ETV Bharat / opinion

বাংলাদেশত স্থগিত হ'ব নেকি দ্বিপাক্ষিক প্ৰকল্পসমূহ ? ভাৰতৰ বাবে চিন্তাৰ কাৰণ কি - India Bangladesh ties

author img

By Aroonim Bhuyan

Published : Aug 31, 2024, 9:07 AM IST

Bilateral Projects in Bangladesh : ভাৰতৰ ঘনিষ্ঠ বন্ধু হিচাপে পৰিগণিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক বহিষ্কাৰ কৰা বাংলাদেশৰ ৰাজনৈতিক উত্থান-পতনৰ পিচত পূব প্ৰান্তৰ চুবুৰীয়া দেশখনত চলি থকা ভাৰতীয় দ্বিপাক্ষিক প্ৰকল্পসমূহ প্ৰভাৱিত হৈছে । নিশ্চিতভাৱে এইটো ভাৰতৰ বাবে চিন্তাৰ কাৰণ হ'ব ।

Bilateral Projects in Bangladesh
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)

বিশেষ প্ৰতিবেদন, 31 আগষ্ট : ৰাজনৈতিক অস্থিৰতাৰ বাবে বাংলাদেশত ভাৰতৰ দ্বিপাক্ষিক প্ৰকল্পসমূহ স্থগিত হৈ পৰাৰ লগে লগে নতুন দিল্লী চিন্তিত হোৱাৰ একাধিক কাৰণ থাকিব । শুকুৰবাৰে এক নিয়মীয়া সংবাদ মাধ্যম সম্বোধনৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, "বাংলাদেশৰ অস্থিৰতাৰ বাবে আমাৰ প্ৰকল্পসমূহ প্ৰভাৱিত হৈছে ।"

বাংলাদেশৰ সৈতে ভাৰতৰ উন্নয়ন সহযোগিতা কাৰ্যকলাপৰ লক্ষ্য দেশখনৰ জনসাধাৰণৰ কল্যাণ বুলি উল্লেখ কৰি জয়ছোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাধীনতা দিৱসৰ ভাষণৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে এই ভাষণত কৈছিল যে ভাৰত সদায় বাংলাদেশৰ শুভাকাংক্ষী হৈ থাকিব আৰু ইয়াৰ উন্নয়ন যাত্ৰাত অংশীদাৰ হৈ থাকিব ।

"তাত কিছুমান প্ৰকল্পৰ কাম আইন-শৃংখলা পৰিস্থিতিৰ বাবে স্থগিত হৈছে। " জয়ছোৱালে কয় । "এই পৰিস্থিতি স্থিৰ হোৱা আৰু স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ হোৱাৰ পিচত আমি উন্নয়নমূলক পদক্ষেপবোৰ আৰু এইবোৰক কেনেদৰে সৰ্বশ্ৰেষ্ঠভাৱে আগুৱাই নিব পাৰি লগতে তেওঁলোকৰ সৈতে আমি কেনে ধৰণৰ বুজাবুজি কৰিব পাৰোঁ সেই বিষয়ে অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে আলোচনা কৰিম ।" তেওঁ কয় ।

জয়ছোৱালে লগতে কয় যে অস্থিৰতাৰ সময়ত নিৰাপত্তা 'কেৱল আমাৰ বাবে নহয় সকলোৰে বাবে' এটা সমস্যা । "আপোনালোকে দেখিছে ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ কি হৈছে ।" তেওঁ কয় । "বাংলাদেশ কৰ্তৃপক্ষই যথাসাধ্য চেষ্টা কৰিছিল । আমাৰ ওচৰলৈ ঘূৰি অহা মানুহো আছে । আমাৰ অপ্ৰয়োজনীয় কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল ঘূৰি আহিবলগা হৈছে । আশাকৰো স্বাভাৱিক অৱস্থা সোনকালে ঘূৰি আহক আৰু আমি আমাৰ কাম সঠিক আন্তৰিকতাৰে আৰম্ভ কৰিব পাৰোঁ ।"

লগতে পঢ়ক :সংখ্যালঘু নহয়, সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ বিৰুদ্ধেও হিংসা হৈছে : বাংলাদেশী কূটনীতিবিদ হুমায়ুন কবীৰ - Bangladesh Political Crisis

