ETV Bharat / international

আকাশত চলে ৰে'ল, যাত্ৰীক দিয়া হয় অক্সিজেন মাস্ক : ক’ত এই ৰে’লপথ ? - Railway Station

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 10:59 PM IST

World highest railway: উৰাজাহাজৰ দৰেই এই ৰে’লপথেৰে যোৱা ৰে’লত অক্সিজেনৰ ব্যৱস্থা কৰিবলগীয়া হয় ৷ কাৰণ ইমানেই উচ্চতাত ৰে’লপথটো আছে যে, তাত অক্সিজেন পোৱা নাযায় ৷ ক’ত আছে এই ৰে’লপথ ?

World highest railway
বিশ্বৰ সৰ্বোচ্চ ৰে’লপথ (X/@anandmahindra)

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ : ৰে’ল পৰিবহন কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এক প্ৰধান মাধ্যম হিচাবে পৰিগণিত হৈ আহিছে ৷ গতি দ্ৰুত হোৱাৰ উপৰিও ই অৰ্থনীতিৰ ফালৰ পৰাও লাভজনক । ৰে’লপথৰ এক বিশেষত্ব হ’ল ই দুৰ্গম স্থানতো উপলব্ধ ৷ বিশ্বজুৰি ৰে’লৰ আছে এক সুকীয়া ইতিহাস ৷

ৰে’ল কেৱল যে স্থলপথতেই চলে তেনে নহয়, বহু ঠাইত পানীৰ তলতো ৰে’ল চলাচল আছে ৷ কেৱল সিমানেই নহয়, বহু ঠাইত সমুদ্ৰপৃষ্ঠৰ পৰা হাজাৰ হাজাৰ মিটাৰ উচ্চতাতো ৰে’লৰ চলালচল দেখা যায় ৷ আজি আমি আপোনালোকক ক’বলৈ ওলাইছো ভূপৃষ্ঠৰ পৰা হাজাৰ হাজাৰ মিটাৰ উচ্চতাত চলা এখন ৰে’লৰ কথা ।

বিশ্বৰ সৰ্বোচ্চ ৰে’লপথ :

বিশ্বৰ সৰ্বোচ্চ ৰে’লপথ আছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনত । এই ৰে’লপথৰ নাম কিংহাই-তিব্বত ৰে’লৱে । এই ৰে’লপথটো সৰ্বোচ্চ উচ্চতাত নিৰ্মাণ কৰা হৈছে । ৰে’লপথটোৱে গোলমুণ্ডক আৰু তিব্বতৰ ৰাজধানী লাছাৰ সৈতে সংযোগ কৰিছে । এই ৰে’লপথ সমুদ্ৰপৃষ্ঠৰ পৰা ৪০০০ মিটাৰতকৈও অধিক উচ্চতাত অৱস্থিত । ৰে’লপথটো টাংগুলা পাছৰ মাজেৰে পাৰ হৈ গৈছে, যাৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৫০৭১ মিটাৰ ৷

উল্লেখ্য যে যে কিংহাই-তিব্বত ৰে’লপথে অক্সিজেন স্তৰৰো ওপৰত ৷ ফলত এৰ’প্লেনৰ দৰেই ৰে’লৰ প্ৰতিখন আসনৰ ওপৰত যাত্ৰীসকলৰ বাবে অক্সিজেনৰ ব্যৱস্থা কৰা হয় । তদুপৰি ৰে’লখনত চিকিৎসকৰ দলো উপস্থিত থাকে ।

ভাৰতৰ সৰ্বোচ্চ ষ্টেচন :

যদি আমি ভাৰতৰ কথা কওঁ, তেন্তে পশ্চিমবংগৰ দাৰ্জিলিং-হিমালয়ান ৰে’লৱে’ ষ্টেচন 'ঘুম' দেশৰ সৰ্বোচ্চ ষ্টেচন । এই ষ্টেচনটো বিশ্বৰ ১৪ নং সৰ্বোচ্চ ষ্টেচন । ঘুম ৰে’লৱে ষ্টেচন সমুদ্ৰপৃষ্ঠৰ পৰা ২২৫৮ মিটাৰ উচ্চতাত আছে । যদিও বিশ্বৰ সৰ্বোচ্চ ৰে’লৱে ষ্টেচন ভাৰতত নাই, তথাপি বিশ্বৰ সৰ্বোচ্চ তোৰণ ৰে’ল দলং আছে ভাৰতত ।

উল্লেখ্য যে বিশ্বৰ সৰ্ববৃহৎ তোৰণ ৰে’ল দলংখন আছে জম্মু-কাশ্মীৰত । এই দলংখন চেনাব নদীৰ ওপৰত নিৰ্মিত ৷ শেহতীয়াকৈ ইয়াক নিৰ্মাণ কৰা হৈছে । তথ্য অনুসৰি এই দলংখন আইফেল টাৱাৰতকৈও ৩৫ মিটাৰ ওখ ।

লগতে পঢ়ক : ভাৰতে অহা মাহত স্বাক্ষৰ কৰিবলগা ৰাষ্ট্ৰসংঘৰ উচ্চ সমুদ্ৰ চুক্তি কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.