ETV Bharat / politics

উলম্ব বিভাজনৰ দিশে ৰঙিয়া বিধানসভা সমষ্টিত মিত্ৰদল - AGP BJP alliance

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 6:53 PM IST

Rangia constituency : অগপই যোগ্য সন্মান লাভ কৰা নাই মিত্ৰদলৰ পৰা ৷ এই অভিযোগ অগপৰ মুখপাত্ৰৰ ৷ টিকটকেন্দ্ৰিক সংঘাতৰ ফলত বিজেপি আৰু অগপৰ মিত্ৰতাত হয়তো আউল লাগিব ৰঙিয়া সমষ্টিত ৷ এই কথাৰ উমান দিলে অগপ নেতা অৰ্ণৱ ভৰালীয়ে ৷

Rangia Constituency
উলম্ব বিভাজনৰ দিশে ৰঙিয়া বিধানসভা সমষ্টিত মিত্ৰদল (ETV Bharat Assam)

ৰঙিয়া, ১২ ছেপ্টেম্বৰ : উলম্ব বিভাজনৰ দিশে ৰঙিয়া বিধানসভা সমষ্টিত মিত্ৰদল । সমষ্টিটোত বিজেপি আৰু অগপৰ মিত্ৰতাত আউল লগাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনত অগপ দলক টিকট লাগিব বুলি কোৱাৰ পিছত পুনৰবাৰ সৰৱ হৈ পৰিছে অগপ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ অৰ্ণৱ ভৰালী ।

ৰঙিয়া প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত অগপ দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মিত্ৰদল বিজেপিয়ে অগপ দলৰ নেতা আৰু কৰ্মীসকলক অসন্মান কৰাৰ অভিযোগ তুলি ক্ষোভ উজাৰি কয় যে মিত্ৰদল হিচাপে অগপ দলে বিজেপিৰ পৰা উচিত সন্মান লাভ কৰা নাই । তেওঁ এফাকি কবিতাৰে কথাখিনি ব্যক্ত কৰে- ‘‘খোজকাঢ়ি গৈয়েই বাটৰ খলা-বমাখিনিত উজুটি খালোঁ, আমি উফৰি পৰা টুকুৰাটো হাতত তুলি ললো । আপোনালোকে চাব নেকি ৰঙিয়াত আমি কি পালো , শূন্য ।’’

তেওঁ কয়, ‘‘আমি মিত্ৰতাৰ খাতিৰত মিত্ৰৰ ধৰ্ম পালন কৰিছো । আমি মিত্ৰতা কৰিছো, গোলামী কৰা নাই । অসম গণ পৰিষদ দলৰ ৰঙিয়া সমষ্টিৰ প্ৰতিজন নেতা-কৰ্মীয়ে কেতিয়াও আশা নকৰো যে আমি মিত্ৰদলৰ পৰা ঠাট্টা-মস্কৰা বা অসন্মান পাওঁ । আমি বিচাৰো আমাক যোগ্য মৰম আৰু যোগ্য সন্মান দিয়ক । মিত্ৰতাত থাকি আমি মিত্ৰতাৰ ধৰ্ম পালন কৰিছো, কিন্তু মিত্ৰদলে মিত্ৰতাৰ খাতিৰত আমাক যি সন্মান দিব লাগে সেয়া দিয়া নাই ৷’’

ইয়াৰ উপৰিও বৰ্তমান সময়ত ৰঙিয়াত চলি থকা বিভিন্ন ৰাজনৈতিক দলৰ সদস্যভুক্তি অভিযান সম্পৰ্কেও কৌশলপূৰ্ণভাৱে মন্তব্য আগবঢ়াই অৰ্ণৱ ভৰালীয়ে । তেওঁ কয়, ‘‘প্ৰতিটো দলে নিজৰ নিজৰ ৰণকৌশল অনুযায়ী সদস্যভুক্ত কৰিব, সেই বিষয়ে আমাৰ ক’বলগীয়া একো নায় । কিন্তু আমি ৰঙিয়াত অসম গণ পৰিষদ দলে আঁচনি কটাৰ ভয়-ভাবুকি দি দলীয় সাংগঠনিক সভ্যভৰ্তি নকৰো । এখন ঘৰত চাৰি-পাঁচটা এণ্ড্ৰইড মোবাইল থাকে । সেই ফোনৰ পৰা জোৰ কৰি আমি মিছকল দি বা এপচৰ পৰা সদস্য ভৰ্তি নকৰো । আমি বিশ্বাস কৰো যে মানুহৰ অন্তৰত আমি কেনেকৈ থাকিব পাৰো বা কেনেকৈ সোমাব পাৰো ।’’

সাংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শেষত আগন্তুক বিধানসভা নিৰ্বাচনত ৰঙিয়াৰ আসনখন অগপ দলক এৰি দিব লাগিব বুলি সজোৰে দাবী উত্থাপন কৰে অগপৰ মুখপাত্ৰগৰাকীয়ে ৷

লগতে পঢ়ক : কংগ্ৰেছে দেশখনক অস্থিৰ কৰি তোলাৰ প্ৰচেষ্টা চলাইছে; আকৌ ৰাহুললৈ হিমন্ত বিশ্বৰ এপাত শৰ

বি টি চিত হাগ্ৰামা মহিলাৰীৰ বিকল্প কোনো নাই: মিত্ৰতাৰ আশাৰে নৱ শৰণীয়াৰ মন্তব্য

দেশৰ ভিতৰতে আটাইতকৈ ভ্ৰষ্ট মুখ্যমন্ত্ৰী কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.