ETV Bharat / lifestyle

প্ৰতি শুকুৰবাৰে কৰক এই ৫টা কাম আৰু লাভ কৰক মা লক্ষ্মীৰ কৃপা - FRIDAY RITUALS

আপোনাৰ জীৱনত ধনৰ অভাৱ দূৰ কৰি সমৃদ্ধি লাভ কৰিবলৈ বিচাৰে নেকি ? তেন্তে প্ৰতি শুক্ৰবাৰে তলত উল্লেখ কৰা পাঁচটা কাম কৰিব পাৰে-

Do these 5 things every Friday and get the blessings of Maa Lakshmi
প্ৰতি শুক্ৰবাৰে কৰক এই ৫টা কাম আৰু লাভ কৰক মা লক্ষ্মীৰ কৃপা (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 7, 2024, 4:06 PM IST

সনাতন ধৰ্মত সপ্তাহৰ পঞ্চম অৰ্থাৎ শুক্ৰবাৰৰ দিনটো দেৱী লক্ষ্মীক উৎসৰ্গা কৰা হয় ৷ সম্পদ আৰু সমৃদ্ধিৰ দেৱী মা লক্ষ্মীৰ উপাসনাৰ বাবে শুক্ৰবাৰটো বিশেষভাৱে গুৰুত্বপূৰ্ণ ৷ এই দিনটোত ভক্তই উপাসনা কৰিলে দেৱী লক্ষ্মীৰ বিশেষ আৰ্শীবাদ লাভ কৰিব পাৰে ৷ আপুনিও যদি আপোনাৰ জীৱনত ধনৰ অভাৱ দূৰ কৰি সমৃদ্ধি লাভ কৰিবলৈ বিচাৰে, তেন্তে প্ৰতি শুক্ৰবাৰে তলত উল্লেখ কৰা পাঁচটা কাম কৰিব পাৰে-

মা লক্ষ্মীৰ উপাসনা

প্ৰতি শুক্ৰবাৰে পুৱা সোনকালে উঠি দেৱী লক্ষ্মীৰ উপাসনা কৰিব ৷পুৱা ঘৰৰ উপাসনা স্থান পৰিস্কাৰ কৰি তাত চাকি আৰু ধূপ কাঠি জ্বলাব ৷ দেৱী লক্ষ্মীৰ ফটো বা মূৰ্তিৰ সন্মুখত বগা ফুল, চাউল আৰু গাখীৰ আগবঢ়াব ৷

গৰুক পিঠা খুৱাব

শুক্ৰবাৰে গৰুক পিঠা খুৱাইও আপুনি মা লক্ষ্মীৰ আৰ্শীবাদ লাভ কৰিব পাৰে ৷ এই দিনটোত গৰুক পিঠা খুওৱাৰ ফলত সম্পদ আৰু বিত্তীয় স্থিৰতাৰ সম্ভাৱনা বৃদ্ধি হয় ৷বিশ্বাস অনুসৰি, এনে কৰিলে ঘৰখনত লক্ষ্মীয়ে বাস কৰে ৷ যাৰ ফলত আপুনি আৰ্থিক সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে ৷

পৰিস্কাৰ-পৰিচ্ছন্নতা

শুক্ৰবাৰে ঘৰটো পৰিস্কাৰ কৰা তথা সজোৱাৰ প্ৰতি বিশেষ মনোযোগ দিব ৷ ঘৰখন লেতেৰা আৰু বিশৃংখলতা হৈ থাকিলে মা লক্ষ্মীৰ আৰ্শীবাদ প্ৰাপ্তত বাধা হয় ৷ ঘৰটো পৰিস্কাৰ আৰু পৰিপাটি কৰি ৰাখি আপুনি ইতিবাচক শক্তি আমন্ত্ৰণ কৰিব পাৰে আৰু সম্পদৰ আগমনৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷

দৰিদ্ৰ লোকক কৰক সহায়

শুক্ৰবাৰে দৰিদ্ৰ ব্যক্তিক খাদ্য, কাপোৰ বা ধন দান কৰিব ৷ বিশ্বাস মতে, এই দিনটোত দান কৰিলে লক্ষ্মীৰ কৃপা প্ৰাপ্ত হয় ৷ দানে আপোনাৰ জীৱনত সম্পদ আৰু সমৃদ্ধি বৃদ্ধি কৰিব পাৰে ৷

'শ্ৰী সুক্ত' আবৃত্তি কৰক

দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ শুক্ৰবাৰে 'শ্ৰী সুক্ত' আবৃত্তি কৰক ৷ 'শ্ৰী সুক্ত' হৈছে এক গুৰুত্বপূৰ্ণ ধৰ্মীয় শাস্ত্ৰ, যাক সম্পদ, সমৃদ্ধি আৰু সুখ প্ৰাপ্তিৰ বাবে পঢ়া হয় ৷শ্ৰদ্ধা আৰু ভক্তিৰে 'শ্ৰী সুক্ত' পাঠ কৰিলে জীৱনত ধনৰ অভাৱ দূৰ কৰিব পাৰি ৷

প্ৰতি শুক্ৰবাৰে এই সৰল প্ৰতিকাৰবোৰ গ্ৰহণ কৰি আপুনি আপোনাৰ জীৱনত সম্পদ আৰু সমৃদ্ধি প্ৰাপ্ত কৰিব পাৰে ৷

লগতে পঢ়ক: জীৱনত ধনৰ অভাৱ দূৰ কৰিব বিচাৰে নেকি ? আজি লক্ষ্মী পূজাৰ দিনা কৰক এই কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.