ETV Bharat / politics

বিধায়কৰ টেগ আঁতৰাই সাংসদ হ’ল পাঁচ জনপ্ৰতিনিধি : উপ-নিৰ্বাচন হ'ব 5 সমষ্টিত - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 8:57 PM IST

Lok Sabha Election Results: অসমৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷ মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতেই উপ-নিৰ্বাচন নিশ্চিত হৈ পৰিল এই পাঁচটা সমষ্টিত ৷

bye polls
Lok Sabha Election Results (ETV Bharat Assam)

নিউজ ডেস্ক, 4 জুন : মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে অসমৰ পাঁচটাকৈ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিল ৷ কিয়নো, ধুবুৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইন, বৰপেটাত অগপৰ ফণীভূষণ চৌধুৰী, শিলচৰত বিজেপিৰ পৰিমল শুক্লবৈদ্য, কোকৰাঝাৰত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী আৰু শোণিতপুৰ সমষ্টিত বিজেপিৰ ৰঞ্জিত দত্ত জয়ী হোৱাৰ পিচতে এই পাঁচোগৰাকী বৰ্তমানৰ বিধায়কৰ দিল্লী যাত্ৰা নিশ্চিত হ'ল ৷

বিধায়কৰ পৰিৱৰ্তে এই পাঁচোগৰাকীৰ নতুন পৰিচয় হ'ব এতিয়াৰে পৰা সাংসদ হিচাপেহে, বিধায়ক হিচাপে নহয় ৷ ফলত অৱধাৰিত হৈ পৰিল পাঁচোটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৷

লগতে পঢ়ক: অসমৰ নিৰ্বাচনী যুঁজৰ ফলাফল : নগাঁৱত প্ৰদ্যুৎ, কোকৰাঝাৰত জয়ন্তৰ জয় - LOK SABHA ELECTION RESULTS 2024

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক- https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

ৰকিবুল হুছেইন চামগুৰি সমষ্টিৰ বিধায়ক হৈ থকাৰ বিপৰীতে পৰিমল শুক্লবৈদ্য শিলচৰৰ, জয়ন্ত বসুমতাৰী চিদলীৰ, ৰঞ্জিত দত্ত বিহালীৰ আৰু ফণীভূষণ চৌধুৰী বঙাইগাঁও সমষ্টিৰ বিধায়কৰ আসনত অধিষ্ঠিত হৈ আছে ৷ এই পাঁচোগৰাকী বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে উক্ত পাঁচটা বিধানসভা সমষ্টিতে উপ-নিৰ্বাচন অৱশ্যম্ভাৱী হৈ পৰিল ৷

লগতে পঢ়ক: সমগ্ৰ দেশতে বিজেপিক সকলোৱে আদৰি লৈছে : সৰ্বানন্দ সোণোৱাল - LOK SABHA ELECTION RESULTS 2024

তেনেক্ষেত্ৰত শিলচৰ আৰু বিহালীত বিজেপিয়ে নিজাববীয়াকৈ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী আগবঢ়োৱাটো খাটাং যদিও বঙাইগাঁৱৰ দৃশ্যপট কি হ’ব সেয়া এতিয়াই ক’ব নোৱাৰি ৷ কিয়নো, বঙাইগাঁও বিধানসভা সমষ্টি হৈছে অগপৰ অভেদ্য দূৰ্গস্বৰূপ ৷ বিগত আঠটাকৈ কাৰ্যকাল ফণীভূষণ চৌধুৰী বঙাইগাঁৱৰ অগপ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে ৷ গতিকে চৌধুৰীৰ দিল্লী যাত্ৰাৰ পিচত বঙাইগাঁৱত অগপই চৌধুৰীৰ উত্তৰসূৰীৰূপে কাক আগবঢ়াই দিয়ে বা সেইখন আসন অগপই বিজেপিকেই এৰি দিব নেকি, তাকে লৈয়ো ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে ৷

উল্লেখ্য যে, সাংবিধানিকভাৱে কোনো এটা সমষ্টিত উপ-নিৰ্বাচন পাতিবলগীয়া হ’লে, সেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব ছমাহৰ ভিতৰত ৷ অৰ্থাৎ আজিৰে পৰা ছমাহৰ ভিতৰত নিৰ্বাচন আয়োগে এই পাঁচটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব ৷

লগতে পঢ়ক: জয়ৰ অভিলেখ গঢ়াৰ দিশে ৰকিবুল হুছেইন: আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে সমষ্টিবাসীক ধন্যবাদ - Lok sabha election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.