ETV Bharat / politics

অগপই ৪৫ টাকৈ সমষ্টি দাবী কৰিব: জয়নাথ শৰ্মা - PANCHAYAT POLL

ৰঙিয়াত দলীয় কৰ্মীৰ সৈতে বৈঠক অগপৰ । ২০২৬ ৰ নিৰ্বাচনত ৰঙিয়া অগপক লাগিব বুলি দাবী অগপৰ উপ-সভাপতি জয়নাথ শৰ্মাৰ ।

AGP holds meeting with party workers in Rangia regarding panchayat polls
ৰঙিয়াত দলীয় কৰ্মীৰ সৈতে বৈঠক অগপৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2024, 6:16 PM IST

ৰঙিয়া: পঞ্চায়ত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিজেপিৰ লগতে অগপয়ো আৰম্ভ কৰিছে কুচকাৱাজ । মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত মিত্ৰতা সম্বন্ধে ঘোষণা কৰাৰ পাছতে অধিক তৎপৰ হৈছে অসম গণ পৰিষদ । অসমৰ ঠায়ে ঠায়ে দলীয় কৰ্মীসকলৰ সৈতে অনুস্থিত কৰিছে বৈঠক ।

একেদৰে ৰঙিয়াতো অগপ বিধান পৰিষদৰ কাৰ্যালয়ত সোমবাৰে অনুস্থিত হোৱা দলীয় সভাত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জয়নাথ শৰ্মাৰ লগতে সাধাৰণ সম্পাদক সুনীল ডেকা উপস্থিত থাকে ।

ৰঙিয়াত দলীয় কৰ্মীৰ সৈতে বৈঠক অগপৰ (ETV Bharat Assam)

সাংবাদিকৰ প্ৰশ্নত অগ্নিশৰ্মা হৈ পৰে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা । ৰঙিয়া সমষ্টিত অগপৰ কেন্দ্ৰীয় নেতা আৰু অৰ্ণৱ ভৰালীৰ সংঘাতৰ বিষয়টো নস‍্যাৎ কৰে নেতাগৰাকীয়ে । আগন্তুক বিধানসভা নিৰ্বাচনত অগপ দলে আসন দাবী কৰা সম্পৰ্কে মন্তব্য কৰি তেওঁ কয়,"আমাক ছীট লাগে বুলি ক'লে বিজেপিৰ বিৰুদ্ধাচৰণ কৰা বুজাব নেকি ? আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিছোঁ । মনত ৰাখিব, অসম গণ পৰিষদ মিত্ৰজোঁট চৰকাৰৰ সক্রিয় অংশীদাৰ । এই চৰকাৰখনত আন অংশীদাৰ দলসমূহৰ যি অধিকাৰ আছে আমাৰো আছে ।"

ইফালে আগন্তুক ২০২৬ ৰ নিৰ্বাচনত মিত্ৰদলটোৱে কিমান আসন দাবী কৰিব বুলি শোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,"অগপ দলে ৪৫ টাকৈ সমষ্টি দাবী কৰিব । ইয়াৰ উপৰিও বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সমষ্টিও অগপক দিয়াৰ বাবে দাবী তুলিম । ২০২৬ অগপক কমেও ৪৫টা সমষ্টি লাগিব । আমি মিত্রদল বিজেপিক এই কথা জনাই আছোঁ । ২০২৬ৰ বাবে আমি ৰঙিয়া, মঙলদৈ, ছিপাঝাৰকে ধৰি কেইবাটাও সমষ্টি দাবী কৰিছোঁ । এতিয়া কথা হ'ল এই বিষয়টো নিষ্পত্তি হ'ব দুয়ো দলৰ আসন ভাগ-বাটোৱাৰা সম্পৰ্কীয় সভাত ।"

ৰঙিয়াত দলটোৰ সম্ভাব্য প্ৰাৰ্থী সম্পৰ্কে মন্তব্য কৰি অগপৰ জেষ্ঠ নেতাগৰাকীয়ে কয়,"ৰঙিয়াত অগপ দলৰ নেতাৰ অভাৱ নাই । তেওঁ কয় যে ইতিমধ্যে ৩ গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে ৰঙিয়াত ।" ৰঙিয়া সমষ্টিত বিজেপি আৰু অগপৰ মাজত হৈ থকা শীতল যুদ্ধৰ প্ৰসংগত মন্তব্য কৰে জয়নাথ শৰ্মাই । ৰঙিয়াৰ অগপ দুৰ্গস্বৰূপ এই সমষ্টি অগপই মিত্ৰতাৰ স্বাৰ্থত দুবাৰকৈ বিজেপিক এৰি দিছিল যদিও ২০২৬ ৰ নিৰ্বাচনত ৰঙিয়া অগপক লাগিব বুলি দাবী তোলে কেন্দ্ৰীয় নেতাগৰাকীয়ে ।

লগতে পঢ়ক: ৰিপুণ বৰাক গৌৰৱ গগৈতকৈ শ্ৰেষ্ঠ আখ্যা পবিত্ৰ মাৰ্ঘেৰিটাৰ

বিজেপিয়ে কি কৰিলে, কি নকৰিলে ? ধেমাজিত খতিয়ান দিলে ৰকিবুল হুছেইনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.