ে ।

AGP office inaugurated
অসম গণ পৰিষদৰ কাৰ্যালয় মুকলি

অসম গণ পৰিষদৰ কাৰ্যালয় মুকলি

শিৱসাগৰ, ৯ এপ্ৰিল: উজনি অসমৰ একমাত্ৰ চাবুৱা সমষ্টি অসম গণ পৰিষদৰ দখলত । উজনিত অসম গণ পৰিষদৰ চাবুৱা সমষ্টিত পোনাকণ বৰুৱাই বিধায়ক হিচাপে দলটোৰ অস্তিত্ব বজাই ৰাখিছে । এতিয়া ডিব্ৰুগড়, তিনিচুকীয়া সামৰি গঠন হোৱা ডিব্ৰুগড় লোকসভা সমষ্টিত কেৱল এজন বিধায়ক আছে যদিও দলটোৱে প্ৰতিটো বিধানসভা সমষ্টিত নিজৰ সাংগঠনিক কামকাজ আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিছে । আজি চাবুৱা নগৰত নৱগঠিত লাহোৱাল চাবুৱা সমষ্টিৰ কাৰ্যালয় মুকলি কৰা হয় ।এই কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰি দলৰ সভাপতি অতুল বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই । জিলাখনৰ ভিন্ন প্ৰান্তৰৰ পৰা সমবেত অগপৰ শ শ কৰ্মীৰ উপস্থিতিত দুই নেতাই মুকলি কৰিলে লাহোৱাল চাবুৱাত সমষ্টিৰ অগপৰ কাৰ্যালয় । অগপ দলটোক নতুনকৈ ন-পুৰণি কৰ্মীৰ সমাহাৰে সজীৱ কৰি দলটোৰ সাংগঠনিক ভেঁটি সবল কৰি তোলা হৈছে বুলি অতুল বৰাই মন্তব্য প্ৰদান কৰে ।

তেওঁ অসম গণ পৰিষদৰ কাৰ্যালয় মুকলি কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে । অতুল বৰাই কয়," ভূপেন বৰাৰ কথাই হাঁহিৰ খোৰাক যোগাই বাবে শুনিবলৈ চেষ্টা কৰো । ভূপেন বৰাৰ কোনো কথাই আজিলৈকে হৈ উঠা নাই । ভূপেন বৰাই বহুত সপোন দেখে, কিন্তু সকলো সপোন সপোন হৈয়ে থাকিব ।" লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত চাবুৱাত অগপ দলে দলীয় কাৰ্যালয় মুকলি কৰি দলটোৰ সাংগঠনিক ভেঁটিৰ উমান দিবলৈ চেষ্টা কৰিছে ।

লগতে পঢ়ক:বিজেপিৰ বিৰুদ্ধে ৰাইজক আভুৱা ভৰাৰ অভিযোগ গৌৰৱ গগৈৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.