ETV Bharat / politics

যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ ভয়ংকৰ প্ৰতিবেদন অগপৰ - AGP election report

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:42 PM IST

Jorhat LS seat: যোৰহাটত ভবা ধৰণৰ নহ’ব বিজেপিৰ নিৰ্বাচনী ফলাফল ৷ মিত্ৰদল অগপৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য ৷ খোদ বিজেপি নেতা-কৰ্মীৰ বিৰুদ্ধেই চিপৰাং মৰাৰ অভিযোগ ৷

Jorhat LS seat
AGP election report on Jorhat LS seat (ETV Bharat Assam)

গুৱাহাটী, ২৮ মে’: অসম বিজেপিৰ ভিতৰচ’ৰাত সংঘটিত অন্তঃকন্দল এইবাৰ উদঙাই দেখুৱাইছে মিত্ৰদল অগপই । যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈ বনাম বিজেপিৰ তপন গগৈ নিৰ্বাচনী যুদ্ধখনত তপন গগৈক সহায় কৰা নাছিল একাংশ বিজেপি নেতা-কৰ্মীয়ে । অগপই বিজেপিক দাখিল কৰা প্ৰতিবেদনখনত কোৱা হৈছে যে বিজেপিৰ প্ৰাৰ্থী তপন গগৈৰ যোৰহাটত জয় নিশ্চিত হ’লেও ভোটৰ ব্যৱধান বেছি নহ’ব ।

অগপৰ মতে প্ৰায় ৮০ হাজাৰমান ভোটতহে জয়লাভ কৰিব পৰিব NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে । অগপৰ নিজা সমীক্ষা মতে ডিমৌ (পূৰ্বৰ থাওৰা), তিতাবৰ আৰু মাহমৰাত ভোটত অগ্ৰগতি লাভ নকৰে তপন কুমাৰ গগৈয়ে । কিন্তু বাকী কেইটা সমষ্টিত গৌৰৱ গগৈতকৈ বেছি ভোট লাভ কৰিব যদিও আশা কৰা ধৰণে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে বেছি ভোটৰ ব্যৱধানত আগবাঢ়িব নোৱাৰিব ৷ তাৰ কাৰণ হিচাপে সমষ্টিটোৰ বিজেপিৰ নেতা-কৰ্মীকে পোনপটীয়াভাৱে জগৰীয়া কৰিছে অগপই ।

লগতে পঢ়ক: নতুন আৰু পুৰণিৰ সংঘাত : ৰাজ্যিক বিজেপিত তীব্ৰতৰ বঙহৰ যুঁজ - Assam BJP Conflict

১৪নং যোৰহাট লোকসভা সমষ্টিৰ অগপৰ দুই আহ্বায়ক তথা বিধায়ক প্ৰদীপ হাজৰিকা আৰু ভৱেন্দ্ৰনাথ ভড়ালীয়ে প্ৰস্তুত কৰা প্ৰতিবেদনখনত স্পষ্ট ৰূপত কোৱা হৈছে যে যোৰহাটত তপন গগৈক সহায় নকৰিলে বিজেপি কৰ্মীয়ে । লগতে বিজেপি কৰ্মীয়ে নিৰ্বাচনী পুঁজিৰো সদ্ব্যৱহাৰ নকৰিলে । অগপৰ এই প্ৰতিবেদনে এতিয়া ৰাজ্যত ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি কৰিছে ।

মুঠ ১০ টা যুক্তি আৰু তথ্য উল্লেখ কৰি অগপৰ তৰফৰ পৰা প্ৰথমেই কোৱা হৈছে যোৰহাট লোকসভা সমষ্টিত মিত্রজোঁটৰ প্রার্থী তপন কুমাৰ গগৈৰ বিজয় নিশ্চিত যদিও, পর্যালোচনা সভাৰ আলোচনামর্মে কেতবোৰ নিৰ্দিষ্ট কাৰণৰ বাবে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ’ব নোৱাৰে ।

