ETV Bharat / lifestyle

অৰ্জুন কাপুৰ আক্ৰান্ত হোৱা Hashimoto's Thyroiditisৰ বিষয়ে শুনিছেনে কেতিয়াবা ? - AUTOIMMUNE DISORDER

শেহতীয়াকৈ বলীউডৰ অভিনেতা অৰ্জুন কাপুৰে হাছিমোটো থাইৰয়ডাইটিছ নামৰ এটি গুৰুতৰ ৰোগৰ বিষয়ে উল্লেখ কৰে । এই ৰোগৰ বিষয়ে তথা এই ৰোগৰ চিকিৎসা কি জানি লওক-

Arjun Kapoor opens up his struggle with a serious autoimmune disorder Hashimoto's thyroiditis
অৰ্জুন কাপুৰ আক্ৰান্ত হোৱা Hashimoto's Thyroiditisৰ বিষয়ে শুনিছেনে কেতিয়াবা ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Nov 8, 2024, 4:06 PM IST

শেহতীয়াকৈ বলীউডৰ অভিনেতা অৰ্জুন কাপুৰে হাছিমোটো থাইৰয়ডাইটিছ (Hashimoto's Thyroiditis) নামৰ গুৰুতৰ অটোইম্যুন ৰোগৰ বিষয়ে প্ৰকাশ কৰিছে ৷ সিংহাম এগেইন, হাফ গাৰ্লফ্ৰেণ্ড আৰু এক ভিলেইনৰ দৰে ছবিৰ বাবে পৰিচিত অৰ্জুনে এক সাক্ষাৎকাৰত কয় যে, এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াটো কিমান প্ৰত্যাহ্বানজনক আৰু ই তেওঁৰ স্বাস্থ্য আৰু জীৱনশৈলীত কেনেদৰে প্ৰভাৱ পেলাইছে ৷

সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি অৰ্জুন কাপুৰে কয় যে, হাছিমোটো থাইৰয়ডাইটিছ হৈছে এনে এক ৰোগ, য’ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ভুলকৈ থাইৰয়ড গ্ৰন্থিত আক্ৰমণ কৰে ৷ তেওঁৰ মতে এই ৰোগৰ বাবে তেওঁৰ শৰীৰৰ ওপৰত চাপ যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলত ওজন আৰু শক্তিৰ ভাৰসাম্য ৰক্ষা কৰাটো তেওঁৰ বাবে কঠিন হৈ পৰিছে ৷

অৰ্জুনে কয় যে, এনে লাগে যেন মোৰ এন্টিব’ডিবোৰে কিবা এটা ভুল হোৱা যেন অনুভৱ কৰে আৰু লগে লগে সক্ৰিয় হৈ পৰে ৷ তেওঁৰ বাবে চলচ্চিত্ৰ অভিনেতা হোৱাৰ বাবে এই দুটা কথা অতি গুৰুত্বপূৰ্ণ, আৰু এই ৰোগৰ বাবে তেওঁ ব্যক্তিগত জীৱনত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় ৷

Hashimoto's Thyroiditis দৰাচলতে হয় কি ?

হাছিমোটো থাইৰয়ডাইটিছ হৈছে এক অটোইম্যুন ডিছঅৰ্ডাৰ য’ত ৰোগ প্ৰতিৰোধ ক্ষমতাই থাইৰয়ড গ্ৰন্থিক আক্ৰমণ কৰে ৷ থাইৰয়ড হৈছে পখিলাৰ আকৃতিৰ সৰু গ্ৰন্থি যিয়ে বিপাকীয় ক্ৰিয়া, শক্তিৰ মাত্ৰা আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে ৷ সময়ৰ লগে লগে এই গ্ৰন্থিৰ প্ৰদাহ আৰু ক্ষতিৰ ফলত ইয়াৰ কাৰ্য্যক্ষমতা লেহেমীয়া হয়, যাৰ ফলত হাইপোথাইৰয়ডিজম আৰু থাইৰয়ড হৰম’নৰ উৎপাদন কমি যায় ৷

অৰ্জুন কাপুৰে কয় যে, এই ৰোগৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও জিনীয়, পৰিৱেশ আৰু ভাইৰাছৰ সংক্ৰমণ ইয়াৰ কাৰক হ’ব পাৰে ৷

এই ৰোগৰ চিকিৎসা কি ?

হাছিমোটো থাইৰয়ডাইটিছৰ সম্পূৰ্ণ নিৰাময় নাই যদিও ইয়াৰ লক্ষণসমূহ নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷ থাইৰয়ড হৰম’নৰ অভাৱৰ দূৰ কৰিবলৈ Synthetic hormone replacement medicine গ্ৰহণ কৰা হয় ৷ এই ঔষধে শৰীৰত শক্তিৰ অভাৱ, ওজন বৃদ্ধি আৰু ঠাণ্ডাৰ প্ৰতি সংবেদনশীলতা আদি সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

https://www.niddk.nih.gov/health-information/endocrine-diseases/hashimotos-disease

লগতে পঢ়ক: কি হয় Anxiety Disorder ? যাৰ সৈতে দীৰ্ঘসময়লৈকে যুঁজিছিল অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.