ETV Bharat / politics

অসমৰ ৰাইজে আম আদমি পাৰ্টীক বিচাৰিছে : ৰাজেশ শৰ্মা - AAP Assam - AAP ASSAM

AAP in Assam panchayat election : আগন্তক পঞ্চায়ত নিৰ্বাচক বিশেষ গুৰুত্ব প্ৰদান কৰি আম আদমি পাৰ্টীয়ে অসমত দলৰ ভেটি শক্তিশালী কৰাৰ বাবে উঠি-পৰি লাগিছে ৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে নিৰ্ধাৰণ কৰিব বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনৰ সংখ্যা ৷

AAP in Assam panchayat election
আম আদমি পাৰ্টী উত্তৰ-পূবৰ প্ৰভাৰী ৰাজেশ শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 4:57 PM IST

বৰপেটা, ১৩ আগষ্টঃ মঙলবাৰে বৰপেটাত অনুষ্ঠিত হয় আম আদমি পাৰ্টীৰ এখন সভা । সভাত কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে আম আদমি পাৰ্টীৰ উত্তৰ-পূবৰ প্ৰভাৰী ৰাজেশ শৰ্মাই ।

আম আদমি পাৰ্টী উত্তৰ-পূবৰ প্ৰভাৰী ৰাজেশ শৰ্মা (ETV Bharat Assam)

পঞ্চায়ত নিৰ্বাচনত বিশেষ গুৰুত্ব আম আদমি পাৰ্টীৰ :

আগন্তুক পঞ্চায়ত আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে আপ অসমৰ বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে । দলটোৰ উত্তৰ-পূবৰ প্ৰভাৰী ৰাজেশ শৰ্মাই কয়, ‘‘ আম আদমি পাৰ্টী অসমে আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ পঞ্চায়ত নিৰ্বাচনত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ৷ পঞ্চায়ত নিৰ্বাচন সম্ভৱতঃ ডিচেম্বৰৰ ভিতৰত হ’ব ৷ তাত আমি যিমানসংখ্যক আসনত পাৰো প্ৰতিদ্বন্দ্বিতা কৰিম ৷ পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে দলৰ সাংগঠনিক ভেটি যদিহে প্ৰতিখন গাঁৱলৈ লৈ যাব পাৰোঁ, 2026ৰ বিধানসভা নিৰ্বাচন আমাৰ বাবে সহজ হৈ পৰিব ৷’’

ক্ষমতাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো : ৰাজেশ শৰ্মা

আপৰ নেতাগৰাকীয়ে কয়, ‘‘ আমি ক্ষমতা লাভৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো ৷ নিৰ্বাচনত আমি এইবাবেই প্ৰতিদ্বন্দ্বিতা কৰিম যে অৰবিন্দ কেজৰিৱালৰ কামৰ যি ৰাজনীতি, পঞ্জাৱৰ ভগৱন্ত মানৰ যি পৰিৱৰ্তনৰ ৰাজনীতি সেই ৰাজনীতি আমি অসমলৈ আনিবলৈ বিচাৰিছো ৷ অসমৰ লোকসকলৰ বহু দীৰ্ঘদিনীয়া সমস্যা আছে ৷ যিদৰে অসমৰ নিবনুৱা সমস্যা, বান সমস্যা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা, সীমা সমস্যা আদি বহু ডাঙৰ ডাঙৰ সমস্যা আছে ৷ তদুপৰি শিক্ষা, স্বাস্থ্য আদি যিসমূহ সমস্যা আছে সেইসমূহৰ সমাধান জৰুৰী ৷’’

দিল্লী-অসমৰ চৰকাৰী বিদ্যালয়ৰ পাৰ্থক্য :

ৰাজেশ শৰ্মাই কয়, ‘‘বিগত কেইবছৰমানৰ পৰা অসমৰ চৰকাৰী বিদ্যালয় বন্ধ কৰি থকা হৈছে ৷ ই অতি দুখৰ বিষয় ৷ দিল্লীৰ চৰকাৰী শিক্ষানুষ্ঠানৰ বৃহৎ পৰিৱৰ্তন কৰি উচ্চ পৰ্যায়ৰ বিদ্যালয় নিৰ্মাণ কৰি থকা হৈছে ৷ বিপৰীতে অসমৰ চৰকাৰী বিদ্যালয়সমূহ বন্ধ হৈ আছে ৷ আজি নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে ক’ত পঢ়িবলৈ যাব ? তেওঁলোকৰ পিতৃ-মাতৃয়ে ক’ত পঢ়ুৱাবলৈ নিব সন্তানক ? তেওঁলোকৰ একমাত্ৰ উপায় হ’ব ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৷ ব্যক্তিগত বিদ্যালয়ত পঢ়ুৱাবলৈ সকলো পিতৃ-মাতৃৰ ক্ষমতা নাই ৷’’