উল্লেখ্য, বাংলাদেশ হৈছে ভাৰতৰ সৰ্ববৃহৎ উন্নয়ন সহায়ক অংশীদাৰ । ভাৰতে বিগত আঠ বছৰত বাংলাদেশলৈ তিনিটা ঋণ (এল অ' চি) প্ৰদান কৰিছে । ইয়াৰ পৰিমাণ হৈছে ৮ বিলিয়ন ডলাৰ । পথ, ৰে'লপথ, জাহাজ আৰু বন্দৰকে ধৰি বিভিন্ন খণ্ডত আন্তঃগাঁথনিৰ বিকাশৰ বাবে এই ঋণ প্ৰদান কৰা হৈছে । এল অ' চিৰ উপৰি ভাৰত চৰকাৰে বাংলাদেশক বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পৰ বাবে অনুদান সাহায্য আগবঢ়াই আহিছে । ইয়াৰ ভিতৰত আছে আখাউৰা-আগৰতলা ৰে'ল সংযোগ নিৰ্মাণ, বাংলাদেশত আভ্যন্তৰীণ জলপথৰ ড্ৰেজিং আৰু ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইন নিৰ্মাণ ।

উচ্চ প্ৰভাৱযুক্ত সামূহিক উন্নয়ন প্ৰকল্পবোৰে (HICDP) ভাৰতৰ উন্নয়ন সহায়ৰ এক সক্ৰিয় স্তম্ভ গঠন কৰে । ভাৰত চৰকাৰে বাংলাদেশৰ অন্যান্য খণ্ডৰ ভিতৰত ছাত্ৰাবাস, শৈক্ষিক ভৱন, দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, সাংস্কৃতিক কেন্দ্ৰ আৰু অনাথ আশ্ৰম নিৰ্মাণকে ধৰি 77 টা এইচ আই চি ডি পিক পুঁজি যোগান ধৰিছে আৰু আৰু 16 টা এইচ আই চি ডি পি কাৰ্যকৰী কৰা হৈছে । এই 93 টা প্ৰকল্পত বিনিয়োগৰ পৰিমাণ হৈছে 50 নিযুত ডলাৰৰো অধিক ।

আনহাতে, বহিষ্কাৰ কৰাৰ পূৰ্বে তদানীন্তন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই চলিত বৰ্ষৰ জুন মাহত দ্বিপাক্ষিক ভ্ৰমণলৈ ভাৰতলৈ অহাৰ সময়ত সামুদ্ৰিক সহযোগিতা আৰু নীল অৰ্থনীতি, ৰে'ল সংযোগ, ডিজিটেল অংশীদাৰিত্ব আৰু এটা উপগ্ৰহ প্ৰকল্পকে ধৰি কেইবাটাও চুক্তি স্বাক্ষৰিত হৈছিল । অৱশ্যে এক বৃহৎ ৰাজনৈতিক উত্থান-পতনৰ পিচত ৫ আগষ্টত হাছিনাক বহিষ্কাৰ কৰাৰ লগে লগে এই সকলো প্ৰকল্প এতিয়া অনিশ্চয়তাৰ সন্মুখীন হৈছে ।

নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক মুখ্য উপদেষ্টা হিচাপে লৈ ৮ আগষ্টত ঢাকাত এখন নতুন অন্তৱৰ্তীকালীন চৰকাৰে ক্ষমতা গ্ৰহণ কৰে । যদিও ইউনুছ ভাৰতৰ প্ৰশংসক, কিন্তু এই সকলো প্ৰকল্পৰ ভৱিষ্যত এতিয়াও দোদুল্যমান অৱস্থাত আছে ।

শ্বিলংস্থিত থিংক টেংক এছিয়ান কনফ্লুয়েন্সৰ ফেলো কে য়হোমে জনোৱা অনুসৰি, হাছিনাৰ সময়ত ভাৰত আৰু বাংলাদেশে আন্তঃগাঁথনি আৰু সংযোগ প্ৰকল্পকে ধৰি কেইবাটাও প্ৰকল্প আৰম্ভ কৰিবলৈ সক্ষম হৈছিল, যিবোৰ পাৰস্পৰিকভাৱে লাভজনক । অৱশ্যে তাত হোৱা ৰাজনৈতিক উন্নয়নে বিভিন্ন প্ৰকল্পৰ প্ৰগতি প্ৰভাৱিত কৰিছে ।

