ETV Bharat / lifestyle

চাহপাত অবিহনে তৈয়াৰ কৰক এই পানীয়...স্বাস্থ্য উপকাৰিতা জানি হৈ পৰিব আচৰিত - Best Tea For Good Health

author img

By lifestyle

Published : 2 hours ago

Best Tea For Good Health: শৰীৰত যিমানেই ভাগৰ বা ক্লান্তি নহওক কিয় একাপ চাহে আমাক তৎক্ষণাৎ সকাহ প্ৰদান কৰে ৷ কিন্তু সমস্যাটো হ’ল যে বহুবাৰ গাখীৰ দিয়া চাহে আমাৰ স্বাস্থ্য়ৰ ক্ষতিসাধন কৰে ৷ সেয়ে ইয়াৰ বিকল্প অনুসৰি আপুনি এইকেইবিধ স্বাস্থ্যৰ বাবে উপযুক্ত আৰু অতি সহজতে তৈয়াৰ কৰিব পৰা এইকেইবিধ পানীয় এবাৰ ট্ৰাই কৰি চাব পাৰে-

Make tea without tea leaves, get more health benefits
চাহপাত অবিহনে তৈয়াৰ কৰক এই চাহ...স্বাস্থ্য উপকাৰিতা জানি হৈ পৰিব আচৰিত (ETV Bharat)

অসমীয়া সমাজত চাহৰ বিশেষ গুৰুত্ব আছে ৷ চাহৰ উপকাৰিতাৰ কথা বহুতে হয়টো নাজানে ৷ চাহৰ বহু স্বাস্থ্যৰ উপকাৰিতা গুণ আছে ৷ বিভিন্ন প্ৰকাৰৰ চাহে পেট ফুলা, বদহজমৰ পৰা আৰম্ভ কৰি ওজন হ্ৰাস কৰা লৈকে বহুতো সমস্যা সমাধান কৰে ৷ চাহপাতৰ উপৰি এনে কিছুমান চাহ খাব পাৰো, য’ত অধিক স্বাস্থ্য উপকাৰিতা আছে ৷

পদিনা পানীয় – পদিনা পাত বদহজমৰ বাবে অধিক উপকাৰী ৷ এই পাতৰ পৰাও ঔষধ তৈয়াৰ কৰা হয় ৷ কিন্তু আপুনি জানেনে যে, এই পাতেৰে পানীয় বনোৱাটোও সম্ভৱ ৷ পদিনা পাতৰ পানীয় বদহজম, মুখৰ দুৰ্গন্ধ, মানসিক ভাগৰ ৰোধ কৰাত অতি ফলপ্ৰসূ ৷ গৱেষণাৰ পৰা দেখা গৈছে যে এই পানীয়ই মানসিক সংযোগ বৃদ্ধিতো সহায় কৰে ৷ সতেজ পদিনা পাত গৰম পানীত উতলাই কিছু সময় ঢাকি ৰাখিব ৷ ইচ্ছা কৰিলে পদিনা পাতৰ গুড়ি মিহলাই দিব পাৰে ৷

লং পানীয় – হজম শক্তি উন্নত কৰিবলৈ লং অতি উপকাৰী ৷ লঙত থকা পদাৰ্থই পাচন এনজাইম নিৰ্গত কৰাত সহায় কৰে ৷ ইয়াত থকা ইউজেনলে পাচনতন্ত্ৰৰ প্ৰদাহ কমোৱাতো সহায় কৰে ৷ ফলত হজম শক্তি বৃদ্ধি পায় ৷ লঙে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণতো সহায় কৰে ৷ লং গৰম পানীত উতলাই লওক ৷ ইচ্ছা কৰিলে আদা দিব পাৰে ৷

জিৰা পানীয় – জিৰাই খাদ্য হজম হোৱাৰ ক্ষেত্ৰত সহায় কৰে বুলি জনা যায় ৷ ইয়াত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে ৷ পেট, গেছ, বদহজম দূৰ কৰাত জিৰা অতি উপযোগী ৷ ইয়াৰ উপৰিও ভাল টোপনি অহাৰ ক্ষেত্ৰটো সহায় কৰে ৷ গৰম পানীত জিৰা উতলাই চেকি খালে পেটৰ সমস্যাৰ বাবে উপকাৰী ৷

https://www.healthline.com/nutrition/peppermint-tea#:~:text=Peppermint%20may%20relieve%20digestive%20symptoms,in%20your%20gut%20(%203%20).

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC3819475/

https://www.ijmrhs.com/medical-research/a-comprehensive-review-of-cumin-is-a-natural-remedy-for-health-and-wellness.pdf

লগতে পঢ়ক: গৰম চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি ? তেন্তে ইয়াৰ ক্ষতিকাৰক দিশসমূহো এবাৰ জানি লওক - Tea and Cigarette Side Effects
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.