গুৱাহাটী, ৬ মে': বদৰুদ্দিন আজমলৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে তেওঁৰে একালৰ আইনী উপদেষ্টা অধিবক্তা এ কে তালুকদাৰ । "বদৰুদ্দিন আজমলৰ মই মুখাহে খুলিছো কাপোৰ খুলিবলৈ মোক বাধ্য নকৰাব । মই মুখ খুলিলে পৰিয়াল লৈ জীৱনটো জেলতে থাকিব লাগিব । হিমন্ত বিশ্ব শৰ্মায়ো বচাব নোৱাৰিব আজমলক ।" এই মন্তব্য অধিবক্তা এ কে তালুকদাৰৰ ।
সোমবাৰে সংবাদমেল সম্বোধন কৰি তেওঁ কয়, "২০০৬ চনৰে পৰা AIUDF ৰ জন্মলগ্নৰে পৰা বদৰুদ্দিন আজমলৰ সৈতে কাম কৰি আহিছোঁ । বদৰুদ্দিন আজমলৰ সকলো ন্যায়ালয়ৰ কাম-কাজ কৰি আহিছোঁ । মই তেওঁৰ মুখা খোলাৰ পাছতেই মই কংগ্ৰেছত যোগদান কৰিছোঁ বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে । মই আজিলৈ কোনো দলত যোগদান কৰা নাই ।"
"মোক বাধ্য নকৰিব নহ'লে আপুনি ঘৰৰ ভিতৰতে সোমাই থাকিব লাগিব ।" বদৰুদ্দিন আজমলক সকিয়নী অধিবক্তা এ কে তালুকদাৰৰ । বদৰুদ্দিন আজমলে নিৰ্বাচনী সভাত চকুপানী টোকা সন্দৰ্ভত অধিবক্তা এ কে তালুকদাৰে কয় যে আজমল আজিকালি ডাঙৰ অভিনেতা । আজমলে কৰিমগঞ্জ, শিলচৰ, নগাঁৱত বিজেপিকহে সহায় কৰি আহিছে । বিজেপিক সহায় কৰি সমগ্ৰ বিশ্বজুৰি আজমলে ব্যৱসায় বৃদ্ধি কৰি গৈ আছে । হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই নাচি আছে বদৰুদ্দিন । মক্কা চৰিফক বিক্ৰী কৰি বদৰুদ্দিন আজমলক ভোটত জিকিবলৈ লাগে বুলি মন্তব্য কৰে অধিবক্তাগৰাকীয়ে ।
তেওঁ কয় যে সামাজিক ক্ষেত্ৰত শিক্ষাৰ দিশত ভাল কাম কৰি আছে । কিন্তু ৰাজনৈতিক ক্ষেত্ৰত এ আই ইউ ডি এফ দলে যিদৰে কাম কৰিব লাগিছিল সেয়া কৰা নাই বুলি অভিযোগ কৰে অধিবক্তা তালুকদাৰে । আজমলৰ বিষয়ে এনেদৰে ক'বলগীয়া হোৱাত দুখ পোৱা বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে আজমল আৰু তেওঁৰ বৰ্তমানৰ অধিবক্তাই তালুকদাৰৰ সন্দৰ্ভত মিছা মাতিছে ।