য়হোমে ইটিভি ভাৰতক কয়, "ভাৰত চিন্তিত হ'বলগাৰ কাৰণ হৈছে এই প্ৰকল্পবোৰত যথেষ্ট ধন প্ৰয়োগ কৰা হৈছে । এই প্ৰকল্পবোৰত ভাৰতৰ দ্বাৰা যথেষ্ট পুঁজি যোগান ধৰা হয় আৰু এক সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব ।" তেওঁ কয়, "আনটো দিশ হ'ল নতুন শাসন ব্যৱস্থাই চলিত প্ৰকল্পসমূহৰ ওপৰত কিমান গুৰুত্ব দিব । যদি তেওঁলোকে এই প্ৰকল্পবোৰ কোনো না কোনো কাৰণত পলম কৰে, তেন্তে সেইবোৰৰ প্ৰগতি প্ৰভাৱিত হ'ব ।"

য়হোমে কয় যে বাংলাদেশত বৰ্তমানৰ অনিশ্চয়তা অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰতে এতিয়াও তাত নতুন ৰাজনৈতিক দৃশ্যপট বুজিবলৈ চেষ্টা কৰি আছে ।তেওঁ কয়, "সংযোগ আৰু সীমান্তপাৰ আন্তঃগাঁথনি প্ৰকল্পৰ ক্ষেত্ৰতো ভাৰতৰ উদ্বেগ কৌশলগত । নতুন শাসনে আভ্যন্তৰীণ বাধ্যবাধকতাৰ বাবে আন বাহ্যিক পক্ষবোৰক নিশ্চিতভাৱে লক্ষ্য কৰিব ।"

এই ক্ষেত্ৰত এটা ঘটনা হৈছে বাংলাদেশৰ ভিতৰত তিস্তা পানী ব্যৱস্থাপনা প্ৰকল্প । বাংলাদেশৰ জল উন্নয়ন বোৰ্ড আৰু চীনৰ শক্তি নিগমে বাংলাদেশৰ পানী খণ্ডৰ প্ৰকল্পসমূহত সহযোগিতা ৰক্ষাৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । তিস্তা নদীৰ ওপৰত সম্ভাৱনা সন্দৰ্ভত এক অধ্যয়ন কৰা হৈছিল । ইয়াৰ পিচত চীনা শক্তি নিগমে তিস্তা নদী ব্যাপক ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰ প্ৰকল্প (TRCMRP) প্ৰতিবেদন দাখিল কৰিছিল । এই প্ৰতিবেদনখন পৰৱৰ্তী সময়ত 2019 চনৰ 30 মে' তাৰিখে অনুমোদিত হৈছিল ।

লগতে পঢ়ক :বাংলাদেশ সংকট: আঞ্চলিক সাম্প্ৰদায়িক শান্তিৰ বাবে প্ৰত্যাহ্বান - Bangladesh Crisis

অৱশ্যে নতুন দিল্লীৰ বাবে এইটো চিন্তাৰ বিষয় আছিল । কিয়নো চীনে ভাৰতৰ নিকটতম চুবুৰীয়া অঞ্চলটোত নিজৰ প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছিল । অৱশেষত হাছিনাই নতুন দিল্লীৰ উদ্বেগ আৰু ভাৰতক বাংলাদেশৰ নিকটতম চুবুৰীয়া বুলি বিবেচনা কৰি প্ৰকল্পটো ভাৰতক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লয় । দৰাচলতে বাংলাদেশত ৰাজনৈতিক উত্থান-পতন সংঘটিত হোৱাৰ সময়ত ভাৰতে প্ৰকল্পটোৰ ওপৰত অধ্যয়ন কৰিবলৈ এটা কাৰিকৰী দল প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছিল ।

