ETV Bharat / politics

বঙাইগাঁৱত আনন্দৰ দীপ্তি চকুৱে-মুখে বিয়পিল দীপ্তিময়ীৰ - ASSEMBLY ELECTION 2024

বঙাইগাঁও বিধানসভা সমষ্টিত ১৯৮৫ চনৰ পৰা আৰম্ভ হোৱা অগপৰ বিজয় যাত্ৰা অব্য়াহত ।

Bongaigaon Assembly constituency
অগপৰ দীপ্তিময়ী চৌধুৰীৰ বিজয়ত সমৰ্থকৰ আনন্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 7:40 PM IST

বঙাইগাঁও: উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বঙাইগাঁও জিলা অগপত পদত্যাগৰ জোৱাৰ উঠাৰ সময়ত বহুতেই ভাবিছিল এইবাৰ আঞ্চলিক দলটোৰ দুৰ্গ খহিব ।

পিছে আজি এই সমষ্টিটোত উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই দেখা গ'ল যে বঙাইগাঁৱত অক্ষুন্ন থাকিল অগপৰ বিজয় যাত্ৰা । ফণীভূষণ চৌধুৰীয়ে খোপনি পোতা এই সমষ্টিটোত অগপই আকৌ এবাৰ মাৰিলে বিজয়ৰ হাঁহি ।

অগপৰ দীপ্তিময়ী চৌধুৰীৰ বিজয়ত সমৰ্থকৰ আনন্দ (ETV Bharat Assam)

বঙাইগাঁৱত পুনৰ দুৰ্গ অক্ষুণ্ণ থাকিল অগপ দলৰ । বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হ'ল অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী । ১৯৮৫ চনৰ পৰা একেৰাহে অষ্টমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা দলৰ জ্যেষ্ঠ নেতা তথা লোকসভা নিৰ্বাচনৰ সময়ত বিধায়ক পদ ত্যাগ কৰি সাংসদ হিচাপে নিৰ্বাচিত ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীয়ে ৩৫ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী হয় ।

কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহক ৩৫ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰি বঙাইগাঁৱৰ উপ-নিৰ্বাচনত জয়লাভ কৰে দীপ্তিময়ী চৌধুৰীয়ে । উল্লেখ্য় যে এই উপ-নিৰ্বাচনত অগপ দলৰ প্ৰাৰ্থীক লৈ বিসম্বাদৰ সৃষ্টি হৈছিল । তাৰ পিছতো অগপ প্ৰাৰ্থীগৰাকীয়ে ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰে পৰাই অগ্ৰগতি লাভ কৰি আছিল ।

বঙাইগাঁও কলেজত স্থাপন কৰা ভোটগণনা কেন্দ্ৰত আজি পুৱাৰে পৰা ভোটগণনা আৰম্ভ হয় । উক্ত ভোটগণনাৰ অন্তত অসম গণ পৰিষদ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে ৭৪,৭৩৪ টা ভোট লাভ কৰি বিজয়ী হয় । আনহাতে, উপ-নিৰ্বাচনৰ আন সাতগৰাকী প্ৰাৰ্থীৰ ভিতৰত ব্ৰজেনজিৎ সিংহই ৩৯,৫৭০টা ভোট লাভ কৰে । তদুপৰি মৃত্যুঞ্জয় ৰাভাই ১৩৪৫টা, অনুপ কুমাৰ কৰ্মকাৰে ৫০১৩টা, গৌতম ৰায়ে ২৮৯৬টা, দীপক দাসে ১৮৬৮টা, ভদ্ৰেশ্বৰ বৰ্মনে ১০৯৯টা আৰু শৈলেন্দ্ৰ সৰকাৰে ১৩,৩৮১টা ভোট লাভ কৰে ।

লগতে পঢ়ক:গৌৰৱ গগৈয়ে ৰক্ষা কৰিব নোৱাৰিলে কংগ্ৰেছক: বিহালীত জিকিল দিগন্ত ঘাটোৱাল

চামগুৰিত ২৫ বছৰীয়া এটা অধ্যায় শেষ: ৰকিবুলৰ অভেদ্য দুৰ্গত বিজেপিৰ বিজয়ধ্বজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.