ETV Bharat / politics

বৰপেটাত ফণীভূষণ, ধুবুৰীত জাভেদ ইছলাম : অগপই ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম - AGP Candidates For LS Polls

AGP announces candidates for Dhubri and Barpeta: অসম গণ পৰিষদে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ বাবে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম ৷ বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰী আৰু ধুবুৰী লোকসভা সমষ্টিত জাভেদ ইছলামক প্ৰাৰ্থিত্ব প্ৰদান ৷

AGP Announces Candidates
অগপৰ প্ৰাৰ্থী তালিকা প্ৰকাশ
author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 4:28 PM IST

Updated : Mar 11, 2024, 5:19 PM IST

অগপই ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম

গুৱাহাটী, 11 মাৰ্চ : অৱশেষত প্ৰতিবন্ধকতা আতৰাই বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ বাবে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম ৷ বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰী আৰু ধুবুৰী লোকসভা সমষ্টিত জাভেদ ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অসম গণ পৰিষদ দলে ৷ সোমবাৰে দলৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে ৷

প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে, মিত্ৰজোঁটৰ সহযোগত বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ’ব অগপ ৷ বৰপেটাত ৰাইজৰ বিপুল সমৰ্থনত ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব দিয়া হৈছে ৷ ৰাইজৰ আশীৰ্বাদ, দল তথা মিত্ৰজোঁটৰ সহযোগত ফণীভূষণ চৌধুৰীয়ে বৰপেটাত জয়লাভ কৰিব ৷ দলৰ সিদ্ধান্ত অনুসৰি তেওঁলোকক প্ৰাৰ্থিত্ব দিয়া হৈছে ৷ লগতে "বৰপেটা আৰু ধুবুৰী, দুয়োটা সমষ্টিতে আমি এশ শতাংশ জয়ী হম" বুলিও মন্তব্য কৰে জ্যেষ্ঠ অগপ নেতাজনে ৷

উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰদল অগপক সংখ্যালঘু প্ৰভাৱিত বৰপেটা আৰু ধুবুৰী সমষ্টি এৰি দিছে ৷ আনহাতে কোকৰাঝাৰ সমষ্টি আন এটা মিত্ৰদল ইউ পি পি এলক এৰি দিছে বিজেপিয়ে ৷ ইতিমধ্যে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া 11 টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ ইফালে অগপই আজি দুটা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে ৷ অগপ নেতৃত্বই সমষ্টি দুটাৰ বাবে তিনিজনীয়া দুখন কমিটি গঠন কৰিছিল ৷ সেই অনুসৰি বৰপেটা লোকসভা সমষ্টিৰ বাবে জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নেতৃত্বত গঠন কৰি দিয়া তিনিজনীয়া কমিটিত আছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ডাঃ কমলা কলিতা ৷ সেইদৰে ধুবুৰী সমষ্টিৰ বাবে সত্যব্ৰত কলিতাৰ নেতৃত্বত গঠন কৰি দিয়া তিনিজনীয়া কমিটিখনত আছে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু ভূপেন ৰায় ৷

লগতে পঢ়ক : অগপ-ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব ৰাজনাথ সিঙে

Last Updated : Mar 11, 2024, 5:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.