লগতে পঢ়ক: কাৰোবাৰ উচটনিত কথা কৈছে নেকি অশোক শৰ্মাই ? - Ashok Sarma Controversy

  • প্ৰতিবেদনত কোৱা হৈছে যে কিছু সংখ্যক বিজেপি কর্মীয়ে সম্পূর্ণ সহযোগিতা আগবঢ়োৱা নাই যদিও অগপ কর্মীসকলে নিষ্ঠাৰে তেওঁলোকৰ নিজ নিজ এলেকাত দলীয় কাম-কাজ সম্পাদন কৰি গৈছে ।
  • অগপ কর্মীসকলে নির্বাচনী চিঠি বিতৰণৰ বাবে বিজেপী কর্মীক অনুৰোধ কৰিব লগা হোৱাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে । কিন্তু তেওঁলোকে নির্বাচনৰ আগত চিঠি বিতৰণ সম্পূৰ্ণ কৰা নাই বুলি উল্লেখ কৰিছে ।
  • অগপ-বিজেপি যৌথ সমিতি গঠন কৰা হৈছে যদিও বিজেপি কর্মীসকলে সহযোগ নকৰি নিজাববীয়াকৈ কাম কৰি যোৱাৰো অভিযোগ আছে প্ৰতিবেদনত ।
  • ইয়াৰ উপৰিও কিছুসংখ্যক বিজেপি কর্মীয়ে সহযোগ কৰা নাই বুলি অগপই নিজৰ প্ৰতিবেদনখনত উল্লেখ কৰিছে । এইসকল বিজেপি কৰ্মীয়ে দলৰ বিৰুদ্ধে কাম কৰি যোৱাৰ অভিযোগ আছে বুলি প্ৰতিবেদনত উল্লেখ আছে ।

ইয়াৰ উপৰিও, নগৰ অঞ্চলত মিত্রজোঁটৰ ভোটৰ হাৰ কম, বিশেষকৈ নাজিৰা আৰু তিতাবৰ সমষ্টিত বিৰোধীৰ ভোটৰ হাৰ তুলনামুলকভাৱে বেছি বুলি উল্লেখ কৰিছে পত্ৰখনত ।

লগতে পঢ়ক: দলৰ মজিয়াত ন-পুৰণি ধাৰণাৰ সৃষ্টি হ’ব নালাগে; অসমত বিজেপি উত্থানৰ ইতিহাস সুঁৱৰি দুখ প্ৰকাশ জয়ন্ত দাসৰ - Assam BJP internal clash

বিজেপিৰ বিৰুদ্ধে অগপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অভিযোগটো হ’ল, ‘‘বিজেপিৰ কিছু কিছু গোট-সদস্যই নির্বাচন পুঁজি সঠিকভাৱে ব্যৱহাৰ কৰা-নকৰাৰ অভিযোগ । মিত্রজোঁটে প্রতিটো ভোটগ্রহণ কেন্দ্রলৈ আগবাঢ়োৱা পুঁজি বিজেপিৰ স্থানীয় নেতাসকলে নিজ খেয়াল-খুচি মতে খৰচ কৰাৰ লগতে অগপ কর্মীসকলক গুৰুত্ব দিয়া নাই বুলি অগপই নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে । লগতে কিছু কিছু ভোট কেন্দ্রত বিজেপিৰ বুথ সভাপতিসকলে পুঁজি খৰচ নকৰাৰো অভিযোগ আছে বুলি অগপৰ প্ৰতিবেদনত প্ৰকাশ ।

কেৱল সেয়াই নহয়, চাহ বাগিচা অঞ্চলত তপন গগৈয়ে উচ্চ হাৰত ভোট লাভ কৰিব বুলি নিৰ্বাচনোত্তৰ বিশ্লেষণত ভবা গৈছিল । কিন্তু চাহ বাগিচাত মিত্রজোঁটৰ ভোটৰ হাৰ আশা কৰা ধৰণে বৃদ্ধি পোৱা নাই বুলি অগপই নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে । মিত্রজোঁটে বাগিচাৰ চৰ্দাৰ, চকীদাৰ, আটছা, শ্রমিক সংঘৰ বিষয়ববীয়াৰ নাম সংগ্ৰহ কৰাৰ পাচতো, নির্বাচনী পুঁজি সঠিকভাৱে যোগান ধৰা সত্বেও পুঁজিৰ সদ্ব্যৱহাৰ নোহোৱাৰ অভিযোগ পোৱা গৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক: অসম বিজেপিত তুংগত গৃহযুদ্ধ; এইবাৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাসৰ বিস্ফোৰক পত্ৰ সভাপতি কলিতালৈ - Internal Clash in Assam BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.