ETV Bharat / politics

ধুবুৰীক লৈ‌‌ কিয় সন্দিহান অতুল‌ বৰা ? - Lok Sabha Election

AGP-BJP joint meeting : সোমবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হয় অগপ আৰু বিজেপিৰ মাজত এখন যৌথ‌ বৈঠক ৷ এই বৈঠকতে অগপৰ সভাপতি অতুল‌ বৰাই ধুবুৰী লোকসভা সমষ্টি সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷

ধুবুৰীকলৈ‌‌ স্পষ্ট নহয় অতুল‌ বৰা
ধুবুৰীকলৈ‌‌ স্পষ্ট নহয় অতুল‌ বৰা
author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 6:20 PM IST

ধুবুৰীক লৈ‌‌ স্পষ্ট নহয় অতুল‌ বৰা

গুৱাহাটী, ১৮ মাৰ্চ : ধুবুৰী লোকসভা সমষ্টিত অগপৰ নিশ্চিত বিজয়ক লৈ সন্দিহান দলটোৰ সভাপতি অতুল বৰা ৷ ধুবুৰীত অগপ বিজয়ী হ’ব বুলি এশ শতাংশই ডাঠি ক’ব পৰা অৱস্থাত নাই সভাপতিগৰাকী ৷ আনকি ধুবুৰীলৈ প্ৰচাৰ চলাবলৈ স্বয়ং মুখ্যমন্ত্ৰী যাব নে নাযায় সেই বিষয়টো এই পৰ্যন্ত অতুল বৰা নিশ্চিত হ’ব পৰা নাই ৷

উল্লেখ্য যে, ৮০ শতাংশ সংখ্যালঘু প্ৰধান সমষ্টি ধুবুৰী সমষ্টিত কংগ্ৰেছৰ পৰা ৰকিবুল হুছেইন, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু অগপৰ পৰা জাভেদ ইছলাম লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব । সোমবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত লোকসভা নিৰ্বাচনক লৈ অগপ আৰু বিজেপিৰ মাজত অনুষ্ঠিত যৌথ‌ বৈঠকৰ অন্তত সভাপতি অতুল‌ বৰাই ধুবুৰী লোকসভা সমষ্টি সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷

বৰাই কয়, ‘‘ধুবুৰীক লৈ আমি আশাবাদী । আমি ১৪ খনৰে সপোন দেখিছোঁ’’ । ধুবুৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইন, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল - কোন অগপৰ প্ৰতিদ্বন্দ্বী‌ হ'ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয়, ‘‘এই সন্দৰ্ভত এতিয়া একো ক'ব নোৱাৰো ।‌ কাৰণ‌ ভোটদানলৈ দিন আছে ।‌‌ প্ৰচাৰ‌ আৰম্ভ কৰিছোহে । কিন্তু এটা কথা ঠিক যে ধুবুৰীত আমাৰ শিপা আগৰ পৰাই আছে । ধুবুৰীৰ চাৰিটা সমষ্টিতে আমি শক্তিশালী’’ ।

মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে এখন সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত‌‌ বিশ্ব শৰ্মাই ধুবুৰীত প্ৰচাৰ চলাবলৈ নাযায় বুলি মন্তব্য কৰিছিল । ইপিনে মুখ্যমন্ত্ৰীয়ে ধুবুৰীত প্ৰচাৰ চলাব যাব নে নাই বুলি সাংবাদিকে সোধা পোনপটীয়া প্ৰশ্নৰ উত্তৰত কিন্তু অতুল বৰাই কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে । তেওঁ কয়, ‘‘আশা কৰো যে মুখ্যমন্ত্ৰীয়ে‌ অসমৰ‌ সকলোতে নিজস্ব ধৰণে প্ৰচাৰ চলাব’’ ।

লগতে পঢ়ক : শোণিতপুৰ লোকসভাত প্ৰতিদ্বন্দ্বিতা বিৰোধীৰ লগত নহয়, বিধায়কসকলৰ মাজতহে হ’ব : অশোক সিংহল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.