ETV Bharat / politics

হিন্দু সভ্যতা-সংস্কৃতিৰ ওচৰত কংগ্ৰেছে ক্ষমা বিচাৰক : ভৱেশ কলিতা - Rahul Gandhi Hindu remark

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 10:30 PM IST

Bhabesh Kalita on Rahul Gandhi remark : ৰাহুল গান্ধীৰ মন্তব্যৰ বাবে কংগ্ৰেছে ক্ষমা বিচৰাৰ আহ্বান ভৱেশ কলিতাৰ ৷ ৰাহুল গান্ধীয়ে এনেবোৰ মন্তব্য ধনৰ বিনিময়ত কৰা বুলিও সন্দেহ প্ৰকাশ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ ৷

Bhabesh Kalita on Rahul Gandhi remark
অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (ETV Bharat Assam)

গুৱাহাটী, ৩ জুলাই : ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় ‘মাৰ নামত এজোপা গছ’ শীৰ্ষক অনুষ্ঠান । বশিষ্ঠস্থিত লটাকতা দুৰ্গা মন্দিৰত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানৰ ৷ কাৰ্যসূচীত উপস্থিত থাকে অসম বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুৰ লগতে দলটোৰ বহুকেইগৰাকী নেতা-কৰ্মী ৷

এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষতেই ৰোপণ কৰা হ’ব গছপুলি । অনুষ্ঠানটোত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কেবাটাও ৰাজনৈতিক মন্তব্য আগবঢ়ায় । ৰাহুল গান্ধীয়ে সংসদত হিন্দুক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে ভৱেশ কলিতাই সনাতন হিন্দু সংস্কৃতিৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে কৰা মন্তব্যক ধিক্কাৰ দিছে ৷ ৰাহুল গান্ধীয়ে প্ৰায়েই তেনে মন্তব্য কৰি থাকে বুলি কয় ভৱেশ কলিতাই ৷ ৰাহুল গান্ধীয়ে হয়তো ধনৰ বিনিময়ত এনে মন্তব্য কৰি আহিছে বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।

আনহাতে ৰাহুল গান্ধীৰ মন্তব্যটোৰ সন্দৰ্ভত বিজেপিয়ে অপপ্ৰচাৰ কৰা বুলি কংগ্ৰেছে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয় যে বিজেপিয়ে অপপ্ৰচাৰ চলোৱা নাই, কংগ্ৰেছেহে অপপ্ৰচাৰ চলায় ৷ আনহাতে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ সমষ্টি কি নাজানে বুলিও কয় ভৱেশ কলিতেই ৷ যাৰ বাবে যোৰহাটত মুখ্যমন্ত্ৰী হাৰিছে বুলি গৌৰৱ গগৈয়ে সংসদত মন্তব্য কৰা বুলি কয় বিজেপি নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: অসমৰ সম্পদ যদি দিল্লীৰ সম্পদ হয়, বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা কিয় নহয় ? প্ৰশ্ন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

আনহাতে বানৰ সময়ত বিধায়ক জিতু গোস্বামী থাইলেণ্ড ভ্ৰমণলৈ যোৱাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভৱেশ কলিতাই ৷ তেওঁ কয় যে বানৰ সময়ত যদি বিধায়কগৰাকীয়ে এনে কাম কৰিছে তেনেহ’লে ভাল কাম কৰা নাই । আনহাতে উপ-নিৰ্বাচন সন্দৰ্ভত ভৱেশ কলিতাই কয় যে উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে ইতিমধ্যে তিনিজনীয়া সমিতি গঠন কৰি সেই সমিতিক উক্ত সমষ্টিসমূহলৈ যাবৰ বাবে নিৰ্দেশ দিয়া হৈছে ৷ তেওঁলোকে কেনেধৰণে কাম কৰিব তাৰো চৰ্চা কৰা হৈছে ৷

আনহাতে ৰাজ্যৰ কেউফালে অব্যাহত থকা বান পৰিস্থিতিৰ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় ভৱেশ কলিতাই ৷ বান বিভীষিকাৰ সময়ত আৰ্তজনৰ ওচৰত ঠিয় হ’বলৈ প্ৰতিগৰাকী লোকক আহ্বান জনায় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷ বিজেপিৰ বহু কাৰ্যকৰ্তা বিভিন্ন অঞ্চলৰ বানপীড়িতৰ ওচৰলৈ যোৱা বুলি জানিবলৈ দিয়ে ভৱেশ কলিতাই ৷

লগতে পঢ়ক: আৰ্তজনৰ কাষত থিয় দিবলৈ নেতা-কৰ্মীৰ প্ৰতি আহ্বান কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.