ETV Bharat / lifestyle

সূৰ্যৰ ৰাশি পৰিৱৰ্তন: বহু উত্থান-পতন হ’ব এই ৰাশিৰ জীৱনত...জানি লওক পৰিত্ৰাণৰ উপায়

১৭ অক্টোবৰত সূৰ্যই কৰিব ৰাশি পৰিৱৰ্তন । ইয়াৰ ফলত বহুকেইটা ৰাশিৰ জীৱনত আহিব বিভিন্ন উত্থান-পতন, ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় জানি লওক-

author img

By ETV Bharat Lifestyle Team

Published : Oct 15, 2024, 4:36 PM IST

Sun transit in Libra on 17th October 2024
সূৰ্যৰ ৰাশি পৰিৱৰ্তন: বহু উত্থান-পতন হ’ব এই ৰাশিৰ জীৱনত...জানি লওক পৰিত্ৰাণৰ উপায় (ETV Bharat)

সূৰ্যই প্ৰতিমাহে ৰাশি সলনি কৰে ৷ সূৰ্যৰ ৰাশিৰ পৰিৱৰ্তনৰ বাবে সকলো ৰাশিৰ জীৱনত ভাল-বেয়া পৰিৱৰ্তন দেখা যায় ৷ অক্টোবৰ মাহতো সূৰ্যই নিজৰ ৰাশি সলনি কৰি তুলা ৰাশিত প্ৰৱেশ কৰিব ৷ সূৰ্য্যৰ এই ৰাশি পৰিৱৰ্তন ২০২৪ চনৰ ১৭ অক্টোবৰত হ’বলৈ গৈ আছে ৷ সূৰ্যৰ এই অৱস্থান জ্যোতিষ শাস্ত্ৰত শুভ বুলি গণ্য কৰা নহয়, নিম্ন ৰাশিত বহি সূৰ্যই বহু ৰাশিৰ জীৱনত উত্থান-পতন আনিব পাৰে ৷ আহক আমি জানো কোনবোৰ ৰাশিৰ বাবে সূৰ্যৰ এই ৰাশি পৰিৱৰ্তন প্ৰত্যাহ্বানজনক হ’ব আৰু কোনবোৰ উপায়ৰ দ্বাৰা এই সমস্যাবোৰৰ পৰা হাত সাৰিব পাৰি-

মেষ ৰাশি

সূৰ্য্য গ্ৰহ আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত থাকিব ৷ এই ঘৰটো অংশীদাৰিত্ব আৰু বিবাহৰ বুলি কোৱা হয় ৷ সূৰ্যৰ ৰাশি পৰিৱৰ্তনৰ পিচত আপোনাৰ বৈবাহিক জীৱনত উত্থান-পতন হ’ব পাৰে ৷ সৰু সৰু কথাবোৰক লৈ আপোনাক খঙাল দেখা যাব, তৃতীয় ব্যক্তিৰ বাবেও আপোনাৰ জীৱনত ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে ৷ গতিকে বৈবাহিক জীৱনৰ প্ৰতি অলপ সাৱধান হওক ৷ যিসকল লোকে অংশীদাৰিত্বৰে ব্যৱসায় কৰি আছে তেওঁলোকে নিজৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব ৷ সামাজিক পৰ্যায়ত ভুল বক্তব্য দিয়াৰ ফলত মানহানি হ’ব পাৰে ৷ সমাধান হিচাপে এই সময়ছোৱাত সূৰ্যক জল আগবঢ়াওক ৷

