ETV Bharat / politics

নৰেন্দ্ৰ মোদীৰ বাবেই বড়োভূমিত শান্তি প্ৰতিষ্ঠা হৈছে : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 9:13 PM IST

HIMANTA BISWA SARMA
কোকৰাঝাৰ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

কোকৰাঝাৰৰ দোতমাত নিৰ্বাচনী সভাত অংশগ্ৰহণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ হাগ্ৰামা মহিলাৰীয়ে জংঘললৈ পঠিওৱা যুৱক-যুৱতীক প্ৰমোদ বড়োৱে জংঘলৰ পৰা মাতৃৰ বুকুৰ মাজলৈ ঘূৰাই আনিছে বুলি মন্তব্য ড৹ শৰ্মাৰ ৷ পদুম মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানেই পদুম বুলিও ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কোকৰাঝাৰ, ১ মে’: ‘‘হাগ্ৰামা মহিলাৰীয়ে জংঘললৈ পঠোৱা যুৱক-যুৱতীসকলক প্ৰমোদ বড়োৱে মাতৃৰ বুকুৰ মাজলৈ ঘূৰাই আনিবলৈ পাৰিছে ৷ সেইকাৰণে বড়োভূমিত শান্তি প্ৰতিষ্ঠা হৈছে ৷ এই শান্তি প্ৰতিষ্ঠা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই’’ - এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

বুধবাৰে কোকৰাঝাৰ জিলাৰ দোতমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিজেপি-ইউ পি পি এলৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ প্ৰচাৰ সভাখনত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কোকৰাঝাৰত পদুম ফুল নাই, ট্ৰেক্টৰ আছে ৷ ট্ৰেক্টৰ মানেই পদুম ফুল আৰু পদুম ফুল মানেই ট্ৰেক্টৰ । ট্ৰেক্টৰত ভোট দিলে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব আৰু নাঙলত ভোট দিলে প্ৰধানমন্ত্ৰী কোন হ’ব বি পি এফে নিজেই নাজানে ৷’’

ট্ৰেক্টৰৰ অভিভাৱক আছে, কিন্তু নাঙলৰ কোনো অভিভাৱক নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘বিপিএফৰ অভিভাৱক কোন নিজেই নাজানে ৷ আজিকালি নাঙলেৰে কোনো মানুহে খেতি নকৰে, সেয়ে নাঙল এটা যাচি দিলেও কৃষক ৰাইজে ল’ব নিবিচাৰে ৷ কিন্তু ট্ৰেক্টৰ এখনেৰে মাটি চহায়েই নহয়; শিল, বালি, মাটি কঢ়িয়ায়ো উপাৰ্জন কৰিব পাৰি । গতিকে নাঙলতকৈ ট্ৰেক্টৰৰহে বৰ্তমান সময়ত ৰাইজৰ বেছি প্ৰয়োজন ।’’

  • " class="align-text-top noRightClick twitterSection" data="">

দিল্লী, দিছপুৰ, কোকৰাঝাৰ ক’তোৱেই বি পি এফৰ চৰকাৰ নাই আৰু সেয়েহে চৰকাৰ নথকা বি পি এফে ৰাইজক সহায় কৰিব নোৱাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ট্ৰেক্টৰক ভোট দিলে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব আৰু তেতিয়া ৰাইজে বিভিন্নধৰণৰ সুবিধা পাব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণোদয়, আয়ুষ্মান, বিনামূলীয়া চাউল, ঘৰ ,লাখপতি বাইদেউকে ধৰি বহু আঁচনি দিছে; কিন্তু বি পি এফে একোৱেই দিব নোৱাৰিব ৷’’

তদুপৰি ড৹ শৰ্মাই কয়, ‘‘আগতে কংগ্ৰেছ-বিপিএফে সূতা, কম্বল, ধূতি, ছাতিৰ ৰাজনীতি কৰিছিল আৰু এতিয়া বিজেপি মিত্ৰজোঁট চৰকাৰে ঘৰে ঘৰে অৰুণোদয় আঁচনি দিছে ৷’’ প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈয়েই এক লাখ নিবনুৱাক চাকৰি দিয়া বুলি সদৰী কৰি এইবাৰ নতুনকৈ ৫০ হাজাৰ নিবনুৱাক চাকৰি দিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

জুলাই মাহত অসম আৰক্ষীৰ চাকৰিৰ বাবে সাক্ষাৎকাৰ হ’ব, সেয়ে যুৱক-যুৱতী সকলোকে সদায় দৌৰিবলৈ উপদেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ তদুপৰি ছেপ্তেম্বৰ-অক্টোবৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব আৰু যিসকলে চাকৰি নাপায় তেওঁলোকক আত্মপ্ৰতিষ্ঠাৰ বাবে দুই লাখকৈ টকা ঋণ দিয়া হ'ব আৰু ইয়াৰে এক লাখ টকাহে চৰকাৰক উভতাই দিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

আনহাতে এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে । উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুদিনৰ ব্যৱধানত কোকৰাঝাৰ জিলাত বুধবাৰে তৃতীয়খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷ তিনি মে’ত পুনৰ কোকৰাঝাৰ ছালেকাটিত চতুৰ্থখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সন্ধিয়া কোকৰাঝাৰ সদৰ চহৰত ৰোড শ্ব’ কৰিব ৷

প্ৰণিধানযোগ্য যে বুধবাৰে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে নিৰ্বাচনী সভাৰ গাতে লাগি থকা বডোফাৰ সমাধিলৈ গৈ শ্ৰদ্ধাঞ্জলি জনায় । কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে পৰিচালনা কৰা নিৰ্বাচনী সভাত বি টি চি প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী ক্ৰমে উৰ্খাও গৌৰা ব্ৰহ্ম, অশোক সিংহল, বি টি চিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীকে ধৰি বহু লোকে অংশগ্ৰহণ কৰাৰ লগতে কেবা সহস্ৰাধিক লোকে নিৰ্বাচনী সভাখনত ভাগ লয় ।

লগতে পঢ়ক: 2026 চনত বিজেপিক চাফা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.