তিনিচুকীয়া, ৯ এপ্ৰিল : ‘জয় আই অসম’ ধ্বনিৰে মঙলবাৰে তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লীনাই ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক কাষত লৈ ৰোড শ্ব’ কৰিলে আপৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্যগৰাকীয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="">
নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি আপ নেত্ৰীগৰাকীয়ে কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিত আম আদমি পাৰ্টীৰ প্ৰাৰ্থীগৰাকী জয়ী হোৱাটো নিশ্চিত ৷ আম আদমি পাৰ্টীলৈ ভয় কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ৷ সেয়েহে এটা সমষ্টিলৈকে গৃহমন্ত্ৰী অমিত শ্বাহকে আদি কৰি বিজেপিৰ শীৰ্ষ নেতাসকলে প্ৰচাৰ কৰিবলৈ আহিছে ৷ সমষ্টিটোত আম আদমি পাৰ্টীৰ প্ৰাৰ্থীগৰাকী জয়ী হ’ব বুলি জানিয়েই বিজেপিয়ে সমষ্টিটোত এনেদৰে প্ৰচাৰ চলোৱা বুলি মন্তব্য কৰে আতিশী মাৰ্লীনাই ৷
ৰাইজ এইবাৰ বিজেপিৰ লগত নাই বুলি মন্তব্য কৰি আতিশীয়ে কয় যে বিজেপি চৰকাৰৰ পৰা চাহ শ্ৰমিকসকলে বৰ্ধিত পাৰিশ্ৰমিক, ভূমিপট্টা , জনজাতিকৰণ, উন্নত হাস্পতাল-বিদ্যালয় একো লাভ নকৰিলে ৷ সেইবাবেই এইবাৰ ৰাইজে আম আদমি পাৰ্টীক ভোটদান কৰিব বুলি কয় দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে তিনিচুকীয়াৰ দহোতীয়াচুক খেলপথাৰৰ পৰা দুই সহস্ৰাধিক জনতাক লগত লৈ থানা চাৰিআলি হৈ তিনিকোণীয়াৰ সমীপলৈ বাহিৰ কৰা হয় সমদলটো ৷ ইফালে মঙলবাৰৰ দিনটোতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলায় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ হাজাৰ হাজাৰ লোক অংশগ্ৰণেৰে বিশাল পদযাত্ৰা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ গৃহমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ চলিহা নগৰ খেলপথাৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পদযাত্ৰা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ৷
লগতে পঢ়ক: একেদিনাই অসমত প্ৰচাৰ চলাব নৰেন্দ্ৰ মোদী-ৰাহুল গান্ধীয়ে