ইয়াৰ উপৰি ভাৰত আৰু বাংলাদেশৰ মাজত এক দীঘলীয়া সীমান্ত আছে আৰু সীমান্তপাৰ অপৰাধ আৰু নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়ৰ দৰে সমস্যা আছে । য়হোমে কয় যে প্ৰকল্পসমূহ স্থগিত ৰখাৰ ফলত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থও প্ৰভাৱিত হ'ব, যেনে সাগৰৰ সৈতে সংযোগ ।

উল্লেখ কৰিবলগীয়া কথাটো হৈছে যে এই বছৰৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিপুৰাৰ চাব্ৰুম ভূমি বন্দৰ উদ্বোধন কৰিছিল । চাব্ৰুম ভূমি বন্দৰ মুকলি হোৱাৰ লগে লগে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলে বাংলাদেশৰ চিটাগং বন্দৰলৈ পোনপটীয়া প্ৰৱেশাধিকাৰ লাভ কৰিব, যিটো ১,৭০০ কিলোমিটাৰ দূৰৈত থকা কলকাতা/হালদিয়া বন্দৰৰ তুলনাত মাত্ৰ ৭৫ কিলোমিটাৰ দূৰৈত আছে । চিটাগং বন্দৰৰ জৰিয়তে উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মাজত বংগোপ সাগৰৰ মাজেৰে সামুদ্ৰিক সংযোগ স্থাপন কৰা হ'ব ।

ইয়াৰ লগে লগে ত্ৰিপুৰা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হৈ পৰিব । নতুন স্থল বন্দৰটো বাংলাদেশৰ মাটাৰবাৰী গভীৰ সাগৰবন্দৰৰ সৈতেও সংযোগ স্থাপন কৰিব, যিটো জাপানী সাহায্যত নিৰ্মাণাধীন । ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপৰি এই স্থল বন্দৰটো মুকলি হোৱাৰ লগে লগে ভূটান আৰু নেপালৰ দৰে অঞ্চলটোৰ অন্যান্য স্থলবেষ্টিত দেশসমূহে এতিয়া বংগোপ সাগৰত প্ৰৱেশ কৰিব ।

য়োমে ব্যাখ্যা কৰে যে যদিও মুখ্য উপদেষ্টা ইউনুছে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত ভাৰতৰ পক্ষলৈ গৈছে, কিন্তু ঘৰুৱা বাধ্যবাধকতাও আছে । তেওঁ কয়, "ঘৰুৱা গোটসমূহক সন্তুষ্ট কৰিবলৈ নতুন অন্তৱৰ্তীকালীন চৰকাৰে এই প্ৰকল্পসমূহৰ অগ্ৰগতি হ্ৰাস কৰিব লাগিব পাৰে । যেতিয়া ৰাজনৈতিক বাধ্যবাধকতাৰ বাবে প্ৰকল্পবোৰ স্থগিত হৈ পৰে, তাৰ পিচত পুনৰ আৰম্ভ কৰাটো কঠিন হৈ পৰে ।"

অৱশ্যে ঘটনাটো হ'ল যে বাংলাদেশত কেৱল এখন অন্তৱৰ্তীকালীন চৰকাৰহে শাসনত আছে । এই ক্ষেত্ৰত আশা কি কৰিব পাৰি ? "নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব । যেতিয়া এখন নতুন নিৰ্বাচিত চৰকাৰে ক্ষমতা দখল কৰিব তেতিয়াহে আমি লক্ষ্য কৰিব পাৰিম যে ভাৰতৰ সৈতে ইয়াৰ কেনে ধৰণৰ সম্পৰ্ক থাকিব ।" য়হোমে কয় । এই সকলোবোৰৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে ভাৰতৰ বাবে একমাত্ৰ বিকল্প হৈছে অপেক্ষা কৰা আৰু লক্ষ্য কৰা ।

লগতে পঢ়ক :ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ মাজত পুনৰ প্ৰাসংগিক হৈ উঠিছে ভাৰত-বাংলাদেশ নদী সমস্যা - India Bangladesh River Water Issue
লগতে পঢ়ক :বাংলাদেশ মুক্তি যুদ্ধক সন্মান জনোৱা ভাৰতৰ স্মৃতিসৌধ বিপদত - Bangladesh Crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.