কৰ্কট ৰাশি

এই ৰাশিৰ লোকসকলে পাৰিবাৰিক জীৱনত ভাৰসাম্য বজাই ৰাখিব লাগিব ৷ এই সময়ছোৱাত পিতৃ-মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ মাটি আৰু অট্টালিকাৰ সৈতে জড়িত যিকোনো সমস্যাই আপোনাক অশান্তি দিব পাৰে ৷ পৰামৰ্শ নোলোৱাকৈ কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব ৷ এই সময়ছোৱাত কিছুমান লোকে পেটৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ আৰ্থিক দিশ সন্দৰ্ভতো আপুনি সাৱধান হ’ব লাগিব, এই সময়ছোৱাত আপুনি বিনিয়োগ কৰাৰ আগতে চিন্তা কৰিব লাগিব ৷ ইয়াৰ সমাধান হিচাপে কৰ্কট ৰাশিৰ লোকে ভগৱান শিৱক পূজা কৰাটো উচিত ৷

সিংহ ৰাশি

সূৰ্য আপোনাৰ ৰাশিৰ প্ৰভু আৰু তুলা ৰাশিত প্ৰৱেশৰ সময়ত আপোনাৰ তৃতীয় স্থানত থাকিব ৷ তুলা ৰাশিত সূৰ্যৰ অৱস্থান দুৰ্বল হ’ব, সেয়েহে এই সময়ছোৱাত আপুনিও কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ আপুনি আপোনাৰ আত্মবিশ্বাস হেৰুওৱাব পাৰে ৷ খৰখেদাকৈ ভুল সিদ্ধান্ত ল’ব পাৰে ৷ এই সময়ছোৱাত সৰু ভাই-ভনীৰ লগতো কাজিয়াৰ সম্ভাৱনা দেখা গৈছে ৷ টকা সম্পৰ্কীয় বিষয়বোৰেও আপোনাক আমনি কৰিব পাৰে ৷ এই সময়ছোৱাত যোগাসন আৰু ধ্যান কৰিলে উপকৃত হ’ব পাৰে ৷ যিমানেই মনোনিৱেশ আৰু কাম কৰিব সিমানেই আপোনাৰ বাবে ভাল হ’ব ৷ ইয়াৰ সমাধান হিচাপে পুৱা আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰাটো উচিত ৷

বৃশ্চিক ৰাশি

সূৰ্যই আপোনাৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিব ৷ এই পৰিৱৰ্তনৰ পিচত আপোনাৰ খৰচ বৃদ্ধি হ’ব পাৰে ৷ কেতিয়াবা অপ্ৰয়োজনীয় কামত খৰচ কৰিবলগীয়া হ’ব পাৰে ৷ শিশুৰ স্বাস্থ্য চিন্তাৰ বিষয় হৈ পৰিব পাৰে ৷ এই সময়ছোৱাত বৃশ্চিক ৰাশিৰ কিছুমান লোক নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হ’ব পাৰে ৷ যিকোনো কামৰ প্ৰতি অসাৱধানতা আপোনাৰ বাবে বিপদজনক প্ৰমাণিত হ’ব পাৰে ৷ সমাধান হিচাপে এই সময়ত হনুমান চলিছা পাঠ কৰা উচিত ৷

মকৰ ৰাশি

গ্ৰহৰ ৰজা সূৰ্যই নিজৰ নিম্নতম ৰাশিত কৰা স্থান পৰিৱৰ্তনৰ সময়ত আপোনাৰ দশম স্থানত থাকিব । ইয়াৰ বাবেই আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । আপোনাৰ কাম নষ্ট হ’ব পাৰে । কৰ্মক্ষেত্ৰত আপোনাৰ চিনিয়ৰসকলে আপোনাৰ কামৰ ওপৰত চকু ৰাখিব আৰু সৰু ভুল এটাও আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । এই সময়ছোৱাত প্ৰতিটো কাম অতি সাৱধানে কৰিব লাগে । সমাধান হিচাপে সূৰ্য গ্ৰহৰ বীজ মন্ত্ৰ জপ কৰক ।

লগতে পঢ়ক: বুধ গ্ৰহৰ সিংহ ৰাশিৰ পৰা কৰ্কট ৰাশিত প্ৰৱেশ: কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত - Grah Gochar 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.