ETV Bharat / lifestyle

ঠাণ্ডাৰ বতৰত এই লাডু খোৱাৰ আছে অনেক উপকাৰিতা...জানি লওক ৰেচিপি

শীতকালত খাবলৈ অতি সুস্বাদু বাদামেৰে তৈয়াৰ কৰিব পৰা লাডুৰ এই সহজ ৰেচিপি আপুনিও এবাৰ ঘৰত কৰক ট্ৰাই-

Peanut Ladoo Recipe: You must try this simple and easy way to make this delicious treat!
ঠাণ্ডাৰ বতৰত এই লাডু খোৱাৰ আছে অনেক উপকাৰিতা...জানি লওক ৰেচিপি (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : 5 hours ago

শীতকাল অহাৰ লগে লগে আমি বিভিন্ন ৰোগৰ সন্মুখীন হ’বলগীয়া হয় ৷ যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেওঁলোকে প্ৰায়ে জ্বৰ আৰু চৰ্দিৰ সৈতে যুঁজিবলগীয়া হয় ৷ শীতকালত বিভিন্ন ৰোগৰ পৰা আঁতৰি থাকিবলৈ খাদ্যৰ পৰিৱৰ্তন কৰাটো অতি প্ৰয়োজনীয় ৷ এই বতৰত বহুতো শাক-পাচলি আৰু ফল-মূলো পোৱা যায় ৷ এই ফল-মূলে শৰীৰক বিভিন্ন ৰোগৰ পৰা আঁতৰাই ৰখাৰ শৰীৰক শক্তিশালী কৰি ৰখাত সহায় কৰে ৷

তাৰে ভিতৰত এবিধ প্ৰধান খাদ্য হৈছে বাদাম ৷ হয়, শীতকালত বাদাম খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী ৷ বাদামে কেৱল আমাৰ শৰীৰক শক্তি প্ৰদান কৰাই নহয় বৰঞ্চ প্ৰচণ্ড ঠাণ্ডাৰ পৰাও ৰক্ষা কৰে ৷ ভিটামিন, খনিজ পদাৰ্থ, প্ৰ’টিন, আঁহকে ধৰি বহুতো পুষ্টিকৰ উপাদান ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায় ৷

সেয়ে আজি আমি আপোনালোকৰ বাবে বাদামেৰে সহজে তৈয়াৰ কৰিব পৰা লাডুৰ এনে এটি ৰেচিপি যি কেৱল আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰাই নহয় আপোনাৰ শৰীৰক সুস্থ কৰি ৰখাটো সহায় কৰিব ৷

কিমান গৰাকী লোকৰ বাবে: ৪

সামগ্ৰী:

  • গুড় – ১/২ কাপ
  • বাদাম – ১ কাপ
  • ঘিউ - ২ চামুচ
  • নাৰিকল – ১/২ কাপ (গ্ৰেটেড)
  • ইলাচিৰ গুড়ি

পদ্ধতি :

  • বাদামৰ লাডু বনাবলৈ প্ৰথমে বাদামখিনি মধ্যমীয়া জুইত ৰোষ্ট কৰি লওক ৷ অৰ্থাৎ শুকানকৈ ভালদৰে ভাজি লওক ৷ মনত ৰাখিব যে বাদামবোৰ ভিতৰৰ পৰা যাতে কেঁচা নহয় ৷ ইয়াৰ পিচত বাদামৰ বাকলিখিনি আঁতৰাই লওক ৷
  • এতিয়া ভজা বাদামখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি মোটাকৈ পিচি লওক ৷ মনত ৰাখিব যে ইয়াক পাউদাৰ কৰিব নালাগে, মাত্ৰ মিহিকৈ পিচি লওক ৷
  • ইয়াৰ পিচত কেৰাহীত ঘিউ অলপ গৰম হ’বলৈ দিয়ক ৷ ইয়াৰ পিচত ইয়াত গুড় দি কম জুইত গলাই লওক ৷ গুড় সম্পূৰ্ণকৈ গলিলে গেছৰ পৰা আঁতৰাই লওক ৷
  • এতিয়া গলি যোৱা কুহুমীয়া গুৰত ইলাচি গুড়ি, পিহি লোৱা বাদামৰ গুড়ি আৰু নাৰিকল দি ভালদৰে মিহলাই লওক ৷
  • এতিয়া সৰু সৰু লাডু তৈয়াৰ কৰক ৷ আপুনি নিজৰ পছন্দ অনুসৰি লাডুৰ আকৃতি দিব পাৰে ৷
  • লাডু ঠাণ্ডা হোৱাৰ পিচত পৰিবেশন কৰক ৷ এই লাডুবোৰ বায়ু সোমাব নোৱাৰা পাত্ৰত এসপ্তাহৰ বাবে ৰাখিব পাৰে ৷

https://pmc.ncbi.nlm.nih.gov/articles/PMC4711439/

লগতে পঢ়ক: শৰীৰৰ সকলো বিষ হ’ব দূৰ...নিতৌ পুৱা খাওক এই লাৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.