অৱশেষত ছবিগৃহত মুক্তি পালে আল্লু অৰ্জুনৰ বহু প্ৰত্যাশিত ছবি ‘পুষ্পা ২: দ্য ৰুল’ আৰু ইয়াক লৈ অনুৰাগীৰ মাজত খুবেই উৎসাহ দেখিবলৈ পোৱা গৈছে ৷ ছবিখন মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়া আৰু চিনেমাগৃহত স্পষ্টকৈ দেখা যায় ছবিখনৰ সফলতা ৷ কিন্তু চিনেমাখন মুক্তি লাভ কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিচতে চিনেমাখনৰ পাইৰেটেড সংস্কৰণ অবৈধ প্লেটফৰ্মত উপলব্ধ হৈ গৈছিল ৷ ইয়াৰ পিচত বহু লোকে ৰাতি টোপনি ক্ষতি কৰি এই ছবিখন উপভোগ কৰে ৷ কেৱল পুষ্পা ২ৰ বাবেই নহয়, বৰ্তমান বহুলোকেই ম’বাইল ফোনৰ প্ৰতি অভ্যস্ত হৈ গোটেই ৰাতি ম’বাইল ফোন ব্যৱহাৰ কৰে বা ফোনত চিনেমা চায়, যাৰ ফলত স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে ৷
গভীৰ নিশালৈকে ম’বাইল ফোনত চিনেমা চোৱাৰ অভ্যাস বা অবিৰতভাৱে ফোন ব্যৱহাৰ কৰাৰ অভ্যাসে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিব পাৰে ৷ সেয়ে আজি ম’বাইল ফোন অত্যধিক ব্যৱহাৰৰ ফলত হোৱা ৫টা ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে জানো আহক-
১) চকুৰ ক্লান্তি আৰু দৃষ্টিশক্তিৰ ওপৰত প্ৰভাৱ
ম’বাইলৰ স্ক্ৰীণৰ পৰা নীলা পোহৰ চকুৰ বাবে অতি বিপদজনক ৷ ৰাতি আন্ধাৰত ফোনটো চালে চকুৰ বিষ, ভাগৰুৱা আৰু দৃষ্টিশক্তিৰ সমস্যা হ’ব পাৰে ৷ এই অভ্যাসে দীৰ্ঘকালীনভাৱে চকুৰ দৃষ্টিশক্তি হ্ৰাস কৰিব পাৰে ৷
২) টোপনিৰ গুণাগুণৰ ওপৰত প্ৰভাৱ
ৰাতিটোৰ ভিতৰতে চিনেমা বা ভিডিঅ’ চোৱাটোৱে টোপনিৰ ধৰণত গভীৰ প্ৰভাৱ পেলায় ৷ ম’বাইলৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে মেলাটনিন হৰম’নৰ উৎপাদনত প্ৰভাৱ পেলায়, যাৰ ফলত আমি গভীৰ আৰু শান্তিপূৰ্ণ নিদ্ৰা গ্ৰহণ কৰিব পাৰো ৷
৩) মানসিক চাপ আৰু উদ্বেগ
ঘণ্টাৰ পিচত ঘণ্টা ধৰি ম’বাইল ফোনত কটোৱাটোৱে মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি কৰিব পাৰে ৷ ই আপোনাৰ মেজাজ নষ্ট কৰি মনটোক ক্লান্তিৰ অৱস্থালৈ লৈ যায় ৷
৪) মেৰুদণ্ড আৰু ডিঙিৰ সমস্যা
বহু সময় বেঁকা হৈ থাকি ম’বাইলটোলৈ চালে ডিঙি আৰু মেৰুদণ্ডত অধিক চাপ পৰে ৷ ইয়াক ‘টেক-নেক’ সমস্যা বুলি কোৱা হয়, যাৰ ফলত বিষ আৰু পেশীৰ টান মাৰি ধৰাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
৫) ডিজিটেল আসক্তি আৰু সামাজিক দূৰত্ব
ম’বাইল ফোনত অত্যধিক নিৰ্ভৰশীলতা ফলত আপোনাৰ ডিজিটেল আসক্তিৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াৰ দ্বাৰা আপোনাৰ সামাজিক আৰু ব্যক্তিগত সম্পৰ্কতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে ৷
ইয়াৰ সমাধান কি ?
- শুবলৈ যোৱাৰ কমেও ১ ঘণ্টা পূৰ্বে ম’বাইল ব্যৱহাৰ বন্ধ কৰক ৷
- ম’বাইল চোৱাৰ সময় সীমিত কৰক ৷
- বল্ু লাইট ফিল্টাৰৰ ব্যৱহাৰ কৰক ৷
- দিনত চকুক জিৰণি ল’বলৈ নিয়মিত বিৰতি লওক ৷