অসমৰ চৰকাৰী চিকিৎসালয়ত কেৱল পেৰাচিটামল আৰু আইৰণ টেবলেটহে উপলব্ধ: ৰাজেশ শৰ্মা

আম আদমি পাৰ্টীৰ উত্তৰ-পূবৰ প্ৰভাৰীগৰাকীয়ে কয়, ‘‘অসমৰ মেডিকেল কলেজৰ যি দুৰৱস্থা, তাত চিকিৎসা কৰোৱাব নোৱাৰি ৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নহ’লে অসমৰ লোকসকলৰ বাবে চিকিৎসা কৰোৱাত সমস্যা আছে ৷ অসমৰ লোকসকলে ঔষধ লাভ কৰা নাই, ঔষধালয়ত ঔষধৰ নামত কেৱল পেৰাচিটামল আৰু আইৰণ টেবলেটহে পায় ৷ বেলেগ একো ঔষধ উপলব্ধ নহয় ৷ এইসমূহ বিষয়ত কাম কৰাৰ প্ৰয়োজনীয়তা আছে ৷’’

কংগ্ৰেছ-বিজেপিয়ে পৰিৱৰ্তন আনিব নোৱাৰে : ৰাজেশ শৰ্মা

এবাৰ কংগ্ৰেছক, এবাৰ বিজেপিক আনিলে পৰিৱৰ্তন নহয় ৷ আমি এনে এক ইচ্ছাশক্তি থকা ৰাজনৈতিক দলক আনিব লাগিব, যাতে পৰিৱৰ্তন আহে ৷ অসমত বৰ্তমান বিজেপিৰ চৰকাৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে ব্যক্তিগত বিদ্যালয় চলাই আছে ৷ বেলেগ মন্ত্ৰীৰো বিদ্যালয় চলি আছে ৷ বহুঠাইত ছিণ্ডিকেটৰাজ চলি আছে ৷ কয়লা, কাঠ, শিল, চুপাৰিৰ ছিণ্ডিকেট কিমান কি ছিণ্ডিকেট আৰু মাফিয়াৰাজ চলি আছে হিচাপ নাই ৷ অসমৰ এইসমূহৰ সমস্যাৰ সমাধানৰ বাবে আম আদমি পাৰ্টীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিছে ৷’’

অসমৰ ৰাইজে আম আদমি পাৰ্টীক বিচাৰিছে : ৰাজেশ শৰ্মা

ৰাজেশ শৰ্মাই কয়, ‘‘আম আদমী পাৰ্টীয়ে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ল ৷ লোকসভা নিৰ্বাচনত যথেষ্ট ভোট লাভ কৰিলো ৷ ইয়াৰ অৰ্থ এইটোৱেই যে অসমৰ ৰাইজে বিচাৰিছে আম আদমি পাৰ্টী অসমলৈ অহাটো বিচাৰিছে ৷ অসমলৈ আহি ৰাইজৰ বাবে কাম কৰাটো বিচাৰিছে ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনতো এখন আসনত আমি জিকিছিলো আৰু 24 খন আসনত আমি দ্বিতীয় স্থানত আছিলো ৷ অসমৰ ৰাইজে বিচাৰিছে যে কংগ্ৰেছ, বিপৰীৰ পৰিৱৰ্তে অসমলৈ আপৰ দৰে বিশ্বাসী দল এটা আহক ৷ অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত যিদৰে দিল্লীত কাম হৈ আছে, যিদৰে পঞ্জাৱত কাম হৈ আছে, অসমতো তেনেকুৱা কাম হোৱাটো অসমৰ ৰাইজে বিচাৰিছে ৷’’

অসমত আপৰ পুনৰগঠন কৰি থকা হৈছে :

তেওঁ কয়, ‘‘2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন হ’ব ৷ আমি অসমৰ প্ৰতিগৰাকী নাগৰিকক আহ্বান জনাইছো যে আপোনালোক আহক, আম আদমি পাৰ্টীৰ লগ হওক ৷ এই পঞ্চায়ত নিৰ্বাচনত আপোনাকে আমাক সহযোগ কৰক ৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিচতে 2026ৰ বিধানসভা নিৰ্বাচনত কেইখন আসনত আম আদমি পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়া ঘোষণা কৰা হ’ব ৷ এটা কথা ঠিক যে আমি যথেষ্ট গুৰুত্বসহকাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম ৷ আমি অসমত আম আদমি পাৰ্টীৰ পুনৰ নিৰ্মাণ কৰি আছো ৷ এই কাৰণেই পুনৰনিৰ্মাণ কৰি আছো যে ভাল ভাল লোকক যে আপত স্থান দিব পাৰো ৷ সমাজৰ সকলো বৰ্গৰ লোককে আপত যাতে স্থান দিব পাৰো, যোগ্য ব্যক্তিক যাতে দলত স্থান দিব পাৰো তাৰ বাবে পুনৰগঠন কৰি থকা হৈছে ৷ 126 টা সমষ্টিতেই যাতে দলৰ ভেঁটি মজবুত কৰি ভৱিষ্যতে যাতে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰো তাৰ বাবে অসমত দলটোৰ পুনৰগঠন কৰি থকা হৈছে ৷’’

লগতে পঢ়ক : ২০১১ ৰ দৰেই '২৬ তো অশোক শৰ্মাই সহায় কৰিব: কটাক্ষৰ চলেৰে অতীত খুঁচৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

আগন্তুক নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি সাজু হৈছে প্ৰদেশ কংগ্ৰেছ : চৰাইদেউৰ সাধাৰণ সভাত হ'ব সিদ্ধান্ত

অগপই কিয় অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.